যি ব্যক্তিয়ে এই কাম কৰে সেইজনে অপমানৰ সন্মুখীন হবলগীয়া হয়। ( Assamese Fact )
ৰামায়ণ,মহাভাৰত,গৰুড় পুৰাণ আদি গ্ৰন্থত-এনে কিছুমান কামৰ কথা কোৱা হৈছে-যাক আমি কৰিব নালাগে।যি লোকে বৰ্জিত হোৱা কাম কৰে-সেইজনে বহু প্ৰকাৰৰ সমস্যাৰ সন্মুখীন হবলগীয়া হয়।
*সেই কাম সমূহ হৈছে-
১/সন্তানক মন নকৰাটো-
যদি কোনো ব্যক্তিয়ে সন্তানৰ পালন-পোষনত মন নিদিয়ে তেতিয়া সন্তান বেয়া হয়।সন্তান সংস্কাৰী নহলে আৰু বেয়া কায্য কৰিলে ইয়াৰদ্বাৰা অপমানে পোৱা যায়।ঘৰৰ ডাঙৰ লোকে মন নিদিলে সন্তান বেয়া পথলৈ যায়।পিতৃ-মাতৃয়ে সন্তানৰ ভাল ভৱিষ্যতৰ বাবে উচিত মন কাণ দিব লাগে।সন্তানে ভাল সংস্কাৰ পায় যাতে-এই কথাত ধ্যান দিব লাগে।
২/লোভ কৰা-
যি লোক ধনী হয়,কিন্তু ঘৰ পৰিয়ালৰ প্ৰয়োজনীয়তাত খৰচ নকৰে,ধনৰ বাবে লোভ কৰে,সেই ব্যক্তিয়ে সমাজত সন্মান নাপায়।ধনৰ প্ৰয়োজন হলেও খৰচ নকৰাত আৰু চিকতা কৰাত,ধনৰ লোভ অধিক বৃদ্ধি হয়।আৰু অধিক ধনৰ বাবে ব্যক্তিয়ে অসৎ কায্যও কৰিব পাৰে। ( Assamese Fact )
৩/দুষ্ট লোকৰ সংগ-
ভাল বা বেয়া সংগৰ প্ৰভাৱ আমাৰ জীৱনত পৰে।যদি আামাৰ সংগ বেয়া লোকৰ লগত আছে,তেতিয়া কিছু সময় সুখৰ প্ৰাপ্ত হব।কিন্তু পৰিণাম বহুত বেয়া হব।বেয়া সংগৰপৰা নিজকে আঁতৰত ৰাখিব লাগে।
৪/ধনৰ অভাৱ হলে-অধিক খৰচ কৰা-
যি লোকো নিজৰ আয়ৰ দ্বাৰা-অধিক খৰচ কৰে।অত্যাধিক দান কৰে,সেই ব্যক্তিয়ে বহু প্ৰকাৰৰ সমস্যাৰ সন্মুখীন হবলগীয়া হয়।আমদানী কম হলে বা ধনৰ অভাৱ হলেও,নিজৰ কথা পুৰা কৰা,ফুৰ্তি-আনন্দ কৰা,বিনা কাৰণত পইচা খৰচ কৰাটোয়ে সম্পূৰ্ণ পৰিয়ালক বিপদত পেলাব পাৰে।এনে কায্যৰ দ্বাৰা অপমানে পোৱা যায়।
৫/আনৰ ক্ষতি কৰিলে-
যি লোকে নিজৰ স্বাৰ্থ পূৰ্ণ কৰিবলে-আনৰ ক্ষতি কৰে,সেই লোকে এই কামৰ ভয়ংকৰ ফল প্ৰাপ্ত কৰে।এনে কায্যৰ দ্বাৰা কৰাজনৰ লগতে-পৰিয়ালেও লোকচান আৰু অপমান ভূগিব লগীয়া হয়।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment