পাইলছ ৰোগীয়ে কি কি খাব নালাগে জানি লওক : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, August 22, 2022

পাইলছ ৰোগীয়ে কি কি খাব নালাগে জানি লওক : Assamese Health Tips

Assamese Health Tips


এইসমূহ খাদ্য ভুলটো খাব নালাগে পাইলছ ৰোগীয়ে।নহলে বাঢ়ি গৈ থাকে সমস্যা।  ( Assamese Health Tips )


পাইলছ এক গুৰুত্বৰ ৰোগ।এই ৰোগৰ আন এটা নাম হল-অৰ্শ। এই ৰোগত আক্ৰান্ত হলে-কিছুমান বিশেষ খাদ্যৰ পৰা আঁতৰি থাকিব লাগে।তেতিয়াহে এই সমস্যাৰ পৰা মুক্তি পাব পাৰি।কিছুমান বিশেষ খাদ্য খালে-এই ৰোগ অধিক বেছি ভয়াবহ হৈ পৰে।


পাইলছ বা অৰ্শ ৰোগত আক্ৰান্ত লোকসকলৰ প্ৰায়ে মলদ্বাৰৰ পৰা তেজ ওলাবলৈ ধৰে।তদুপৰি কিছুমান ক্ষেত্ৰত বিষ হয়।কিন্তু সকলোৰে বিষ নহয়।এই ৰোগৰ আগতীয়া চিকিৎসাই সহজতে এই ৰোগ দূৰ কৰিব পাৰে।এনে ক্ষেত্ৰত কিছুমান খাদ্য তালিকাৰ পৰা বাদ দিব লাগে।


পাইলছ ৰোগীয়ে কি কি খাব নালাগে?


১/কাচকল-

পাইলছ ৰোগীয়ে কাচকল খাব নালাগে।কাচকলত প্ৰচুৰ পৰিমাণে আইৰণ থাকে।আৰু সেই আইৰণে আপোনাৰ কোষ্ঠকাঠিন্য বঢ়াব পাৰে।আনফালে কোষ্ঠকাঠিন্য হলে-পাইলছৰ সমস্যা বাঢ়ি যায়।গতিকে পাইলছ ৰোগীয়ে কাচকলৰ পৰা দূৰতে থাকিব লাগে।


২/কুকুৰা মাংস-

বেছিভাগ মানুহেই-কুকুৰা মাংস খায় ভাল পায়।কিন্তু কিছুমানৰ ক্ষেত্ৰত এই উচ্চ প্ৰটিনযুক্ত কুকুৰাৰ মাংসই সমস্যাৰ সৃষ্টি কৰিব পাৰে।কুকুৰাৰ মাংসত অদ্ৰৱণীয় আঁহ প্ৰচুৰ পৰিমাণে থাকে।অদ্ৰৱণীয় আঁহ থাকিলে সমস্যাৰ সৃষ্টি হয়।আনকি কোষ্ঠকাঠিন্যও হব পাৰে।সেয়ে-পাইলছ ৰোগীয়ে কুকুৰাৰ মাংস খাব নালাগে।

  ( Assamese Health Tips )


৩/চিৰা-

চিৰা অতি লঘু খাদ্য।এই খাদ্যই প্ৰথম অৱস্থাত শৰীৰত বিশেষ সমস্যাৰ সৃষ্টি নকৰে।কিন্তু খোৱাৰ পাছত এই খাদ্যই পেটৰ ভিতৰত পানী শোষণ কৰে।ইয়াৰ বাবে কোষ্ঠকাঠিন্য হোৱাৰ আশংকা থাকে।গতিকে পাইলছ ৰোগীয়ে চিৰাৰ পৰা দূৰত থাকিব লাগে।


৪/ৰেডমিট-

ছাগলী,ভেড়া আদিৰ মাংসক ৰেডমিট বুলি কোৱা হয়।নিয়মিতভাৱে ছাগলীৰ মাংস খালে-বহু ক্ষেতত সমস্যাৰ সৃষ্টি হয়।যেডমিটতো বহুত অদ্ৰৱণীয় আঁহ থাকে।ইয়াৰ উপৰিও ইয়াত থকা চৰ্বিও এই সমস্যাৰ অন্যতম কাৰণ।এই দুটা কাৰণত পাইলছ ৰোগীয়ে-ৰেডমিটৰ পৰা দূৰত থাকিব লাগে।


৫/গাখীৰৰ ছানা-

শৰীৰৰ বাবে গাখীৰৰ ছানা খোৱাটো উপকাৰী।ইয়াত প্ৰচুৰ পৰিমাণে কেলচিয়াম থাকে।আৰু সেই কেলচিয়াম হাড় শক্তিশালী কৰাত ফলপ্ৰসূ।কিন্তু নিয়মিতভাৱে গাখীৰৰ ছানা খালে-বহু লোকৰ সমস্যা বৃদ্ধি হোৱা দেখা যায়।আচলতে গাখীৰৰ ছানাত প্ৰায় আঁহ থাকে।ই কোষ্ঠকাঠিন্য বঢ়াব পাৰে।


এটা কথা মনত ৰখা উচিত-এই ৰোগ-প্ৰথমে নিয়ন্ত্ৰনলৈ আনিব লাগে।অন্যথা এই ৰোগ বাঢ়ি যায়।।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।  ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

1 comment:

  1. নিৰাময়ৰ উপায় কি।

    ReplyDelete

Advertisement

Pages