শৰীৰত ভিটামিন ডিৰ অভাৱ বা নাটনি আজিৰ বিশ্বৰ স্বাস্থ্য সমস্যা সমূহৰ ভিতৰত এটা জলন্ত সমস্যা ৰূপে দেখা দিছে যদিও ই যিমান গুৰুত্ব পাব লাগিছিল সিমান গুৰুত্ব পোৱা নাই। ( Assamese Health Tips )
কেইদিনমান আগলৈকে ভিটামিন ডিৰ অভাৱত শিশুৰ ৰিকেট বা পয়ালগা বেমাৰ আৰু প্ৰাপ্তবয়স্ক মানুহৰ অস্তিয়'মেলাচিয়া নামৰ এবিধ হাড়ৰ বেমাৰ হয় এই দুইটা কথাতেই দৃষ্টি নিবদ্ধ আছিল। কিন্তু সদ্য গৱেষণাৰ পৰা পোৱা তথ্য অনুসৰি ভিটামিন ডিৰ অভাৱত শৰীৰত হোৱা পৰিণাম ইয়াতকৈ বহু ভয়াবহ। ভিটামিন ডিক '' চান চাইন'' (sun shine) ভিটামিন বুলি কোৱা হয় কাৰণ সূৰ্য্যৰ পৰা পোৱা ৰ'দেই হ' ল এই ভিটামিনৰ মূখ্য উৎস। ভিটামিন ডিক আমাৰ শৰীৰৰ অত্যাৱশ্যকীয় পোষকতত্বৰ ভিতৰত ধৰা হয়। ইয়াক আমাৰ শৰীৰে খাদ্য বা খাদ্যৰ পৰিপূৰক ঔষধৰ পৰা লাভ কৰে।
#ভিটামিন ডি কি?
আমাৰ শৰীৰত থকা চাৰিবিধ স্নেহ বা চৰ্বী দ্ৰৱীভূত (fat soluble) ভিটামিন (A, D, E আৰু K) ৰ ভিতৰত অন্যতম। ভিটামিন ডি দুই প্ৰকাৰৰ ডি-২ (D2) আৰু ডি-৩ (D3) ।ভিটামিন ডি-২ ক Ergocalciferol আৰু ভিটামিন ডি-৩ ক cholecalciferol বুলি জনা যায়। কিন্তু এই দুইটা ভিটামিনৰ গঠন বেলেগ বেলেগ।
#আমাৰ শৰীৰক ভিটামিন ডিৰ কিয় প্ৰয়োজন?
শাৰীৰিক তথা মানসিক স্বাস্থ্য ৰক্ষাত ভিটামিন ডিৰ ভূমিকা অপৰিসীম । তলত ইয়াৰ কিছু চমু আভাস দাঙি ধৰা হ'ল।
১) হাড় সম্বন্ধীয় বেমাৰৰ পৰা হাত সাৰিবলৈ- যিকোনো কেলচিয়ামযুক্ত ঔষধ সেৱন কৰিলে ইয়াক সদায় ভিটামিন ডিৰ লগত সেৱন কৰা উচিত। কাৰণ ভিটামিন ডিয়ে অন্ত্ৰত কেলছিয়াম অৱশোষণ কৰাত সহায় কৰে। ফলত তেজৰ পৰা হাড়বিলাকে উপযুক্ত পৰিমানত কেলছিয়াম আহৰণ কৰিব পাৰে আৰু হাড়বিলাক বিকসিত হয়। ভিটামিন ডিৰ অভাৱত হাইপাৰ পাৰাথাইৰডিজিমৰ সৃষ্টি হয় আৰু ইয়াৰ ফলত হাড় ক্ষয় হয়, অস্থিঅ'পেনিয়া, অস্তিঅ' মেলাচিয়া, অস্থিঅ'পৰোচিচ্ ইত্যাদি বেমাৰৰ সৃষ্টি হব পাৰে আৰু অলপ চাপ বা হেঁচা পৰিলেই হাড় ভাঙি যোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। বুঢ়া বয়সত মানুহ ভাৰসাম্যহীন হৈ পৰি যোৱা ঘটনা আমি প্ৰায়েই দেখা পাওঁ আৰু ইয়াৰ ফলত কেতিয়াবা হাড় ভাঙি যোৱা ঘটনাও সংঘটিত হোৱা দেখা যায়। ভিটামিন ডিয়ে এই সমস্যাটো সমাধানত ভূমিকা গ্ৰহণ কৰিব পাৰে।
২) মায়'পেথি প্ৰতিৰোধ - মানুহৰ শৰীৰৰ মাংসপেশীত ভিটামিন ডিৰ সংগ্ৰাহী কোষ (receptor) কিছুমান থাকে যিয়ে তেজৰ পৰা ভিটামিন ডি আহৰণ কৰি মাংসপেশীবিলাকক শক্তি প্ৰদান কৰে। ভিটামিন ডিৰ অতিকৈ অভাৱৰ ফলত মাংসপেশী প্ৰভাৱিত হয় আৰু মায়'পেথিৰ সৃষ্টি হয়। মায়'পেথিৰ ফলত মাংসপেশীসমূহ খুব দূৰ্বল হয় আৰু বিষৰ সৃষ্টি হব পাৰে। ভিটামিন ডিৰ পৰিপূৰক ঔষধ সেৱনৰ দ্বাৰা এই প্ৰক্ৰিয়াটো বাধা দিব পৰা যায়।
৩) কৰ্কট ৰোগ প্ৰতিৰোধী হিচাবে ভিটামিন ডি - সূৰ্য্যৰ ৰ'দ হ'ল ভিটামিন ডিৰ প্ৰাথমিক উৎস। গৱেষণাৰ পৰা পোৱা তথ্য অনুসৰি সূৰ্য্যৰ ৰ'দ আৰু কৰ্কট ৰোগৰ মাজত সম্বন্ধ আছে। শৰীৰত সময় অনুপাতে ৰ'দ লগালে সূৰ্য্যৰ অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱত ভিটামিন ডিৰ উৎপত্তি হয় যিয়ে ছালৰ কৰ্কট ৰোগ প্ৰতিৰোধত সহায় কৰে।
৪) হৃদৰোগ আৰু ৰক্তসঞ্চালন তন্ত্ৰৰ ৰোগ প্ৰতিৰোধ:- ভিটামিন ডিৰ অভাৱত বিভিন্ন হৃদৰোগ আৰু ৰক্তসঞ্চালন তন্ত্ৰ সম্বন্ধীয় ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। যেনে- উচ্চ ৰক্তচাপ, হাইপাৰলিপিডেমিয়া, peripheral vascular disease, coronary artery disease, myocardial infarction বা হাৰ্ট এটেক, হাৰ্ট ফেইলৰ আৰু স্ট্ৰোক। ভিটামিন ডিৰ প্ৰদাহ বিৰোধী (Anti Inflammatory) প্ৰভাৱৰ বাবে এনেকুৱা হোৱা বুলি ভবা হয়। এই সংক্ৰান্তত অধিক গৱেষণা চলি আছে।
৫) সংক্ৰমণ প্ৰতিৰোধ :- শীতকালত প্ৰায়েই আপুনি শ্বাস প্ৰশ্বাস জনিত সংক্ৰমণত আক্ৰান্ত হয় নেকি? ভিটামিন ডিৰ অভাৱ ইয়াৰ অন্যতম কাৰণ হব পাৰে। নিৰীক্ষণ মূলক অধ্যয়নৰ পৰা দেখা গৈছে যে শৰীৰত ভিটামিন ডিৰ মাত্ৰা আৰু নিম্ন আৰু উচ্চ শ্বাসতন্ত্ৰৰ সংক্ৰমণৰ মাজত ওতঃপ্ৰোতঃ সম্বন্ধ আছে। শৰীৰত হোৱা বিভিন্ন ধৰণৰ সংক্ৰমণ যেনে- নিউম'নিয়া, তেজত হোৱা বেক্টেৰিয়াৰ সংক্ৰমণ, পেচাবৰ সংক্ৰমণ, অস্ত্ৰোপচাৰৰ ঠাইত হোৱা সংক্ৰমণ আৰু ভিটামিন ডিৰ অভাৱৰ মাজত সম্পৰ্কৰ বিষয়ে গৱেষণা চলি আছে।
৬) ডিপ্ৰেছন - শৰীৰত পৰ্য্যাপ্ত সূৰ্য্যৰ ৰ'দ নলগা আৰু ডিপ্ৰেছনৰ মাজত সম্পৰ্ক প্ৰায় ২০০০ বছৰৰ আগতে লক্ষ্য কৰা হৈছিল। ভিটামিন ডিয়ে মগজুৰ এড্ৰিনেল কৰ্টেক্সত থকা ভিটামিন ডি সংগ্ৰাহী কোষ (receptor) ৰ পৰা এড্ৰিনেলিন, নৰএড্ৰিনেলিন, ডোপামাইন নিয়ন্ত্ৰণত সহায় কৰে। লগতে চেৰটনিন আৰু ডোপামাইন কমি যোৱাত বাধা প্ৰদান কৰে। এইটোৱেই সম্ভৱত ভিটামিন ডি আৰু ডিপ্ৰেছনৰ মাজত সম্পৰ্ক। ভিটামিন ডিৰ অভাৱৰ ফলত ৮-১৪% ডিপ্ৰেছনৰ সম্ভাৱনা বৃদ্ধি পায় বুলি কোৱা হয়। ভিটামিন ডিৰ অভাৱে আত্মহত্যাৰ প্ৰৱণতা বৃদ্ধি কৰে বুলি গৱেষণাত পোৱা গৈছে।
৭) Multiple sclerosis :- Multiple sclerosis নামৰ স্নায়ুতন্ত্ৰৰ ৰোগবিধ প্ৰতিৰোধৰ ক্ষেত্ৰত ভিটামিন ডিৰ ভূমিকা আছে। এই বিষয়ে নিতৌ ন ন তথ্য উদ্ভাৱন হৈ আছে। গৰ্ভাৱস্থাত তেজত ভিটামিন ডিৰ পৰিমাণৰ লগত সংগতি ৰাখি ই আৰম্ভ হয়। সূৰ্য্যৰ ৰ'দ শৰীৰত নলগোৱাকে ইয়াৰ মূখ্য কাৰণ বুলি কোৱা হয়।
৮)যক্ষ্মা বা টি বি ৰোগ :- সাধাৰণতে যক্ষ্মা বা TB ৰোগীৰ শৰীৰত স্বাভাৱিক মানুহৰ শৰীৰত কৈ ভিটামিন ডিৰ মাত্ৰা কম হোৱা দেখা যায়। এই সম্পৰ্কে অধিক গৱেষণাৰ দৰকাৰ আছে।
৯) ডায়েবেটিজ :- গৱেষণাৰ পৰা পোৱা তথ্য অনুসৰি যিসকল লোকৰ তেজত ভিটামিন ডিৰ পৰিমাণ ২৫ng/mL থাকে তেনে যিসকলৰ ১৪ng/mL থাকে তেনে লোকতকৈ type 2 ডায়েবেটিজ হোৱাৰ সম্ভাৱনা ৪৩% কম থাকে।
১০) প্ৰদাহ বা Inflammation :- ভিটামিন ডিৰ অভাৱৰ ফলত শৰীৰত প্ৰদাহযুক্ত ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। গৱেষণাৰ পৰা পোৱা তথ্য অনুসৰি যিসকল লোকৰ তেজত ভিটামিন ডিৰ পৰিমাণ ২১ng/mL ৰ তলত থাকে তেনে লোকৰ তেজৰ CRP(C- Reactive protein) বাঢ়ি আৰ্থাটিচ, হৃদপেশীৰ প্ৰদাহ ইত্যাদি প্ৰদাহ জনিত ৰোগে দেখা দিব পাৰে।
১১) শিশু আৰু কিশোৰ কিশোৰীৰ এলাৰ্জী :- শিশু আৰু কিশোৰ কিশোৰীৰ ওপৰত কৰা তথ্য ভিত্তিক অধ্যয়নৰ পৰা গম পোৱা গৈছে যে যিসকলৰ শৰীৰৰ তেজত ১৫ ng/mL ভিটামিন ডি থাকে তেনে শিশু বা কিশোৰৰ যিসকলৰ ভিটামিন ডি ৩০ ng/mL থাকে সেইসকলৰ তুলনাত এলাৰ্জী হোৱাৰ প্ৰবণতা বেছি থাকে।
১২) টোপনিত হোৱা নাকৰ শব্দ (sleep apnea) :- শৰীৰত ভিটামিন ডিৰ অভাৱৰ ফলত এলাৰ্জীক ৰাইনাইটিজ্ বা ঘৰুৱা ভাষাত চৰ্দী বা পানী লগা আৰু টনচিলৰ প্ৰদাহ হৈ উশাহ নিশাহ বাধাপ্ৰাপ্ত হৈ টোপনিত নাকৰ ঘৰঘৰনি শব্দ হোৱাৰো তথ্য গৱেষণাত পোৱা গৈছে। অৱশ্যে এই সংক্ৰান্তত অধিক গৱেষণাৰ দৰকাৰ আছে।
১৩)দাঁতত হোৱা কেভিটি বা গহ্বৰ :- ভিটামিন ডিৰ অভাৱত দাঁত ক্ষয় হৈ গহ্বৰ বা কেভিটিৰ সৃষ্টি হোৱা তথ্যও গৱেষণাত পোৱা গৈছে।
১৪) লিংগ শিথিলতা বা erectile dysfunction :- যিহেতু ভিটামিন ডিৰ অভাৱত হৃদৰোগ বা ৰক্তসঞ্চালন তন্ত্ৰ প্ৰভাৱিত হয় গতিকে পুৰুষৰ লিংগলৈ ৰক্তসঞ্চালন বাধাপ্ৰাপ্ত হৈ লিংগ শিথিলতা বা erectile dysfunction ৰ সৃষ্টি হব পাৰে।
#ভিটামিন ডিৰ অভাৱৰ সাম্ভাব্য কাৰণসমূহ :-
১)শৰীৰত ৰ'দ লগোৱা অশুদ্ধ প্ৰক্ৰিয়াৰ বাবে :- আপুনি হয়তো আপোনাৰ দেহত যথেষ্ট সূৰ্য্যৰ ৰ'দ লগায় আৰু নিশ্চিত মনে ভাবি আছে যে আপুনি ভিটামিন ডিৰ অভাৱৰ পৰা মুক্ত। কিন্তু আপোনাৰ বিশ্বাস বা ধাৰণা শুদ্ধ নহবও পাৰে। কাৰণ ৰ'দ পৰিলেও আমাৰ শৰীৰৰ বেছি অংশ কাপোৰেৰে আবৃত হৈ থাকিলে, সূৰ্য্যৰ ৰ'দৰ পৰা হোৱা sun burn প্ৰতিৰোধ কৰিবলৈ হয়তো আপুনি SPF যুক্ত sun cream ব্যৱহাৰ কৰে।এইবোৰ বিভিন্ন কাৰণত আপোনাৰ শৰীৰত ভিটামিন ডি সংশ্লেষিত হোৱাত বাধাপ্ৰাপ্ত হব পাৰে। SPF ৩০ যুক্ত Sun creamএ শৰীৰৰ ছালৰ ভিটামিন ডিৰ সংশ্লেষণ হোৱাৰ সম্ভাৱনা ৯৫% তকৈও বেছি কমাই দিয়ে। গৱেষণাৰ পৰা পোৱা তথ্য অনুসৰি ককেছীয় মানুহৰ শৰীৰত ভিটামিন ডি সঠিক পৰিমাণে সংশ্লেষিত হবলৈ শৰীৰৰ অতি কমেও ৩০% অংশ অনাবৃত কৰি দৈনিক ৰ'দ লগাব লাগে। কিন্তু বেছিভাগ ক্ষেত্ৰতে দেখা যায় আমাৰ শৰীৰৰ ১০-১৫% হে অনাবৃত হৈ থাকে আৰু আমি কম সময়ৰ বাবে সূৰ্য্যৰ ৰ'দ লগাওঁ। সূৰ্য্যৰ ৰ'দৰ পৰা শৰীৰত ভিটামিন ডিৰ উৎপন্ন হোৱা প্ৰক্ৰিয়াটো অন্য কিছুমান কাৰকৰ দ্বাৰাও প্ৰভাৱিত হয় যেনে- ঋতু, দিনটোৰ কোন সময়ত ৰ'দ লগোৱা হৈছে, পৰিৱেশত থকা অ'জন স্তৰৰ গাঢ়তা, ঠাইটো কোন অক্ষাংশ বা দ্ৰাঘিমাংশত অৱস্থিত, আকাশত থকা মেঘৰ পৰিমাণ ইত্যাদি। ( Assamese Health Tips )
কিন্তু শৰীৰত ৰ'দ লগোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কথাটো হ' ল কম সময়ৰ বাবে ৰ'দ লগাই বেছি লাভ আহৰণ কৰা। ইয়াৰ অৰ্থটো হ'ল কম কম সময়ৰ বাবে ৰ'দ লগাই বেছি লাভ পোৱা। কাৰণ শৰীৰত ৰ'দ লগোৱাৰ ফলত ভিটামিন ডি লিভাৰত hydroxylation নামৰ প্ৰক্ৰিয়াৰ সহায়ত 25-hydroxy vitamin D3 লৈ ৰূপান্তৰিত হয় যাক 25(OH)D বুলি লিখা হয়। তাৰ পিছত কিডনিৰ সহায়ত 1,25 hydroxy vitamin D3 লৈ ৰূপান্তৰিত হয় আৰু এইটো হ'ল ভিটামিন ডিৰ সক্ৰিয় ৰূপ। তেজত ভিটামিন ডিৰ মাত্ৰা জানিবলৈ 25 hydroxy vitamin D (25(OH)D) ৰ পৰীক্ষা কৰা হয়। অত্যধিক সময় ৰ'দত থাকিলে এই গোটেই প্ৰক্ৰিয়াটো বাধাপ্ৰাপ্ত হয়। সেয়েহে কম কম সময়ৰ বাবে ৰ'দ লগালেহে ভিটামিন ডি সঠিকভাৱে উৎপন্ন হয়। কিন্তু আজিকালি বেছিভাগ মানুহ প্ৰখৰ ৰ'দৰ পৰা নিজকে বচাবলৈ সৰহ সংখ্যক সময় ঘৰৰ ভিতৰত সোমাই থাকে বা ছাতি ইত্যাদি ব্যৱহাৰ কৰে আৰু লগতে SPF যুক্ত Sun cream ব্যৱহাৰ কৰে। ইয়াৰ ফলত সমাজত ভিটামিন ডিৰ অভাৱগ্ৰস্ত ৰোগীৰ সংখ্যাও বাঢ়ি গৈ আছে।
২) দেহৰ কৃষ্ণ বা শ্যাম বৰণ:- মেলানিন নামৰ ৰঞ্জক পদাৰ্থই আমাৰ ছালৰ বৰণ প্ৰদান কৰে। পাতল বৰণৰ ছালত শ্যাম বা কৃষ্ণ বৰণৰ তুলনাত কমকৈ মেলানিন নিঃসৰিত হয়। মেলানিনে সূৰ্য্যৰ অতিবেঙুনীয়া ৰশ্মি শোষণ কৰি লয়। ফলত ছালৰ ভিটামিন ডি উৎপন্ন হোৱাৰ ক্ষমতা ৯৫-৯৯ % কমি যায়। সেয়েহে কৃষ্ণ বৰণৰ চৰ্ম যুক্ত লোকে পাতল চৰ্ম যুক্ত লোকতকৈ তিনিৰ পৰা পাঁচ গুণ বেছি ৰ'দ লগাব লগীয়া হয়।
৩) মেদবহুলতা :- মেদবহুলতাৰ ফলতো শৰীৰত ভিটামিন ডিৰ অভাৱ পৰিলক্ষিত হব পাৰে । মেদবহুলতাৰ ফলত স্নেহ দ্ৰৱীভূত (fat soluble) ভিটামিন ডি তেজলৈ নগৈ ছালৰ তলত থকা চৰ্বীয়ে ধৰি ৰখা বুলি ভবা হয়। এই বিষয়ত অধিক গৱেষণাৰ প্ৰয়োজন আছে। গৱেষণাৰ পৰা পোৱা তথ্য অনুসৰি যিসকল লোকৰ BMI - ৪০ ৰ ওপৰত থাকে সেইসকল লোকৰ ৪০ ৰ তলৰ BMI যুক্ত লোকতকৈ ভিটামিন ডিৰ মাত্ৰা ১৮% কম হোৱা দেখা যায়।
৪) হজম শক্তিৰ অভাৱৰ (chronic mal absorption syndrome) বাবে হোৱা chron's disease, Irritable bowel syndrome, caeliac disease ইত্যাদি কাৰণত অন্ত্ৰই পাচিত খাদ্যৰ পৰা পৰ্যাপ্ত ভিটামিন ডি অৱশোষণ কৰি লব নোৱাৰে।
৫) Bariatric surgery ৰ ফলত:- Bariatric surgery যেনে y- gastric bypass surgery, vertical sleeve gastrectomy ইত্যাদি অস্ত্ৰোপচাৰৰ পিছতো ভিটামিন ডিৰ অভাৱ পৰিলক্ষিত হয়।
৬) বয়সৰ প্ৰভাৱত :- বৃদ্ধাৱস্থাত শৰীৰে সূৰ্য্যৰ ৰ'দৰ পৰা ভিটামিন সংশ্লেষণ কৰি লোৱাৰ ক্ষমতা হ্ৰাস পায়। ফলত ভিটামিন ডিৰ অভাৱ হব পাৰে।
৭) কিছুমান ঔষধৰ সেৱনৰ ফলত :- কিছুমান ঔষধ যেনে- anti convulsant, কিছুমান ষ্টেৰইড যেনে- Glucocorticoid, এইডচ্ বা HIV ৰ ভাইৰাছ নিয়ন্ত্ৰণৰ বাবে ব্যৱহৃত ঔষধ সেৱনৰ ফলত ভিটামিন ডি ধ্বংসপ্ৰাপ্ত হৈ অভাৱ পৰিলক্ষিত হব পাৰে।
৮) কিডনিৰ ৰোগৰ বাবে :- কিডনি ৰোগীৰ শৰীৰত কিডনিৰ কাৰ্য্যকৰী শক্তি কমি যোৱা বাবে 1,25 hydroxy vitamin D3 উৎপন্ন হোৱাত বাধাপ্ৰাপ্ত হয় ভিটামিন ডিৰ অভাৱ পৰিলক্ষিত হয়।
#শৰীৰত ভিটামিন ডিৰ অভাৱ কেনেকৈ চিনাক্ত কৰা হয়?
মাত্ৰ দুটা তেজৰ চিৰামৰ পৰীক্ষাৰদ্বাৰা ইয়াক চিনাক্ত কৰিব পৰা যায়। যেনে- 1,25 (OH) 2D আৰু 25(OH)D।
# তেজত ভিটামিন ডিৰ মাত্ৰা কিমান হোৱা উচিত?
তলত তেজত ভিটামিন ডিৰ মাত্ৰা উল্লেখ কৰা হ'ল--
২০ ng/mL ৰ তলত থাকিলে ভিটামিন ডিৰ অভাৱ হোৱা বুলি কোৱা হয়।
২১-২৯ ng/mL ভিটামিন দি থাকিলে পৰ্য্যাপ্ততকৈ কম আৰু ৩০-৬০ ng/mL থাকিলে পৰ্য্যাপ্ত বুলি কোৱা হয়। আনহাতে ৬০ ng/mL তকৈ অধিক থাকিলে মাত্ৰাধিক বুলি কোৱা হয়।
# ভিটামিন ডিৰ অভাৱ পূৰণ কৰিবলৈ কি কৰিব লাগে?
আমাৰ তেজৰ চিৰামত অতি কমেও ২০ ng/mL ভিটামিন ডি থাকিব লাগে। শৰীৰত ভিটামিন ডিৰ অভাৱ পূৰণ কৰিবলৈ ব্যৱহাৰ কৰা পৰিপূৰক ঔষধিৰ মাত্ৰা বা পৰিমাণ মানুহজনৰ বয়স, স্বাস্থ্যৰ অৱস্থাৰ, ঋতু ইত্যাদিৰ ওপৰত নিৰ্ভৰ কৰে। এই পৰিপূৰক ঔষধ সমূহ দৈনিক বা সাপ্তাহিক বা মাহেকত এবাৰ হিচাবে খাব দিয়া হয়। এই পৰিপূৰক ঔষধ সেৱনৰ দ্বাৰা তেজত ভিটামিন ডিৰ মাত্ৰা ৩০-৪০ ng/mL ৰ ভিতৰত বজাই ৰাখিবলৈ চেষ্টা কৰা হয়। সেয়েহে প্ৰথম এমাহৰ বা দুমাহ ভিটামিন ডিৰ পৰিপূৰক অলপ অধিক মাত্ৰাত সেৱন কৰিবলৈ দিয়া হয় আৰু পিছলৈ ঔষধৰ মাত্ৰা কমাই দিয়া হয়। যেনে-
১বছৰ পৰ্য্যন্ত বয়স লোকৰ বাবে দৈনিক ১০০০-৩০০০ IU খাবলৈ পৰামৰ্শ দিয়া হয় ছয়ৰ পৰা আঠ সপ্তাহৰ বাবে।
১-১২ বছৰ পৰ্য্যন্ত বয়সৰ লোকৰ বাবে যিসকলৰ ভিটামিন ডিৰ অভাৱ পৰিলক্ষিত হয় দৈনিক ৩০০০-৬০০০IU ভিটামিন ডিৰ পৰিপূৰক খাবৰ পৰামৰ্শ দিয়া হয় আঠ সপ্তাহৰ বাবে।
১২-১৮ বছৰ বয়সৰ ভিটামিন ডিৰ অভাৱ পৰিলক্ষিত হোৱা লোকৰ বাবে দৈনিক ৬০০০-১০,০০০ IU ভিটামিন ডিৰ আৱশ্যক আঠ সপ্তাহৰ বাবে।
শকত আৱত আৰু Malabsorption syndrome বা অন্য কোনো বেমাৰ যাৰ ফলত ভিটামিন ডি শৰীৰত অৱশোষণ হোৱাত বাধাপ্ৰাপ্ত হয় তেনে ক্ষেত্ৰত অত্যধিক মাত্ৰাত ভিটামিন ডিৰ পৰিপূৰক সেৱনৰ পৰামৰ্শ দিয়া হয় । তেনে ক্ষেত্ৰত দৈনিক ৬০০০ - ১০০০০ IU ভিটামিন ডিৰ পৰিপূৰক সেৱনৰ পৰামৰ্শ দিয়া হয়। এই পৰিপূৰক ঔষধ সাপ্তাহিক হিচাবে সেৱন কৰিলে ওপৰত দিয়া মাত্ৰাৰ সাত গুণ আৰু মাহিলী হিচাপে সেৱন কৰিলে ৩০ গুণ মাত্ৰাত সেৱন কৰিবলৈ পৰামৰ্শ দিয়া হয়। ভিটামিন ডিৰ স্বাভাৱিক মাত্ৰা অক্ষুন্ন ৰাখিবলৈ আঠ সপ্তাহৰ পিছত তেজৰ ভিটামিন ডিৰ মাত্ৰা অনুযায়ী পৰিপূৰকৰ মাত্ৰা ঠাঁৱৰ কৰা হয় আৰু সেই হিচাপত ঔষধ সেৱনৰ পৰামৰ্শ আাগবঢ়োৱা হয়।
সাধাৰণতে স্বাভাৱিক অৱস্থাত মানুহ এজনক দৈনিক ৪০০-৬০০ IU ভিটামিন ডিৰ প্ৰয়োজন হয়।
#ভিটামিন ডি কি কি খাদ্যত পোৱা যায়?
ভিটামিন ডিৰ মূখ্য উৎস সূৰ্য্যৰ ৰ'দ। বেছিভাগ মানুহে কম বেছি পৰিমানে সূৰ্য্যৰ ৰ'দৰ পৰাই শৰীৰক প্ৰয়োজনীয় ভিটামিন ডি লাভ কৰে। কিছুমান খাদ্য পদাৰ্থতো স্বাভাৱিকতে ভিটামিন ডি থাকে যদিও ই শৰীৰৰ প্ৰয়োজন অনুপাতে যথেষ্ট নহয়। তথাপি এই খাদ্য পদাৰ্থ সমূহ সেৱন কৰা ভাল। যেনে- মাছৰ ক'ড লিভাৰ অইল, তেলাল মাছ যেনে - চালমন, তুনা ইত্যাদি সাগৰীয় মাছ, কিছুমান মাছৰুম, সৰ তোলা গাখীৰৰ দৈ(Yogurt) , কমলাৰ ৰস, পনীৰ(cheese) ইত্যাদি ।
#শৰীৰত ভিটামিন ডিৰ মাত্ৰাধিক্যতা হ'লে কি কি লক্ষণ দেখা যায়?
সাধাৰণতে তলত দিয়া লক্ষণ সমূহ দেখা যায় - শৰীৰত কেলছিয়ামৰ মাত্ৰা বৃদ্ধি, দুৰ্বলতা, ভ্ৰম, কোষ্ঠকাঠিন্যতা, ভোক নলগা, শৰীৰৰ গাঠিবিলাকত কেলছিয়াম জমা হৈ প্ৰদাহৰ সৃষ্টি ইত্যাদি।
#ডা. মুকুল শৰ্মা (আয়ুৰ্বেদাচাৰ্য্য)
চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়, গুৱাহাটী
যোগাযোগৰ ঠিকনা - নবজীৱন ফাৰ্মাচী, কৰ্ণেল জে আলি ৰোড, লাখটকীয়া, গুৱাহাটী
*পাটনা বিজয়ী আয়ুৰ্বেদীক ফাৰ্মাচী, এ ও চি ৰোড, বঙাইগাঁৱ
যোগাযোগৰ নম্বৰ- ৯৫০৮০২৬৮২৫ ।
বি:দ্ৰ: আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা বা বাতৰি ইত্যাদি আমাৰ ৱেবচাইটত প্ৰকাশ কৰিব বিচাৰে তেন্তে আপোনালোকৰ লেখাসমূহ আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালনা সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্স প্রেৰণ কৰিবলৈ আহ্বান জনালো নিবাৰ্চিত লেখাসমূহ লেখকৰ নাম আৰু ছবিসহ আমাৰ ৱেবচাইটত প্ৰকাশ কৰা হব ।
( Assamese Health Tips )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment