বহুত বাৰ মৃত্যু হোৱা সময়ত ব্যক্তিয়ে বহুত কষ্ট পাই ।মুখখনো খোল নাখায়। বহুত কষ্ট হয় তেতিয়া ভগৱানলেও মনত নপৰে।( Assamese Fact )
যাৰ পুণ্য বেছি যিয়ে জীৱনত ভগৱানৰ বহুত ভক্তি কৰিলে তাৰ মুখলৈ ভগৱানৰ নাম আহিব। কিন্তু পাপী ব্যক্তিসকলে মৰা সময়তো ভগৱানৰ নাম নলয়। কোৱা হয় যে যিমান পাপী ব্যক্তি হ'লেও মৰা সময়ত যদি গংগা জল,তুলসী আৰু ভগৱানৰ নাম লয় তেতিয়া তাৰ সদ্ গতি ভগৱানে কৰিবয়ে। সত্যত থাকি ভগৱানৰ নাম লৈ কাম কৰি যাওঁক। ইয়াত কাৰো লোকচান নাই।
বহুত ভাগ্যৰ ফলত মানুহৰ শৰীৰ পোৱা যায় ইয়াকে ইনেই যাবলৈ নিদিব। ভৰতে মৰা সময়ত মৃগ পশু কথা ভাবি আছিল। সেই কাৰণে তেওঁ ইমান জ্ঞানী হোৱাৰ পাছতো তেওঁ মৃগ পশু হ'ব লগা হ'ল। তাৰ পাছত তৃতীয় জন্মত তেওঁ বামুণৰ ঘৰত জন্ম ল'লে । তেওঁৰ দেউতাকে গায়ত্ৰী মন্ত্ৰ আদি কৰি সকলো শিকালে কিন্তু তেওঁ নিশিকিলে । সেই কাৰণে তেওঁ নাম জৰ ভৰত দিয়া হ'ল যাৰ অৰ্থ হ'ল-মূৰ্খ ভৰত। ভৰত জ্ঞানী আছিল কিন্তু তথাপিও মূৰ্খৰ দৰে ব্যৱহাৰ কৰিছিল।
কাৰণ জ্ঞানী মানুহক সকলোৱে আমনি কৰে সেই কাৰণে তেওঁ মূৰ্খ হৈ জীৱন ভৰ ভগৱানৰ ভজন কৰিব বিচাৰিছিল। এদিন ভৰতক ককায়েকহঁতে ক'লে-যা খেতিলে, চৰাইবোৰ খেদগে নহ'লেবা সকলো ধান খাই পেলাব। তেতিয়া ভৰতে গান গাবলৈ ধৰিলে। ৰামৰ চৰাই ,ৰামৰ খেতি , খোৱা চৰাই পেট ভৰাই ধান। শ্ৰীৰাম জয় ৰাম জয় জয় ৰাম। তাৰ পিছত ককায়েকহঁতে আহি দেখিলে ৰাম ৰাম ই চোন গোটেই ধানবোৰ চৰাইক খোৱালে। ককায়েকহঁতে লাঠি লৈ তাক গালি দিলে আৰু ক'লে যা ঘৰত আজিৰ পৰা মুখ নেদেখোৱাবি।একো কাম নোৱাৰে কৰিব।
( Assamese Fact )
তেতিয়া ভৰতে ভাবিলে ভালেই হ'ল। সত ব্যক্তি সেইজনহে যিজনে মান , অপমান দুয়োটা সময়তে ভগৱানক মনত পেলাই।ভৰতে জংঘললৈ গুচি গ'ল। জংঘলৰ আদিবাসী ৰজাই ভৰতক ধৰি পেলালে বলী দিবৰ কাৰণে।এই পৰম্পৰা বহুত বেয়া আছিল যি সিহঁতি কৰিছিল। তেতিয়া দেৱীয়ে ভাবিলে ৰাম ৰাম এই পাপী কেইটায়ে আগতে সাধাৰণ মানুহ বলী দিয়ে আজি ভগৱানৰ ইমান ভাল ভক্তকে বলী দিবলৈ লৈছে। প্ৰকট হৈ ভদ্ৰকালী দেৱীয়ে সিহঁতৰে ডিঙি কাটি পেলালে।যা তঁহতৰ শাস্তি এইটোৱে তঁহতি বহুত মানুহ ইনেই মাৰিলি মোৰ নাম লৈ লৈ।
তাৰ পাছত ভদ্ৰকালী দেৱীয়ে ভৰতক তাৰ পৰা মুক্ত কৰি দিলে। ভাগৱতত লিখা আছে যে আমি কেতিয়াও কাৰো হত্যা কৰিব নালাগে। অহিংসাই পৰম ধৰ্ম।বলী দিয়াতো ভুল পৰম্পৰা। বলী দিলে কেতিয়াও দেৱী দেৱতা সন্তোষীত নহয়।প্ৰেমৰ দ্বাৰাহে ভগৱান সন্তোষ হয়।বলী দিব লগা আছে যদি নিজৰ অহংকাৰ আৰু খঙৰ বলী দিয়ক। আমাৰ দেশৰ কাৰণে আমাৰ সেনাই নিজৰ বলী দিয়ে নে নাই। সেইকাৰণে দিবলে মন থাকিলে নিজৰ দিয়ক আনৰ নহয়।
কিমান অন্ধবিশ্বাস আমাৰ ভাৰতত চলি আছে।এই অন্ধবিশ্বাসৰ ফলতেই আজিকালি আমাৰ মানুহবোৰে শাস্ত্ৰৰ ওপৰত ৰুচি নেদেখুৱাই।শাস্ত্ৰয়ে কিছুমান কথা কয় মানুহৰ হিতৰ কাৰণে কিন্তু মানুহে তাৰ ওলোটা অৰ্থ ভাবি তাতো নিজৰ স্বাৰ্থ সংযোগ কৰি লয়। তাৰ পাছত সেই কথাটো ভুল হৈ পৰে।শাস্ত্ৰত যি লিখা আছে সেইটো মানক।তাত বেলেগকে নিজৰ কথা সংযোগ নকৰিব।দান কৰিব লাগে কেনেকুৱা জানেনে বলীয়ে যে কৰিছিল তেনেকুৱা বলীদান কৰিব লাগে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত
No comments:
Post a Comment