আজিকালি শিশুহঁতৰ ইমানেই খং যে-কাৰো কথা শুনিব নোখোজে।বেছিকৈ খং উঠা শিশু এটিৰ খং কমোৱাৰ কাৰো সাধ্য নাথাকে। ( Assamese Fact )
শিশুক মাৰ-পিট কৰা বা জোৰ কৰি কোনো কাম কৰিবলৈ বাধ্য কৰোৱা গুৰুত্বৰ অন্যায়।বিশেষজ্ঞসকলৰ মতে-অভিভাৱকৰ এনে আচৰণে শিশুৰ-মনঃস্বত্বৰ ওপৰত বহুত নেতিবাচক প্ৰভাৱ পেলায়।তেন্তে খং উঠা শিশুক কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰি-তাৰে কেইটামান কথাৰে-
১)খংক ইতিবাচক শক্তিলৈ ৰূপান্তৰ কৰিবলৈ যত্ন কৰিব লাগে-অৰ্থাৎ আপোনাৰ শিশুক প্ৰশংসা কৰক।শিশুক প্ৰশংসা কৰিলে অতি সহজে নিয়ন্ত্ৰণত আনিব পাৰে।
২/যি পৰিৱেশত শিশুৰ খং উঠিছিল-তেনে পৰিৱেশৰ পৰা শিশুটিক আঁতৰাই নি-এক শান্ত পৰিৱেশলৈ লৈ যাব।আৰু শিশুৰ খং নিয়ন্ত্ৰণত সহায়ক হব। ( Assamese Fact )
৩/খং উঠিলে শিশুটিয়ে কিবা নহয় কিবা কৰে।সিহঁতৰ প্ৰতিক্ৰিয়া অনুযায়ী শিশুৰ প্ৰশংসা কৰিব লাগে।প্ৰথমে নিজেই মন কৰক-সকলোবোৰৰ মাজতেই যেন কিবা ভাল এটা কাম কৰি পেলাইছে আপোনাৰ সন্তুানে।সেইবাবে বিনাদ্বিধাই প্ৰশংসা কৰিব আপোনাৰ সন্তানক।দেখিব শিশুটোৱে তৎক্ষণাত সকলো খং পাহৰি গৈছে।
৪/অভিভাৱকসলেও শিশু এটিৰ খং উঠাৰ কাৰণ বুজি নাপাবও পাৰে।সেয়ে পৰিৱেশ বুজি মৰমৰে শিশুৰ মনৰ কথা জানিবলৈ আগ্ৰহ প্ৰকাশ কৰক।পাৰিলে সেয়া পূৰণ কৰিবলৈ চেষ্টা কৰক।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment