এই ৫টা কথা জীৱনৰ কঠিন সময়ত মানুহৰ বাবে সদায়ে উপযোগী : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, August 29, 2022

এই ৫টা কথা জীৱনৰ কঠিন সময়ত মানুহৰ বাবে সদায়ে উপযোগী : Assamese Fact

Assamese Fact


চাণক্যৰ মতে জীৱনৰ কঠিন সময়ত সদায়ে কামত আহে, এই ৫টা বস্তু।  ( Assamese Fact )


এজন দক্ষ চতুৰ ৰণনীতিবিদ তথা কূটনীতিবিদ আচার্য চাণক্যৰ সমাজৰ প্ৰায় সকলো সৰু বৰ বিষয়ৰ ওপৰত গভীৰ জ্ঞান আছিল। আচার্য চাণক্যই নিজৰ জীৱনকালত সদায়ে সমাজক পথ পদৰ্শন কৰিছিল। আৰু তেওঁৰ নীতি শাস্ত্র ৰচনা কৰিছিল। 


এই নীতি শাস্ত্রৰ জড়িয়তে আচার্য চাণক্যই মানুহক সঠিক জীৱন যাপন কৰাৰ পথ দেখুৱাইছে। সেয়ে আচার্য চাণক্যৰ নীতিবোৰ আজিও প্ৰাসংগিক বুলি গণ্য কৰা হয়। 


বিশ্বাস কৰা হয় যে, যি গৰাকী ব্যক্তিয়ে আচার্য চাণক্যৰ নীতিবোৰ অনুসৰণ কৰে, তেওঁ তেওঁৰ জীৱনৰ প্ৰতিটো লক্ষ্য প্ৰাপ্ত কৰিব পাৰে। আচার্য চাণক্যই তেওঁৰ নীতি শাস্ত্ৰত ৫টা কথা উল্লেখ কৰিছে, যিবোৰ কঠিন সময়ত মানুহৰ বাবে সদায়ে উপযোগী হয়। 


সেই ৫টা কথা হৈছে-


১/বিদ্যা-

আচার্য চাণক্যৰ মতে, জ্ঞান কেতিয়াও চুৰ কৰিব নোঁৱাৰি বা ইয়াক কেতিয়াও কোনেও আপোনাৰ পৰা কাঢ়ি নিব নোঁৱাৰে। জ্ঞান আহৰণ কৰাটো কামধেনুৰ দৰে। জীৱনৰ কঠিন সময়ত জ্ঞান আপোনাৰ বাবে আটাইতকৈ উপযোগী পৰিগণিত হব পাৰে আৰু কঠিন পৰিস্থিতিৰ পৰা ওলাই অহাত সহায় কৰিব পাৰে। আচার্য চাণক্যই বিদ্যাক গোপন সম্পদ বুলিও গণ্য কৰি থৈ গৈছে।  ( Assamese Fact )


সন্ত ব্যক্তিৰ সংগতি

আচার্য চাণক্যৰ মতে, সাধু জ্ঞানীসকলৰ সংগত বাস কৰা ব্যক্তিসকল অতি সৌভাগ্যবান। তেনে ব্যক্তিয়ে জীৱনৰ প্ৰতিটো পৰিস্থিতি দৃঢ়ভাৱে সন্মুখীন হবলৈ সক্ষম হয়। সমস্যা আহিলেও এনে ব্যক্তি ভাগৰি নপৰে। সেইবাবে তেনে ব্যক্তিয়ে সুখ আৰু শান্তিত বসবাস কৰে। 


সুস্থ শৰীৰ

চতুৰ ৰণনীতিবিদ আচার্য চাণক্যই বিশ্বাস কৰিছিল যে, প্ৰতিকূল পৰিস্থিতিটো স্বাস্থ্যবান শৰীৰৰ বাবে মানুহৰ কামত আহে। কিয়নো যদি এজন পুৰুষৰ শৰীৰ স্বাস্থ্যৱান হয়, তেন্তে তেওঁ তেওঁৰ বুদ্ধি সঠিক ভাৱে ব্যৱহাৰ কৰিবলৈ সক্ষম হয়। 


ধন সঞ্চয়

কৌটিল্য নামেৰে জনাজাত আচার্য চাণক্যই বিশ্বাস কৰিছিল যে, এজন ব্যক্তিয়ে বেয়া সময়ৰ বাবে ধন সংগ্রহ কপাটো অতি গুৰুত্বপূৰ্ণ। কিয়নো সমস্যাৰ সময়ত যেতিয়া সকলোৱে আপোনাক এৰি যায়, সেইখিনি সময়ত এই ধন আপোনাৰ বাবে কামত আহে। আচার্য চাণক্যই টকাক এক প্ৰকৃত বন্ধু হিচাপেও বৰ্ণনা কৰিছে। 


ঈশ্বৰ

যেতিয়া সংকটৰ সময়ত আপোনাৰ পুত্র, কন্যা, পৰিয়ালৰ সদস্য আৰু আনকি পত্নীয়েও কেতিয়াবা আপোনাৰ সংগ এৰি দিয়ে, তেনে সময়ত কেৱল ঈশ্বৰে আপোনাক সুৰক্ষা দিয়ে আৰু আপোনাৰ সহাৰি হৈ পৰে। সেয়হে আচার্য চাণক্যই বিশ্বাস কৰে যে, ঈশ্বৰৰ উপাসনা কেতিয়াও বন্ধ কৰা উচিত নহয়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages