নহৰুৰ উপকাৰিতা : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, August 12, 2022

নহৰুৰ উপকাৰিতা : Assamese Health Tips

Assamese Health Tips


নহৰুক ঔষধত ব্যৱহাৰ কৰা হয়। নহৰু উষ্ণ বীৰ্য, পুষ্টিকাৰক, হজমবৰ্ধক। খাদ্য সুস্বাদু আৰু সুগন্ধি কৰিবলৈ নহৰু ব্যৱহাৰ কৰা হয়। ইয়াৰ বহুতো ঔষধি গুণো আছে। ( Assamese Health Tips )


নহৰুৰ কিছুমান ঔষধি গুণ এনেধৰণৰ-


১)হৃদৰোগৰ পৰা সুৰক্ষা-

নহৰুৱে অপকাৰী কলেষ্টৰলৰ পৰিমাণ হ্ৰাস কৰে।তেজৰ নলীত চৰ্বি জমা হব নিদিয়ে।নহৰুক এচপ্ৰিনৰ দৰে কাম কৰা দেখা যায়।গতিকে নহৰুৱে ষ্ট্ৰকৰ সম্ভাৱনা হ্ৰাস কৰে।


২/উচ্চ ৰক্তচাপ কমোৱাত নহৰু সহায়ক।


৩/তেজ পৰিষোধক হিচাপে নহৰুৱে কাম কৰে।২ফুটা নহৰু আৰু অকমাণ নেমুৰস নিতৌ পুৱা গ্ৰহণ কৰিলে ক্লান্তি আঁতৰ হয়।শালমন আৰোগ্য হয়।মেদবহুলতা কমোৱাত সহায়ক হয়।


৪/লিভাৰৰ নানান অসুখত-মৌ-জোলৰ সৈতে নহৰু ব্যৱহৃত হয়।


৫/কৰ্কট ৰোগ প্ৰতিৰোধ-

বক্ষ আৰু হাঁওফাওঁৰ কেন্সাৰ,প্ৰষ্টেট আৰু মূত্ৰাশয়ৰ কেন্সাৰ,পাকস্থলী আৰু কল'নৰ কেন্সাৰ,মাল্টি'পল মায়েলমা আদিৰ প্ৰতিৰোধত সহায়ক হয়। ( Assamese Health Tips )

 

৬/পানী লগা-চৰ্দি নহৰুৱে নিৰাময় কৰে।তেনেই সামান্য পৰিমাণৰ নহৰুৰ ৰস নাকৰ ভিতৰত সানিলে-নাকৰ পৰা পানী ওলোৱা বন্ধ হয়।


৭/ইউমিনিটি বঢ়োৱাত সহায়ক- নহৰু চাহ বনাই লগত সামান্য আদা বা মৌ-জোল মিহলাই খালে-শৰীৰত ইউমিনিটি বৃদ্ধি হয়।


৮/ডায়েবেটিচ ৰোগীৰ বাবে নহৰু উপকাৰী।


৯/ৰজোনিবৃত্তি হোৱা মহিলাৰ ইষ্ট্ৰোজেন হৰমনত ক্ৰিয়া কৰি হাঁড়ক সুৰক্ষা দিয়ে।


১০/নহৰুৰ এন্টি-বেক্টেৰিয়েল, এন্টি-ভাইৰেল আৰু এন্টি-ফাংগেল গুণ প্ৰমাণিত হৈছে।


১১)হাঁড়ৰ বিষ থকা ৰোগীৰ বাবে-নহৰু উপকাৰী।


১২/চৰ্মৰোগ যেনে-স্কেৰ'ডাৰ্মা আদিৰ চিকিৎসাত সহায়ক।


কেঁচা নহৰু খোৱাৰ উপকাৰিতা---

     

আয়ুবেৰ্দ শাস্ত্ৰত নহৰুৰ বিশেষ ভূমিকা আছে । নিয়মিয়াকৈ ১/২ কোহ কেঁচা নহৰু খালে শৰীৰৰ বাবে অতি উপকাৰী । 


প্ৰতিদিনে ৰাতিপুৱা এক-দুই কোহ নহৰু গৰম পানীৰ সৈতে খালে শৰীৰৰ সকলো দূষিত পদাৰ্থ নোম ছিদ্ৰৰ দ্বাৰা বাহিৰ কৰে । শৰীৰত তেজ পৰিশোধন হয় , ছাল সতেজ হয় ।


প্ৰতিদিনে কেঁচা নহৰু খালে কলেষ্টৰলৰ পৰিমান কম হয় , হৃদযন্ত্ৰ সুৰক্ষিত হয় , উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ হয় , পাচনতন্ত্ৰ শক্তিশালী হয় , আভোক , গেছ ,এচিডিটিৰ সমস্যা দূৰ হয় ।


গৰু ঘিউৰ লগত দুকোহ মান কেঁচা নহৰু খালে বাত বিষত আৰাম পোৱা যায় ।


গৰম পানীৰ লগত ২/৩ কোহ নহৰু খালে কোষ্ঠকাঠিন্যতাৰ সমস্যাত উপকাৰ পোৱা যায় ।


প্ৰতিদিনে ২/৩  কোহ নহৰু খালে সঘনাই হৈ থকা পানীলগা জ্বৰ-কাহ প্ৰতিৰোধ হয় ।


ঘিউ আৰু গাখীৰৰ লগত কেঁচা নহৰু খালে অৰ্শ ৰোগী উপকৃত হয় ।


মৌ ৰসৰ লগত নহৰু খালে তেজ সম্বন্ধীয় বহুতো ৰোগ , হাড়ৰ বিষ আদিত উপকাৰ পোৱা যায় ।


ৰাতি শোৱাৰ আগতে ১/২ কোহ নহৰু মৌ ৰসৰ সৈতে খালে টোপনি অহাত সহায় কৰে ।


এক-দুই কোহ নহৰুৰ লগত অকনমান নেমুৰ ৰস মিহলাই খালে শৰীৰৰ ক্লান্তি-অৱসাদ দূৰ হয় ।

 

সাৱধান নহৰু খালে এই ব্যক্তিসকলৰ শৰীৰত ভিতৰৰ পৰা যথেষ্ট ক্ষতি হ'ব


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।  ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক

No comments:

Post a Comment

Advertisement

Pages