স্বাস্থ্য ৰক্ষা আৰু ৰোগ প্ৰতিৰোধত থলুৱা ব্যঞ্জনত কলখাৰ আৰু খৰিচাৰ উপকাৰিতা সম্পৰ্কে জানো আহক।। ( Assamese Health Tips )
কলখাৰ:- উজনিৰ ফালে ভীমকলৰ বাকলি শুকুৱাই ৰখা হয় আৰু সেই বাকলি পুৰি খাৰ বনাই বিভিন্ন ব্যঞ্জনত দিয়া হয়। যেনে অমিতাৰ খাৰ, তিতাফুলৰ খাৰ, মাটিমাহৰ খাৰ, বন্ধা কবিৰ পাতৰ খাৰ আদি।
খাৰৰ মুখ্য কাম হৈছে শৰীৰৰ শোধন( body detox) কৰা, অতিৰিক্ত এচিডক নিষ্ক্ৰিয় কৰি শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰা। কফ জমা হৈ মাত বহি গলে কলখাৰ অকণমান বনাই মিঠাতেল দি গৰম ভাতৰ লগত সানি খাওক। সুফল পাবই।
মোৰ নিজৰ জীৱনৰ ব্যক্তিগত অভিজ্ঞতা।ছালৰ বিভিন্ন ৰোগত( বিশেষকৈ এলাৰ্জি জনিত ৰোগ, পিম্পলছ আদি) মাজে মাজে খাৰ খালে তেজৰ শোধন হয়( blood purification) ।
খৰিচা:-বাঁহৰ গাজ ( বিশেষকৈ ভলুকা বাঁহৰ ভাল হয়) বটলত ভৰাই টেঙা হোৱাৰ পাছত চাটনি হিচাপে বা মাছ মাংসৰ লগত , বা অন্য ব্যঞ্জনৰ লগত বনাই খোৱা হয়।
মাগুৰ ,শিঙি বা গৰৈ আদি মাছ পুৰণা খৰিচা দি শুকনি( As a natural healing medicine ) হিচাপে প্ৰসূতা তিৰোতাক খাবলৈ দিয়া হয়( after delivery) ।
চৰ্বি জাতীয়( fatty food) খাদ্য খাবলৈ দিয়া নহৈছিল । চাওক চোন আমাৰ পূৰ্বজ সকলৰ খাদ্য সম্বন্ধে কিমান বিজ্ঞান সন্মত জ্ঞান আছিল । শুকান খৰিচা বৰল, মৌ মাখিয়ে বিন্ধিলে লগাই দিলে অতি সোনকালে সুফল পোৱা যায়।
সংগ্ৰহীত
ডা° ৰেইনী দেৱী
#ডাঃ ৰেইনী দেৱী ( আয়ুৰ্বেদিক চিকিৎসক)
BAMS ( GU)
গুৱাহাটী, ফোন -7399114617
এনেধৰনৰ স্বাস্থ্যজনিত লেখা আৰু পঢ়িবলৈ এই লিংকত ক্লিক কৰক - www.স্বস্থ্যবাৰ্তা.smj24.in
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আয়োৰ্বেদিক চিকিৎসক ৰেইনী দেৱী ডাঙৰীয়াণীৰ (যোগাযোগ - ৭৩৯৯১১৪৬১৭)।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Assamese Health Tips )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment