এই বিধানটোৱে আপোনাক সেই অসহ্য যন্ত্ৰণাৰ পৰা কিছু মুক্তি দিব : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, August 29, 2022

এই বিধানটোৱে আপোনাক সেই অসহ্য যন্ত্ৰণাৰ পৰা কিছু মুক্তি দিব : Assamese Health Tips

Assamese Health Tips


জীৱনৰ যিকোনো মূহুৰ্তত আপোনাক এই বিধানটোৰ দৰকাৰ হব পাৰে  । গতিকে কেৱল পঢ়ি লৈ থৈ নিদিব , মনত ৰাখি থব । লগতে share কৰক যাতে সকলোৱে পায় । Assamese Health Tips ) 


ৰাতিপুৱা ফেচবুক খুলি এটা বিশেষ msg দেখা পালো । msg টো 63 বাৰ আহিছে । inbox ত হেজাৰ হেজাৰ msg আহে দৈনিক । উত্তৰ দিবলৈ ইমানবোৰৰ সম্ভৱ নহয় । সেই বিশেষ msg টো খুলি চাই দেখিলো যে ৰাতি  প্ৰায় 2 বজাৰ পৰা মানুহজনে 5 বজালৈ msg কৰিছে । 


মানুহজনৰ খুব পেটৰ বিষ , পেটৰ বিষত মানুহজন কান্দি আছে । মানুহজনৰ gallstone আছে । 


Gallstone থাকিলে কেনেকুৱা বিষ হয় , সেইটো যিজনৰ হৈছে সেইজনেহে গম পায় । বাকীবোৰে অনুভৱ কৰিব নোৱাৰে   ।  বিষত তেওঁ এবাৰ বিছনাত , এবাৰ বিছনাৰ পৰা তলত নামি বাগৰ দিছে , আকৌ চটফটাই আছে।  


যিসকলৰ gallbladder stone আছে , তেওঁলোকৰ সাধাৰণতে ৰাতি 2 বজাৰ পৰা 5 বজাৰ ভিতৰত বেছি বিষ হয় । বহুতে এই বিষ কম কৰাৰ বাবে pain killer খায় আৰু কিছুসময়ৰ বাবে বিষ কমাই থয় । বিষ কমাই লৈ তেওঁলোকে অস্ত্ৰোপচাৰ কৰাৰ ভয়ত বিভিন্ন ধৰণৰ আয়ুৰ্বেদিক বা homeo ঔষধ সেৱন কৰিব ধৰে । Assamese Health Tips ) 


মই আপোনালোকক কব বিচাৰিছোঁ যে যদি আপোনালোকৰ কাৰোবাৰ gallstone আছে , তেন্তে যিমান সোনকালে পাৰে  অস্ত্ৰোপচাৰ কৰি লওঁক ।  নহলে  যিমান দিন যাব , সিমানে কেঞ্চাৰ হোৱাৰ সম্ভাৱনা বেছি হয়    ।  কোনো ধৰণৰ আয়ুৰ্বেদিক ঔষধ বা মই জনাত বেলেগ ঔষধ কামত নাহে এই ক্ষেত্ৰত । একমাত্ৰ অস্ত্ৰোপচাৰ কৰাটোৱেই বিকপ্ল । মোৰ ওচৰত অহা Liver কেঞ্চাৰৰ অধিকাংশই প্ৰথমে gallstone আছিল আৰু সময়ত অস্ত্ৰোপচাৰ নকৰা বাবে হোৱা বুলি কয় । 


ইয়াৰ পাছত আগৰ কথাখিনিলৈ আহোঁ । মানুহজনে 5 বজালৈ 63 টা msg কৰি পাছত আকৌ কৰা নাই । হয়তো পাছত বিষ কমিলে । 


হয়তো এনেকুৱা কেতিয়াবা আপোনাৰ লগতো হব পাৰে । এনেকুৱা জটিল পৰিস্থিতিত মই আপোনাক একো তাৎক্ষণিক বিধান দিব নোৱাৰো বা সেই সময়ত মোক আপুনি লগ নাপাবও পাৰে । তলৰ বিধানটোৱে আপোনাক সেই অসহ্য যন্ত্ৰণাৰ পৰা কিছু মুক্তি দিব । কিন্তু মই বিচাৰোঁ এই ক্ষেত্ৰত আপুনি কোনো আয়ুৰ্বেদিক ঔষধ বা আন ঔষধ খোৱাৰ সলনি অস্ত্ৰোপচাৰ কৰাৰ কথা বিবেচনা কৰক ।


যেতিয়া বিষ অনুভৱ হয় , তেতিয়া 1 গিলাচ পানী উটলাই লব । তাত  নেমুটেঙা এটা আৰু আদা এচকল পিচি দিব । ভালকৈ উটলিলে সেই পানী কাপত লৈ গৰমে গৰমে চাহ খোৱাৰ দৰে খাওঁক।  এবাৰ একাপ খাই 15 মিনিটৰ পিছত আকৌ একাপ খাওঁক।  এইদৰে 3-4 বাৰ খালে বিষ উপশম হব । ৰোগীজনৰ বমি হৈ যাবও পাৰে।  বিষ খুব বেছি উঠি থকাৰ সময়ত ৰোগীজনে খাব নিবিচাৰে । গতিকে বিষ অলপ কম হৈ থাকোতেই খাওঁক ।


Gallstone থকা মানুহে ৰাতিৰ আহাৰ ত্যাগ কৰাটো ভাল । মাছ মাংস একেবাৰেই নিষিদ্ধ এই ৰোগীৰ বাবে ।  মাছ মাংস বা গধুৰ বস্তু খালে পিত্ত ৰস নিঃসৰণ হবলৈ চেষ্টা কৰিব আৰু বিষ বেছি হব । 


Gallstone ৰ বিষ সাধাৰণ বিষতকৈ বহুত বেলেগ । যদি আপোনাৰ অস্বাভাৱিক বিষ হৈছে , দেৰি নকৰি অনতিপলমে  চনোগ্ৰাফী কৰি চাওঁক । Gallstone  হোৱা ৰোগীৰ পিন্ধা কাপোৰ বা গেঞ্জী আদি বহুদিনৰ পৰা পিঠিৰ ফালে পাতল হালধীয়া হৈ থাকে । এনে লক্ষণ দেখা পালে পলম নকৰি চনোগ্ৰাফী কৰাই চাওঁক । 


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয়  আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। Assamese Health Tips ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages