এজোপা আম গছ আৰু এজোপা আঁহত গছৰ কথাৰে অহংকাৰ কৰাৰ পৰিণামৰ কেনেধৰণৰ হব পাৰে ভালদৰে বুজি লওক । ( Assamese Fact )
এটা বাটৰ কাষতে এজোপা আম আৰু এজোপা আহঁতৰ গছ আছিল।আম গছজোপা আমেৰে ভৰি পৰিছিল।লাহে লাহে আম পকিবলৈ ধৰিলে।যিয়ে সেই বাটেৰে যায়-আম গছজোপাৰ তলত বহিছিল আৰু আমৰ সুৱাদ লৈ আনন্দিত হৈছিল।আনহাতে বৃদ্ধ আঁহতৰ তলত কোনেও জিৰণি লোৱা নাছিল।
*তাকে দেখি লাহে লাহে আমজোপাৰ অহংকাৰ হবলৈ ধৰিলে।
*আমজোপাই
আহঁতজোপাক মাত লগালে-
তোমাৰ ভাগ্যখন কিমান যে বেয়া!তোমাৰ চায়াত কোনো বাটৰুৱাই জিৰণি নলয় আৰু তোমাৰ তাত কোনো ফল নালাগে।তোমালৈ কোনোৱে ঘূৰিকে নাচায়?
*আমজোপাৰ কথা শুনি বৃদ্ধ আহঁতে কলে-বোপাই ইমান অহংকাৰ ভাল নহয় কিন্তু! সকলোৰে নিজৰ নিজৰ বিশেষ মহত্ব থাকে।আৰু সেই অনুসাৰে তাৰ প্ৰয়োগ কৰা হয়।সেইবাবে তুমি বেছি অহংকাৰ কৰিব নালাগে।
*আমজোপাই-আহঁতজোপাৰ কথাক নুশুনাৰ দৰে কৰিলে।
*এদিনৰ কথাৰে-
কাষৰে গাওঁৰ কিছু দুষ্ট লৰাই-আমজোপাৰ ওচৰলৈ আহিল আৰু সকলোবোৰ আম চিঙি ঘৰলৈ লৈ গল।লৰা-ছোৱালীবোৰে আম পাৰোঁতে আমজোপাৰ ডাল পাত চিঙি থৈ গল। ( Assamese Fact )
*এতিয়া আমজোপা দেখিবলৈ বৰ অশুভ হৈ পৰিল।তেতিয়া আমজোপাই নিজকে দেখা পায় বৰ লাজ পাইছিল। আমজোপাক লাজ কৰা দেখি-আহঁতজোপাই কলে-দেখিলা বোপাই-তোমাৰ অহংকাৰে তোমাক সংকটত পেলালে।তোমাৰ সুন্দৰতাই তোমাক ধ্বংস কৰি দিলে।কিন্তু মই যেনেকুৱাই-তেেনেদৰে মই সুৰক্ষিত হৈ আছো।আৰু মোৰ কোনো ক্ষতিও নাই হোৱা।
*আহঁতজোপাৰ কথা শুনি আমজোপাই নিজৰ ভুল বুজি পালে।আৰু তেতিয়াৰেপৰা আমজোপাই অহংকাৰ কৰিবলৈ এৰিলে আৰু আহঁতজোপাৰ লগত মিলিজুলি থাকিবলৈ ধৰিলে।
কিছুমান ব্যক্তিয়ে নিজৰ সৌন্দৰ্যক লৈ যথেষ্ট অহংকাৰী কৰে কিন্তু এটা কথা মনত ৰাখিব সৌন্দৰ্য চিৰজীৱনৰ বাবে নাথাকে । থাকে মাথোঁ আপুনি কৰি যোৱা ভাল বেয়া কামবোৰৰ পৰিণতি । আপুনি যদি আপোনাৰ ভাল সময়চোৱাত কোনো অসহায় ব্যক্তিক সহায় কৰিছে তেতিয়া সেই অসহায় ব্যক্তিৰ আশীৰ্বাদৰ বাবে আপুনি কোনো দিন বিপদত নপৰে আৰু যদিও আপুনি কোনোধৰণৰ বিপদৰ মুখামুখি হয় তেতিয়া আপুনি যেনেদৰে সেই অসহায় ব্যক্তিজনক সহায় কৰিছিলে ঠিক তেনেদৰে আপোনাকো সহায় কৰিবলে ভগৱানে নিশ্চয়কৈ আপোনাৰ ওচৰলৈ কোনো ব্যক্তিক পঠিয়াব ।
কিন্তু এটা কথা মনত ৰাখিব জীৱনত যিমানেই কঠিন পৰিস্থিতি আহক কেতিয়াও পৰাজয় স্বীকাৰ নকৰিব সদায় নিজৰ কৰ্ম কৰি আগবাঢ়ি যাব এদিন নহয় এদিন নিশ্চয় আপুনি আপোনাৰ লক্ষ্যত উপনীত হ'ব ।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment