কেৱল সৌন্দর্য্যৰ বাবেই নহয়। মহিলা তথা যুৱতীসকলে কপালে ফুট লোৱাৰ আছে এক বিশেষ কাৰণ! ( Assamese Health Tips )
বিবাহৰ আগত আৰু পাছত যুৱতী তথা মহিলাসকলে কপাঁলত ৰঙা অথবা বিভিন্ন ৰংৰ ফুট লগোৱা দেখা যায়। কিন্তু সকলোৱে জানি আচৰিত হব যে, কপাঁলত লগোৱা ফুট কেৱল সৌন্দর্য্য বৃদ্ধিৰ কাৰণে নহয়, বৰঞ্চ ইয়াৰ আঁৰত এক বিশেষ গুণাগুণ আছে। কপাঁলত লগোৱা ফুটক আয়ুর্বেদত একু প্ৰেচাৰৰ বাবে এক বিশেষ অগ্ৰাধিকাৰ দিয়া হৈছে আৰু মহিলাৰ স্বাস্থ্য সম্পৰ্কীয় বহুতো সমস্যাৰ চিকিৎসাত ইয়াক সহায়ক বুলিও বিবেচনা কৰা হৈছে।
*কপাঁলত ফুট লগোৱাৰ বিশেষ কাৰণবোৰ-
১) মানসিক স্বাস্থ্যৰ বাবে উপকাৰী- কপাঁলৰ ফুটতো লগোৱাৰ সঠিক স্হান হৈছে, দুয়োটা ভ্ৰুৰ মাজৰ বিন্দু। যাক আয়ুর্বেদত শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চক্র বুলি কোৱা হয়- অজ্ঞা চক্র। আয়ুর্বেদত এই চক্রৰ ওপৰত মৃদু চাপ, মানসিক শান্তি, আৰু উদ্বিগ্নতাৰ চিকিৎসাত সহায়ক হব পাৰে বুলিও উল্লেখ কৰা হৈছে।
২/পেশীৰ সমস্যাৰ পৰা পৰিত্ৰাণ- কপাঁলৰ ফুটটোৱে মুখৰ পেশী শক্তিশালী কৰে, যি তেজৰ প্ৰৱাহ বৃদ্ধি কৰে আৰু পেশীবোৰ নমনীয় কৰে। যি মহিলা তথা যুৱতীৰ মুখৰ পেশীৰ সৈতে জড়িত সমস্যাৰ পৰা সকাহ দিয়ে।
( Assamese Health Tips )
৩/শ্ৰৱণ শক্তি বৃদ্ধি কৰে-
কপাঁলৰ মাজত ফুট লগালে, ইয়াত স্নায়ুবোৰ উদ্দীপিত হয়। যাৰ ফলত কাণৰ ভিতৰৰ পেশীবোৰ শক্তিশালী কৰি, কাণ স্বাস্থ্যৱান ৰখাৰ লগতে, ই শ্ৰৱণ শক্তি বৃদ্ধি কৰে।
৪/মূৰৰ বিষ উপশম কৰাৰ সহায়ক- কপাঁলৰ ফুট লগোৱাৰ স্হানত চাপ প্রয়োগ কৰি মূৰৰ বিষক একু প্ৰেচাৰ পদ্ধতিৰে চিকিৎসা কৰা হয়। স্নায়ু আৰু ৰক্ত কোষবোৰ এই বিন্দুৰ পৰা সক্রিয় হয়, যি বিষৰ পৰা তাৎক্ষণিক ভাৱে সকাহ দিয়ে।
৫/চাপ উপশম কৰা আৰু ভাল টোপনি অহাৰ বাবে অত্যাৱশকীয়- আয়ুর্বেদত কপাঁলৰ ফুট লগোৱা স্হানখিনি কেৱল মানসিক শান্তিৰ বাবেও গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা নহয়, বৰঞ্চ ই চাপ উপশম কৰা আৰু ভাল টোপনি অহাৰ বাবেও প্ৰয়োজনীয়। শিৰোধাৰা পদ্ধতিৰে এই বিন্দুত চাপ প্রয়োগ কৰি অনিদ্রাৰ সমস্যা দূৰ কৰিব পাৰি।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Health Tips )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment