কাষলতিৰ গোন্ধৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, August 10, 2022

কাষলতিৰ গোন্ধৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় : Assamese Health Tips

Assamese Health Tips


গ্ৰীষ্মকালীন আৰম্ভ হোৱাৰ লগে লগে, কাষলতিৰ পৰা দুৰ্গন্ধ আহিবলৈ ধৰিছে নেকি! তেন্তে এই কেইটা সহজ উপায়েৰে এই সমস্যা আঁতৰ হব।  ( Assamese Health Tips )


*কিছুমান লোকে কাষলতিৰ দুৰ্গন্ধৰ বাবে ৰাজহুৱা স্হানলৈ যোৱা পৰিহাৰ কৰে। কিন্তু এনে বহুতো ঘৰুৱা প্ৰতিকাৰ আছে, যাৰ জড়িয়তে এই সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পাব পাৰি। 


*গ্ৰীষ্মকালীন প্ৰায়ে কাষলতিৰ পৰা গোন্ধ আহিবলৈ ধৰে। যাৰ বাবে কেৱল সেই লোকজনৰ আত্মবিশ্বাসেই কম নহয়, লগতে বন্ধুবৰ্গৰ মাজত লাজৰো সন্মুখীন হব লগা হয়। এনে পৰিস্থিতিত আমাৰ চাৰিওফালৰ লোকসকলৰ যথেষ্ট সমস্যা হয়। আৰু তেওঁলোকে নাক কোচাবলৈ বাধ্য হয়। 


*কাষলতিৰ গোন্ধ কেনেকৈ আঁতৰাব! গ্ৰীষ্মকালীন কাষলতিৰ পৰা ঘাম উলোৱাটো স্বাভাৱিক। কিন্তু ই প্ৰয়োজনতকৈ যদি অধিক হবলৈ আৰম্ভ কৰে, তেনেহলে দুৰ্গন্ধ ওলাবলৈ আৰম্ভ কৰে। 


১) কাষলতিৰ দুৰ্গন্ধ আঁতৰ কৰিবলৈ এলো'ভেৰা জেল দুয়োফালে ঘঁহক আৰু প্ৰায় ৩০মিনিটৰ পাছত পানীৰে ধুই দিব। 


২/নেমুৰ ৰসৰ সৈতে বেকিং চডা মিহলি কৰি পেষ্ট বনাওক আৰু পাছত কাষলতিৰ তলত এই পেষ্ট ১৫ মিনিটলৈ লগাই ৰাখক। 


৩/বিলাহীৰ ৰস কাষলতিৰ দুৰ্গন্ধ আঁতৰ কৰাত কাৰ্য্যকৰী। বিলাহীৰ ৰস কাষলতিৰ তলত ১৫মিনিটলৈ লগাই ৰাখক আৰু তাৰপিছত ধুই পৰিষ্কাৰ কৰক। 


৪/এপল চাইডাৰ ভিনেগাৰক পানীত মিহলি কৰি লওক আৰু পাছত ইয়াক কাষলতিৰ তলত প্ৰয়োগ কৰক। আৰু তাৰ পিছত ধুই দিব।  ( Assamese Health Tips )


৫/নাৰিকল তেলেৰে কাষলতিৰ তল ১৫মিনিটলৌ মালিচ কৰক আৰু ইয়াক প্ৰায় আধা ঘন্টাৰ পাছত চাবোন আৰু পানীৰে ধুই দিব। 


৬/লেভেণ্ডাৰ অইলেৰে মালিচ কৰিলে কাষলতিৰ দুৰ্গন্ধ আঁতৰ হয়। 


৭) আলুৰ বাকলি গুচোৱাৰ পাছত ইয়াক কাষলতিৰ তলত ঘঁহক আৰু তাৰ কিছু সময়ৰ পাছত ভালদৰে ধুই দিব। ইয়াৰ জড়িয়তে কাষলতিৰ দুৰ্গন্ধ আঁতৰ হব। (সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।  ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages