নেমুৰ বাকলিৰ আছে বহু গুণ : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, August 24, 2022

নেমুৰ বাকলিৰ আছে বহু গুণ : Assamese Health Tips

Assamese Health Tips


নেমু হৈছে এবিধ পাচলি। যিয়ে কেৱল খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয়, স্বাস্থ্যকো বহুধৰণে লাভালাভ দিয়ে।   ( Assamese Health Tips )


বহুলোকে নেমুক কেৱল হয়তো ৰসৰ বাবে ব্যৱহৃত কৰি থাকিব পাৰে, কিন্তু আপুনি জানি আচৰিত হব যে, নেমুৰ ৰসৰ সমানে ইয়াৰ বাকলিও আমাৰ বাবে লাভজনক। 


নেমুৰ বাকলিত ভিটামিন আৰু খনিজ পদার্থ প্ৰচুৰ পৰিমাণে পোৱা যায়। কেৱল সেয়াই নহয়, ইয়াৰ বাকলিবোৰ ভিটামিন চি, কেলছিয়াম, মেগনেছিয়াম, আদিৰে পৰিপূৰ্ণ। 


#নেমুৰ বাকলিৰ লাভসমূহ হৈছে-


#ছালৰ বাবে অত্যন্ত লাভজনক-নেমুৰ বাকলিবোৰে মৃত ছাল আঁতৰোৱাৰ লগতে ছালৰ বৰণ উন্নত কৰাত যথেষ্ট সহায়তা কৰে। নেমুৰ বাকলি ছালত ঘঁহি অলপ পাছতে গৰম পানিতে ধূব। এনে কৰিলে ছালৰ বাহিৰৰ স্তৰত জমা হোৱা ময়লা আঁতৰ হয় লগতে খজুৱতি আৰু শালমইনাৰ দৰে সমস্যাটোৰ দূৰ কৰিব পাৰে। 


#নখ পৰিষ্কাৰ কৰে-

কেতিয়াবা আমি অনুভৱ কৰোঁ যে, আমাৰ নখৰ ৰংৰ কিছু পৰিৱৰ্তন হৈছে। তেতিয়া আপুনি চিন্তা কৰিব নালাগে। নেমুৰ বাকলি নখত ঘঁহিলে, এই সমস্যাৰ পৰা আপোনাক উপকৃত কৰিব পাৰে। নেমুৰ অম্লীয় গুণে আপোনাক নখৰ পৰিৱৰ্তিত ৰং পুনৰ সংশোধন কৰাত সহায় কৰিবলৈ পাৰে।   ( Assamese Health Tips )


নখবোৰ গৰম পানীত ১০মিনিটৰ বাবে ডুবাই ৰাখক। প্ৰতিটো নখক সতেজ নেমুৰ বাকলিৰে ২০ৰ'পৰা ৩০ ছেকেণ্ডৰ বাবে ঘঁহি দিয়ক। ইয়াৰ পিছত নখবোৰ পানীৰে ধুৱক। এইদৰে দিনত দুবাৰকৈ এই প্ৰক্ৰিয়াটো কৰক, যেতিয়া লৈ আপোনাৰ নখৰ ৰং ভাল নহয়।।। 


#পৰুৱাৰ উৎপাটৰ পৰা ৰক্ষা-পৰুৱাৰ উৎপাটৰ পৰা ৰক্ষা পোৱাটো এক হতাশজনক আৰু ক্লান্তিকৰ কাম। এতিয়া আপুনি নেমুৰ বাকলিৰে সহায়ত আপোনাৰ পাকঘৰ আৰু আপোনাৰ ঘৰৰ অন্যান্য এলেকাবোৰ পৰুৱাৰ উৎপাটৰ পৰা ৰক্ষা কৰিব পাৰে। 


নেমুৰ বাকলি সৰু টুকুৰাকৈ কাটক। এই টুকুৰাবোৰ কীট পতংগ আৰু পৰুৱা প্ৰতিহিত কৰাত সহায় কৰিবলৈ খিৰিকী প্ৰৱেশ দুৱাৰ আৰু যিকোনো প্ৰকাশৰ ফাকত ৰাখক। এই ব্যৱস্থাটো কেইদিনমানৰ বাবে গ্রহণ কৰি থাকিব। 


#ঘৰ পৰিষ্কাৰ কৰাত নেমুৰ বাকলি_ ঘৰ পৰিষ্কাৰ কৰিবলৈ নেমুৰ বাকলি ব্যৱহাৰ কৰিব পাৰে। ই খিৰিকীৰ আইনা আৰু অন্যান্য ঘৰুৱা সামগ্রী পৰিষ্কাৰ কৰাত বিশেষ ভাৱে কাৰ্য্যকৰী। এমুঠি পৰিষ্কাৰ চফ (পানমচালা) আৰু কটা নেমুৰ বাকলি এটা জাৰত ৰাখক আৰু ওপৰৰ পৰা বগা ভিনেগাৰ ঢালি দিয়ক। ঢাকনিখন বন্ধ কৰি জাৰটো ২বা৩ সপ্তাহৰ বাবে ৰদত ৰাখক। মাজে মাজে এই জাৰটো লৰাই দিয়ক। এতিয়া মিশ্রণটো ফিল্টাৰ কৰক আৰু এতিয়া এতিয়া পৰিষ্কাৰ স্প্ৰে ভৰাই দিয়ক। এতিয়া আপুনি যিকোনো বস্তু পৰিষ্কাৰ কৰিবলৈ এই ঘৰুৱা নেমু স্প্রে ব্যৱহাৰ কৰিব পাৰে। 


#মাইগ্ৰেনৰ পৰা মুক্তি-

নেমুৰ বাকলি ৰদত দি শুকাই ইয়াৰ পেষ্ট তৈয়াৰ কৰক।। এতিয়া এই পেষ্টটো কপাঁলত দিলে বিষৰ পৰা সোনকালে ৰক্ষা পাব। 


#নেমু বাকলিৰ চাহ-

নেমু বাকলি নেমু চাহ তৈয়াৰ কৰিবলৈও ব্যৱহাৰ কৰিব পাৰি। যিহেতু নেমুক ভিটামিন চি আৰু এন্টিঅক্সিডেন্টৰ এক উন্নত উৎস বুলি গণ্য কৰা হয়। নেমুৰ বাকলিৰে পৰা তৈয়াৰ কৰা চাহে আপোনাক কেৱলমাত্ৰ ভাল সোৱাদ প্ৰদান কৰাই নহয় ই আপোনাৰ স্বাস্থ্যৰ বাবে অতি লাভজনক। 


#নেমুৰ বাকলি চাহ তৈয়াৰ কৰিবলৈ ১টা ডাঙৰ চামুচ মিহিকে কটা নেমুৰ বাকলি একাপ পানীত যোগ দিয়ক। বাকলিৰে ওপৰত উতলা পানী যোগ দিয়ে। এতিয়া ১০মিনিটৰ বাবে ঢাকি ৰাখক। এতিয়া চাকনিৰে চাকি পানীখিনি মৌৰ সৈতে একেলগে ভাল দৰে লৰাওক। ইয়াৰ পাছত সেৱন কৰক। 


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।  ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages