সন্তানে মাক দেউতাকক এৰি দিলেও মাক দেউতাকে মৃত্যুৰ পাছটো সন্তানক আৰ্শীবাদ দিয়ে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, August 20, 2022

সন্তানে মাক দেউতাকক এৰি দিলেও মাক দেউতাকে মৃত্যুৰ পাছটো সন্তানক আৰ্শীবাদ দিয়ে : Assamese Fact

Assamese Fact


এদিনাখন পাখীয়ে লভ মেৰিজ কৰি নিজৰ দেউতাকৰ ওচৰলৈ আহিল। আৰু দেউতাকক কলে যে, পাপা মই নিজৰ পচন্দৰ লৰাৰ লগত বিয়াত বহিলো। ( Assamese Fact )


তেতিয়া পাখীৰ দেউতাকৰ বহুত খং উঠিল। কিন্তু নিজকে তেওঁ বহুত বুজালে। দেউতাকে সেই সময়ত মাত্র পাখীক এয়াই কলে যে, মোৰ ঘৰৰপৰা ওলাই যোৱা। তেতিয়া পাখীয়ে কলে, পাপা, এতিয়া এওঁৰ ওচৰত কোনো কাম নাই। সেইবাবে আমাক ইয়াত কিছুদিন থাকিবলৈ দিয়ক। 


আমি কিছুদিনৰ পাছতে ইয়াৰ পৰা যামগৈ। পাখীৰ দেউতাকে, পাখীৰ আৰু কোনো কথায় নুশুনিলে আৰু তাইক ঘৰৰপৰা বাহিৰ কৰি দিলে। বিয়াৰ কিছু দিনৰ পাছত পাখীৰ স্বামীয়ে তাইক থগি পলাই গুচি গল। তেতিয়া পাখী এজনী কন্যা সন্তানৰ মাতৃ হৈছিল। 


পাখীয়ে তেতিয়া নিজৰ এক ৰেষ্টোৰেন্ট চলাইছিল। যাৰ দ্বাৰা তাইৰ জীৱনৰ প্ৰয়োজনীয়তা খিনি পূৰ্ণ হৈছিল। এবছৰ মানৰ পাছত পাখীৰ দেউতাকেও মৃত্যুক সাৱটি ললে। তেতিয়া পাখীয়ে মনতে ভাৱিলে, ভালে হল। মোক ঘৰৰপৰা ওলিয়াই দিছিল নহয়! আৰু কষ্ট সহিবলৈ এৰি দিছিল নহয়! আৰু মোৰ স্বামীয়ে এৰি থৈ যোৱাটো মোক ঘৰলৈ লৈ যোৱা নাছিল নহয়। 


মইটো নাযাও, তেওঁৰ শেষ যাত্রাত। তেতিয়া পাখীৰ খুড়াকে কলে, পাখী আহি যোৱা, যোৱাজনটো গুচি গল। এতিয়া তেওঁৰ লগত শক্ৰতা কিহৰ! পাখীয়ে প্ৰথমতে না বুলিছিল, কিন্তু পাছত ভাৱিলে, গুচিয়েই যাওঁ। চাওচোন, যিজনে মোক এৰি দিছিল, তেওঁ মৃত্যুৰ পিছত কিদৰে শান্তিৰে শুৱ পাৰে! 


অৱশেষত পাখী নিজৰ দেউতাকৰ ঘৰলৈ গল। তেতিয়া সকলোৱে পাখীৰ দেউতাকৰ অন্তিম যাত্রাৰ বাবে প্ৰস্তুত কৰি আছিল। কিন্তু পাখীৰ দেউতাক নথকাত কোনো দুখ নাছিল। তাইটো কেৱল নিজৰ খুড়াকে কোৱাত আহিলে। 


এতিয়া পাখীৰ দেউতাকৰ অন্তিম যাত্রা আৰম্ভ হল, সকলোৱে কান্দিছিল, কিন্তু পাখী দূৰতে ৰৈছিল।যেনে তেনে কৰি সকলো কাৰ্য্য হৈ গল। আজি পাখীৰ দেউতাকৰ ১৩দিনৰ নিয়ম আছিল। 


পাখীৰ ওচৰলৈ তাইৰ খুড়াক আহিল, আৰু তাইলৈ এখন চিঠি আগবঢ়াই দি কলে, তোমাৰ দেউতাই এইখন চিঠি তোমালৈ বুলি দি গৈছে, সময় পালে নিশ্চয় পঢ়িবা এবাৰ। 


নিশা হৈছিল। সকলো আলহী গৈছিল। আৰু পাখীয়ে দেউতাকৰ সেই চিঠিখন উলিয়াই পঢ়িবলৈ ললে। চিঠিখনত লিখা আছিল, মোৰ মৰমৰ পুতলাজনী, মই জানো, তুমি মোক বেয়া পাই আছা! মোক ক্ষমা কৰি দিবা। মই জানো, মই তোমাক ঘৰৰপৰা ওলিয়াই দিছিলো।


তেতিয়া তোমালোকৰ ওচৰত থাকিবলৈ ঠাই নাছিল। তুমি বহুত দুখ সহিছিলা। কিন্তু মইও উদাশ হৈ পৰিছিলো। তোমাক মই কিদৰে কওঁ! মনত আছেনে তোমাৰ, তুমি যেতিয়া ৫বছৰীয়া আছিলা, তেতিয়া তোমাৰ মায়ে আমাক এৰি থৈ গুচি গৈছিল। 


তেতিয়া তুমি কিমান কান্দিছিলা, ভয় কৰিছিলা! মই নহলে শুৱ নোঁৱাৰিছিলা! নিশা উঠি লৈ কান্দিছিলা।তেতিয়া মইও তোমাৰ লগত ৰাতিটো সাৰ পায় থাকিছিলো। তুমি যেতিয়া স্কুল যাবলৈ ভয় কৰিছিলা, তেতিয়া মইও সম্পূর্ণ সময় তোমাৰ স্কুলে খিৰিকিৰ ওচৰতে ৰৈ থাকিছিলো, আৰু যেতিয়াই তুমি স্কুলৰ পৰা ওলাই আহিছিলা, তেতিয়া মই তোমাক সাৱটি বুকুৰ মাজতে সুমুৱাই লৈছিলো।  ( Assamese Fact )


সেই আধা কেচা ভাত আঞ্জা মনত আছেনে! যি তুমি ভাল নাপাইছিলা! আকৌ মই সেয়া পেলাই তোমালৈ মই আকৌ নতুনকে আহাৰ বনাইছিলো। যাতে তুমি ভোকত নাথাকা। মনত আছেনে, যেতিয়া তোমাৰ জ্বৰ হৈছিল, তেতিয়া মই গোটেই দিন তোমাৰ কাষতে বহি ৰৈছিলো।আৰু ভিতৰি ভিতৰি কান্দি ৰৈছিলো। 


কিন্তু তোমাক হহুঁৱাইছিলো, যাতে তুমি দুখ নকৰা। তুমি হাইস্কুলৰ পৰীক্ষাত যেতিয়া তুমি ৰাতি ৰাতি পঢ়িছিলা, আৰু তেতিয়া মই তোমাক বাৰে বাৰে চাহ বনাই দিছিলো। মনত আছেনে! 


তুমি নিশা ঘৰলৈ দেৰিকৈ অহা, মাজে সময়ে নিজৰ বন্ধুৰ লগত ফুৰিবলৈ যোৱা, এই সকলোবোৰ কথা, মই কেতিয়াও একো কোৱা নাছিলো, কাৰণ, জীৱনটো সেই সকলোবোৰ কম বেছি পৰিমাণে থাকেই। কিন্তু যিদিনা তুমি এনে এজন লৰাৰ লগত বিবাহত বহিলা, আৰু সেইজন লৰাৰ লগত যাৰ বিষয়ে তুমি ভালদৰে জনা নাছিলা। 


মই তোমাৰ দেউতা হয়, মই সেই লৰাজনৰ বিষয়ে সকলো ওলিয়াইছিলো। সি পইচাৰ বাবে বহুজনী ছোৱালীৰ জীৱন ধ্বংস কৰিছিল। কিন্তু তুমি সেই সময়ত প্ৰেমত অন্ধ হৈ আছিলা। তুমি এবাৰো মোক নুসুধিলা, আৰু চিধাই বিয়া কৰি আহিলা। 


মোৰ কিমান আশা আছিল যে, তোমাৰ বিয়া ধুম ধামেৰে কৰাৰ।আনে কয় যাতে, ফুকনে ফুলৰ দৰে নিজৰ ছোৱালীজনীক ডাঙৰ দীঘল কৰিলে। কিন্তু তুমি মোৰ সকলো সপোন ভাঙি দিলা।


হব বাৰু, এই সকলোবোৰ কথাৰ এতিয়া কোনো মূল্যে নাই। মই তোমাৰ বাবে চিঠিখন এইবাবেই লিখিলো যে, মই তোমাক কিছু কথা কব পাৰো, মোৰ পুতলা। 


অলমাৰীতে তোমাৰ মাৰ গহনা আৰু তোমাৰ বিয়াৰ বাবে যি গহনা আনিছিলো, সেই সকলোবোৰ আছে, দুটা ঘৰ আৰু কিছু মাটি আছে, সেই সকলোবোৰ মই তোমাৰ আৰু তোমাৰ ছোৱালীজনীৰ নামত কৰি দিলো। 


আৰু কিছু পইচা বেংকত আছে, যি তুমি বেংকলৈ গৈ ওলিয়াই লবা। আৰু শেষত এয়াই কম যে, মোৰ পুতলাজনী, যদি তুমি বুজা হলে! মই তোমাৰ শক্ৰ নাছিলো। তোমাৰ পাপা হে আছিলো। 


সেইজনা পাপা, যিয়ে তোমাৰ মায়ে গুচি যোৱাৰ পাচটো দ্বিতীয় বিবাহ নকৰালো যাতে, তুমি দ্বিতীয় মাৰপৰা কষ্ট নোপোৱা। শেষত এয়াই কম যে, মোৰ পুতলাজনী, যিদিনা তুমি বিয়াৰ সাঁজত আহিছিলা, তেতিয়া তোমাৰ পাপা প্ৰথম বাৰলৈ ভাঙি পৰিছিল। 


তোমাৰ মায়ে মৃত্যুক সাৱটি লোৱাৰ পাছটো ইমান কন্দা নাছিলো, যিমান সেই সময়ত কান্দিছিলো। সেইদিনা পৰা সদায়ে কান্দিলো। এইবাবে নহয় যে, সমাজ, পৰিয়ালৰ লোকে, সম্বন্ধীয়ই কি কব! এইবাবে যে মোৰ কণমানি পুতলাজনীয়ে, যি নিজৰ দেউতাকক ইমান ভালপাইছিল, তাইয়ে নিজৰ বিবাহৰ ইমান ডাঙৰ সিদ্ধান্ত এটাৰ বিষয়ে নিজৰ দেউতাকক কোৱাৰ প্ৰয়োজন বোধ নকৰিলে। 


মোৰ পুতলা, তুমিও এতিয়া এগৰাকী মাতৃ হয়। নিজৰ সন্তানৰ দুখ, সুখ কি হয়, যেতিয়া তাহাঁতি অন্তৰ ভাঙি দিয়ে, তেতিয়া কেনে লাগে, এতিয়া তুমি অনুভৱ কৰিব পাৰিবা। কিন্তু মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিম, তুমি যাতে সেই কষ্ট কাহানিও সহিব লগা নহয়। 


এজন বেয়া পিতৃ বুলিয়ে মোক ক্ষমা কৰি দিবা মোৰ মাজনী। তোমাৰ দেউতা ভাল নাছিল বাবে, তুমি তেওঁক ইমান ডাঙৰ দুখ দিলা। এতিয়া চিঠিখন ইমানতে সমাপ্ত কৰিছো। পাৰিলে মোক ক্ষমা কৰি দিবা। আৰু চিঠিখনৰ লগত এখন ছৱি লাগি আছিল। সেইখন কেতিয়াবা নিজে সৰুতে পাখীয়ে আঁকিছিল। আৰু তাত লিখা আছিল, আই লাভ ইউ মোৰ পাপা। পাখী কান্দন ভাঙি পৰিল। 


সেই সময়তে তাইৰ খুড়াক আহিল। তেতিয়া পাখীয়ে কান্দি কান্দি খুড়াকক সকলো কথা কলে। কিন্তু তেতিয়া আৰু এটা কথা, পাখীক খুড়াকে কলে, পাখী, তোমাক ৰেষ্টোৰেন্ট আৰু ঘৰ কিনিবলৈ পইচা মই দিয়া নাছিলো। সেয়া পইচা তোমাৰ দেউতাই মোৰ হাতেৰে দিয়াইছিল। কাৰণ সন্তান যাতে যিমানেই বেয়া নহওঁক কিয়, মাক দেউতাক কোনোদিনে বেয়া নহয়। লাগিলে সন্তানে মাক দেউতাকক এৰি দিয়ক, কিন্তু মাক দেউতাকে মৃত্যুৰ পাছটো সন্তানক আৰ্শীবাদ দিয়ে। 


প্ৰেমত পৰি বিয়াত বহা কোনো ভুল কথা নহয়। কিন্তু তাতে যদি নিজৰ পিতৃ মাতৃকো কথাটো কয়, তেতিয়া বেছিকৈ ভাল হয়। কাৰণ শিলৰপৰাও পানী ওলাব পাৰে। কিন্তু সেয়াটো মা দেউতা হয়।কেতিয়ালৈ নুবুজিব। সকলো মাক দেউতাকৰে সপোন থাকে যে, তেওঁলোকে নিজৰ জীয়েকক নিজ হাতেৰে এখন ঘৰলৈ উলিয়াই দিয়াৰ। তেওঁলোকৰ এই সপোন হৈয়ে থাকিবলৈ নিদিব। নিজৰ মা দেউতাক সদায়ে যেন শ্ৰদ্ধা কৰিব।।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages