পানীৰ এই সপোনবোৰৰ অৰ্থ জানি লওক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, August 22, 2022

পানীৰ এই সপোনবোৰৰ অৰ্থ জানি লওক : Assamese Fact

Assamese Fact


সপোনত পানী দেখাৰ বহুতো অৰ্থ আছে । এনেধৰণৰ সপোনে আমাক বহুতো সংকেত দিয়ে। এই সপোনবোৰৰ অৰ্থ জানো আহক। ( Assamese Fact )


১)সপোনত বৰষুণৰ পানী দেখা- স্পন্ন শাস্ত্ৰ অনুসাৰে-বৰষুণৰ পানী দেখাটো শুভ প্ৰতীক মনা হয়।ইয়াৰ অৰ্থ হৈছে-আপুনি শীঘ্ৰেই-কোনো ডাঙৰ ভাল বাতৰি শুনিবলৈ পাব।আপোনাৰ কোনো কামত সফলতা প্ৰাপ্ত হব।

২/সপোনত বানপানীৰ পানী দেখা-বানপানীয়ে জীৱনটো ধ্বংস কৰি দিয়ে।যদি আপুনি সপোনত বানপানী দেখিছে-তেতিয়া বুজিব-আপোনাৰ জীৱনলৈ কষ্টৰ আগমণ ঘটিব।অথবা আপুনি বেয়া খবৰ শুনিবলৈ পাব।

৩/সপোনত কুঁৱাৰ পানী দেখা পালে- সপোন শাস্ত্ৰ অনুসাৰে-সপোনত কুঁৱাৰ পানী দেখাটো শুভ সংকেত হয়।যদি আপুনি সপোনত কুঁৱাৰ পানী দেখিছে-তেন্তে আপুনি কোনোবাফালৰ পৰা ভাল খবৰ পাব।বা ধনৰ লাভ হব। ( Assamese Fact )


৪/সপোনত নদীৰ পানী দেখিলে-

*সপোন শাস্ত্ৰ অনুসাৰে-সপোনত নদীৰ পানী দেখিলে-পুৰণি ইচ্ছা অতি সোনকালেই পূৰ্ণ হব।আপুনি জীৱনত কোনো সোণালী সুযোগ পাব।অথবা আপোনাৰ জীৱনত আগ বঢ়াৰ সুযোগ লাভ কৰিব।যদি আপুনি নিজকে নৈত সাঁতুৰি থকা দেখে-তেতিয়াও এয়াও শুভ হয়।

৫/সপোনত সমুদ্ৰৰ পানী দেখিটো-

*সপোনত সমুদ্ৰৰ পানী দেখাটো শুভ মনা নহয়।সপোন শাস্ত্ৰ অনুসাৰে-এনে সপোনে জীৱনৰ খলা-বমাৰ ফালে সংকেত দিয়া দেখুৱায়।এনে সপোন দেখিলে-অৰ্থাৎ ভৱিষ্যতে আপোনাৰ কাৰোবাৰ লগত কাজিয়া হব পাৰে।যদি আপুনি সপোনত সমুদ্ৰৰ পানী দেখে-তেন্তে আপুনি নিজৰ বাণী ওপৰত নিয়ন্ত্ৰণ কৰিব লাগে।কাৰণ-এয়া বহুত ডাঙৰ বিবাদৰ কাৰণ হব পাৰে।। (সংগ্ৰহিত)

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages