দীপা,সোনকাল কৰা, নহলে মোৰ ফ্লাইট মিচ হৈ যাব। অ হল হল, এয়া লওক আপোনাৰ বেগ। ইয়াত আপোনাৰ প্ৰয়োজনীয় সকলো ভৰাই দিছো। ( Assamese Fact )
অ, শুনা, তপন- বাটত মোক পেহী ঘৰত থৈ যাবা নি! তেওঁলোকৰ ঘৰত পূজা এভাগি আছে। পেহীয়ে মোক বহু মৰমেৰে মাতি পথিয়াইছে। চোৱা মই সাজু হৈ আছো। তপন, বলীয়া হলা নি! এতিয়া কি মই তোমাক তাত থবলৈ যাম! আৰু এয়া কি যতে ততে ফুৰিবলৈ যোৱাৰ কথা ভাৱি থাকা! ঘৰত থাকা। ঘৰটো বহুত কাম ওলাই থাকে। যেতিয়াই দেখোঁ, কেৱল অমোকত যাব লাগিছিল,তমোকত যাব লাগিছিল!
দীপাই মনে মনে তপনৰ কথা শুনি থাকিল। তাইৰ উদাশ মুখখনি দেখা পায় তপনে কলে, অ ঠিক আছে। মই এতিয়া যাব নোঁৱাৰো। লৰা ছোৱালী দুটাৰ লগত গুচি যোৱা। দীপা নিজৰ লৰা কাকুৰ ওচৰলৈ যায়, যি সেই সময়ত, ক্ৰিকেট মেচত সম্পূর্ণ ৰূপে ব্যস্ত হৈ আছিল।
কাকু, এয়া লোৱা তোমাৰ চাহ। আৰু শুনাচোন, আজিটো তোমাৰ কলেজ বন্ধ হয় ন! তেতিয়া বলা, পেহী আইতা ঘৰলৈ যাওঁ। আজি তেওঁলোকৰ ঘৰত পূজা এভাগ আছে। কাকু, যিয়ে মেচ দেখাত ব্যস্ত হৈ আছিল, কিনো মা, মই ইমান দৰকাৰী মেচখন এৰি আপোনাৰ লগত পূজালৈ যাম! আপুনি চুমনক লৈ যাওঁক। মই কেব বোক কৰি দিম। মই ইমান ভাল লগা মেচখন এৰিব নোঁৱাৰো। দীপা পুনৰ উদাশ হৈ পৰিল।
ঠিক আছে কাকু, চাহ খায় লোৱা, নহলে ঠাণ্ডা হৈ যাব। দীপাই এতিয়া নিজৰ কথা লৈ চুমনৰ ওচৰলৈ গল, যিয়ে সেই সময়ত মোবাইলৰ লগত ব্যস্ত হৈ আছিল। চুমন এয়া লোৱা, তোমাৰ ব্লেক তী। আৰু,চুমন শুনাচোন, মই এয়া কৈছো যে, আজি তুমি আৰু মই পেহী আইতা ঘৰলৈ যাও বলা, আজি তেওঁলোকৰ ঘৰত পূজা আছে। কাকুৱে কেব বোক কৰি দিব। আহিব সময়ত মাক জীয়েকে বহুত বজাৰ কৰি আহিম, বহুত ভাল লাগিব ন! পূজা কথা শুনি চুমনে এনেকৰি চালে যেনেদৰে, মাংস নোখোৱা জনৰ ওচৰত মাংস আনি দিছে, পূজা? নহব মা। আজি প্ৰথমপৰাই মোৰ প্লান ঠিক কৰি ৰাখিছো। এতিয়া জুম্পি লগত বজাৰলৈ যাম আৰু নিশালৈ মুনৰ লগত বাহিৰত খাবলৈ যাম। আৰু এই অদৰকাৰী কথাত মোক সংযুক্ত নকৰিবা।
দীপাই বহু মৰমেৰে কলে, মাজনী তুমি তোমাৰ বান্ধৱী লগত আবেলি পৰত যাবা। আমি পূজাত বেছি দেৰি নাথাকো নহয়! নহব মা। মই আগৰেপৰা সকলো ঠিক কৰি ৰাখিছো। সকলোৱে নিজৰ নিজৰ জীৱনক লৈ ব্যস্ত হৈ আছিল। এজনী দীপাই আছিল যি, নিজৰ জীৱনৰ বাহিৰে আনৰ চিন্তা বেছিকৈ কৰিছিল। কিন্তু শান্তি বুলা নামৰ বস্তুটো তাইৰ লগত নাছিল। সকলোকে লগত লৈ যাব বিচাৰিছিল কিন্তু সকলোবোৰে নিজৰ নিজৰ পৃথিৱীত ব্যস্ত হৈ আছিল। ( Assamese Fact )
অ তেওঁলোকৰ দীপালৈ তেতিয়া হে মনত পৰিছিল, যেতিয়া কিবা প্ৰয়োজন হয়। দীপা, শুনাচোন বিজুলী বিলখন দিব নোঁৱাৰিলো, তুমি মনত পেলাই দি দিবা। তপনে নিজৰ কথা কয় গুচি গল। মা, আজি প্লিজ কিবা ভাল খাবলৈ বনাবা না! আজি ঘৰলৈ মোৰ বান্ধৱী আহিব। এয়া আছিল চুমনৰ কথা। মা মই কাপোৰ ধূৱলৈ দিছিলো, আপুনি লৈ আহিব না! মই বন্ধুৰ ঘৰত মেচ চাবলৈ যাওঁ। এয়া আছিল ক্ৰিকেট প্ৰেমী কাকু। দীপাই সকলোৰে শুনিছিল। কিন্তু তাইৰ কোনেও নুশুনিছিল।
দীপাই ভাৱিলে, কৰবাত বাহিৰতো ফুৰিবলৈ যোৱাৰ ফেমেলী ট্ৰীপ বনাও। যত সকলোৱে একেলগে আনন্দ কৰিব পাৰিম। এই বিষয়ে দীপাই তপনৰ লগত কথা পাতিলে, তেতিয়া তপনে তাইক বুজালে, তুমিও নহয়, ঘৰতে থাকি কেৱল এইবোৰকে ভাৱি থাকা। তুমি নাজানি নি, মোৰ কিমান কাম আছে, অফিচত। এই প্লান তুমি অহা বছৰলৈ ঠিক কৰিবা। অ, প্ৰতিবছৰে প্লান কৰোঁ, আৰু এনেদৰে কয়ে সকলোবোৰ শেষ কৰি দিয়া তুমি। দীপাই অলপ দুখ মনেৰে কলে।
তাৰপাছত কথাটো বুজাই লৈ, শুনা না, চোৱা না, কিমান ধুনীয়া ঠাই হয় গোৱা। মই মোবাইলকে সকলো চাই লৈছো। হোটেলো ইয়াৰপৰাই ঠিক কৰিব পাৰিম। তেতিয়া তপনে খং কৰি কলে, যোৱা, চাহ একাপ আনাগৈ! দীপাই অ বুলি, পাকঘৰলৈ গুচি আহিল। পাচদিনা দীপাই বেগ পেকিং কৰি ৰূমৰ পৰা ওলাই আহিল, তেতিয়া সকলোবোৰ আৰ্শ্বয্যনক হৈ পৰিল। অ, মা এয়া কি! আপুনি কোনফালে যায়! চুমনে সুধিলে! অ, মাজনী মই গোৱালৈ যাওঁ। তেতিয়া সকলোৰে মুখৰ ৰং সলনি হৈ গল। তপনে কলে, এয়া কি হৈছে! আচৰিত ভাৱে তোমাৰ গোৱালৈ যোৱাৰ প্লান কিদৰে ঠিক হৈ গল! অ, কালিয়েটো মই তোমাক কৈছিলো দেখুন, আপোনালোকৰ যাবলৈ সময় নাই, কিন্তু মোৰ সময় আছে! কাকু, কিন্তু মা আপুনি কেনেকৈ অকলে যাব, আপুনিও নহয় একো চিন্তা নকৰে। কাকু, যি তোমালোক দুটাক জন্ম দি ইমান ডাঙৰ কৰিব পাঁৰো, তেতিয়া হলে নিজৰো চোৱা চিতা কৰিব পাৰোঁ।
চুমন, কিন্তু আপুনি যোৱাৰ পাছত আমাৰ কি হব! পুৱাৰ আহাৰ, নিশাৰ আহাৰ এইবোৰ কেনেকৈ কৰিম! অ মাজনী, এতিয়া ইমান ডাঙৰ হৈ গলা, এতিয়াটো সকলো নিজে কৰিবলৈ শিকি লোৱা! তথাপিটো আপোনালোকে চিন্তা নকৰিব। মই খোৱাৰ বাবে, কাম কৰা বাইজনীক বুজাই দিছো। তাই সকলো কৰি দিব। হব এতিয়া মই যাওঁ। ট্ৰেইন, হোটেল সকলোবোৰ ইয়াৰেপৰা বোকিং কৰি লৈছো। কেবো আহি পাবহিয়েই। দীপাৰ এই ব্যৱহাৰক লৈ সকলো চিন্তিত হৈ পৰিছিল। যিয়ে, দীপাৰ লগত এতিয়ালৈকে যাবলৈ সাজু নাছিল, এতিয়া দীপাৰ লগত যাবলৈ কলে। কিন্তু এই কথাত দীপা মান্তি নহল।
আজি তাই নিজে নিজৰ বাবে জীৱন অতিবাহিত কৰিবলৈ যাবলৈ লৈছিল। সকলোৱে মনা কৰিলে, কিন্তু দীপাই মানি নললে। আপোনালোকে কিয় চিন্তা কৰিছে, মই গুচি যাম। তপন, আপোনাৰটো বহুত কাম আছে ন! আৰু চুমন মাজনী তোমাৰ কিমান প্লান আছে, জুম্পি আৰু মুনৰ লগত। আৰু কাকু, তোমাৰটো প্ৰতিদিনে মেচ থাকে, তুমি আকৌ কেনেদৰে যাবা! মই অকলেই গুচি যাম। আপোনালোকে কেতিয়াও নাভাৱিলে যে মোৰো কিছুমান মনৰ ইচ্ছা আছে। কিন্তু আপোনালোকে কেৱল এজনী বনকৰা বাই বুলিয়ে ভাৱিলে। আজিলৈকে কেৱল আপোনালোকৰ বাবে জীয়াই আছিলো, কিন্তু আজি গৈছো, নিজৰ বাবে জীয়াবলৈ।
মই নিজৰ লৰা ছোৱালী দুটাৰ মাজত নিজৰ সুখ বিচাৰিছিলো, কিন্তু তোমালোকে কেতিয়াও মোৰ সুখৰ কথা চিন্তা নকৰিলা। মই মা হয়, বনকৰা বাই নহয়। মোৰো নিজৰ মতে জীয়াবলৈ অধিকাৰ আছে। এয়া কয়ে, দীপাই নিজৰ বেগটো লৈ গুচি গল। সকলোৱে নিজৰ ভুল স্বীকাৰ কৰিলে, কিন্তু তেতিয়ালৈকে বহুত পলম হৈ গল। দীপাই অকলেই নিজৰ বাটত আগবাঢ়ি গল।
আজিকালি প্ৰায়বোৰৰ ঘৰত এনে দেখিবলৈ পোৱা যায়। কথা যাতে সকলো ঘৰৰে বেলেগ বেলেগ হয়। কিন্তু মাৰ অৱস্থা এজনী বনকৰা বাই দৰে হৈ পৰে। যি গৰাকীয়ে নিজৰ জীৱনটো সন্তানৰ বাবে এৰি দিয়ে। সেইবাবে সকলোৱে প্ৰতিগৰাকী মাৰ বিষয়ে চিন্তা কৰিব লাগে। কাৰণ তেওঁ মা হয়। তেওঁক সদায়ে মাৰ স্থান দিব লাগে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
সুন্দৰ পদক্ষেপ।
ReplyDelete