স্বামী ,যাক হিন্দু নাৰীয়ে দেৱতাৰ জ্ঞান কৰে আৰু স্ত্ৰী যাক স্বামীৰ আধা অংগ বুলি কোৱা হয় অৰ্থাৎ অৰ্ধাংগিনী । ( Assamese Fact )
কিন্তু সেই ৰামো নাই সেই অযোধ্যাও নোহোৱাৰ দৰে এই সম্পৰ্কতো আহি পৰিল সাল সলনি । আগতে ভাৱিছিলো ,দেখিছিলো বোৱাৰী বুলিলে খুওব সন্মানীয় হয় । সন্মানত মূৰ দোঁ খাই যায় কিন্তু আজিকালি বহু বোৱাৰীক দেখিলে ঘৃণাত নাক কোঁচ খাই আহে । যি সেন্দুৰ শিৰত ললে সৌন্দৰ্য আৰু বীৰ্য্যক বুজোৱা হৈছিল আজি সেই সেন্দুৰ মনৰ ওপৰত নিৰ্ভৰ শীল ।মন যায় লয় মন নাযায় নলয় । কিন্তু এগৰাকী বিবাহিতা মহিলাই যিমানেই দামী বস্ত্ৰ বা গহনা নিপিন্ধক কিয় এই সেন্দুৰৰ অবিহনে তাৰ কোনো মূল্য নাই । আজিকালি বহু বোৱাৰী বিয়া এজনলৈ হয় কিন্তু প্ৰেম বহু জনৰ লগত । হয়তো সেয়ে কনফিউজ হৈ যায় কোন জনৰ নামৰ সেন্দুৰ শিৰত লব !! বহু পুৰুষো একেই হৈ পৰিল ।নিজে দহজনিৰ লগত ব্যস্ত থাকে কিন্তু ঘৈণীয়েকৰ মোবাইল চি আই ডি দৰে চেক কৰি থাকে ।আচলতে চুৰেহে চুৰৰ ঠেং দেখে । মানে আজিকালি স্বামী স্ত্ৰী বুলিলে তুমি মোৰ মই চবৰে এনে ধৰণৰ হৈ পৰিল ।( সকলোকে নাইকোৱা আৰু যি তেনেকুৱা নিশ্চয় বুজিব)
স্বামী স্ত্ৰীৰ মৰম বোৰ বৰ গভীৰ হয় ।ইয়াত বহুত ভাৱনা থাকে ।মৰম ,বিশ্বাস ,এজনে আনজনৰ প্ৰতি দায়িত্ব ,কাজিয়া ,অভিমান ,এজনে আনজনক মৰমেৰে দিয়া বুজনি ।আৰু সৰু সৰু মিঠা কাজিয়াবোৰ তেতিয়া হয় যেতিয়া এজনে আনজনক বহুত ভাল পায় ।সত্য প্ৰেমো সেইয়াই যেতিয়া কাজিয়াৰ পিছত এজনে আনজনক কয় হব দিয়া মোৰে ভুল মানি লৈছো ।
নিজৰ স্ত্ৰীৰ লগত সদায় সন্মানেৰে কথা পাতিব কাৰণ আপোনাৰ সেই শিক্ষাকে আপোনাৰ পুত্ৰ সন্তানে লব আৰু সন্তানে বুজিব নাৰীক সন্মান কেনেকৈ কৰিব লাগে আৰু ছোৱালী সন্তানেও বুজি পাব পুৰুষৰ পৰা কিমান খিনিলৈকে আশা কৰিব পাৰি ।
বহুতে কয় পত্নীয়ে কষ্ট দিয়ে বুলি কিন্তু এইটো নকয় যে কষ্টৰ সময়ত তেওঁৱে লগ দিয়ে বুলি ।"মই তোমাৰ লগত কাজিয়া কৰোঁ বুলি এইটো নাভাৱিবা যে মই তোমাক লৈ সুখী নহয় অৰ্থ এইটো যে তোমাক লৈয়ে মোৰ সকলো আশা ।" ( Assamese Fact )
মৰমৰ অনুভৱ বোৰ যেতিয়া হৃদয়ত সোমাই যায় তেতিয়া অন্তৰৰ ঘা বোৰ শুকাই যায় ।ডেকা বয়সত পত্নীক সন্মান কৰিব কাৰণ বৃদ্ধ অৱস্থাত তেওঁৰ পৰা সেইখিনি দুগুণ পাব ।বুঢ়া হলে পুত্ৰ বোৱাৰীয়ে লগ নিদিব পাৰে কিন্তু তেওঁ কেতিয়াও লগ নেৰে । বহুতে কয় পত্নীৰ কথা শুনা স্বামীজন মাইকী তলতীয়া উহু নহয় তেওঁ আচলতে নাৰীক সন্মান কৰিব জানে । যি পতি পত্নীয়ে ভুল কৰা পিছত এজনে আনজনক ক্ষমা খোজে তেওঁলোকৰ মৰম কেতিয়াও শেষ নহয় ।
বহু স্বামীয়ে বাহিৰৰ খং ঘৰত আহি ঘৈণীয়েকৰ ওপৰত এৰেহি ।আৰু বহু স্ত্ৰী মনে মনে থাকে ।তেওঁ এইটো ভাৱে মই সমানে উত্তৰ দিম হয় কিন্তু যদি আমাৰ সম্পৰ্কটো বেয়া হৈ যায় সেয়ে সহ্য কৰে চুপ চাপ ।সেইয়া দুৰ্বলতা নহয় সেইয়া হৈছে আত্মসন্মান ।সেয়ে পত্নীক সন্মান কৰিব সদায় কাৰণ এই গৰাকীয়ে একমাত্ৰ সেই লগৰী যিয়ে আপোনাৰ অন্তিম সময়লৈকে লগ দিব ।
পতি ,মোৰ পৰা তুমি কি বিচাৰা?
পত্নী= মোৰ চকুৰ চকুপানীৰ কাৰণ যাতে আপুনি কোনোদিন নহয় ।
এইয়াই হৈছে এহাল প্ৰকৃত স্বামী স্ত্ৰীৰ সেউজ প্ৰেম
স্বামী ,স্ত্ৰীৰ সম্পৰ্ক দীঘলীয়া হবলৈ হলে এজনে আনজনক সন্মান কৰক ।আৰু এই সন্মানেই এজনে আনজনক অন্তিম সময়লৈকে এক হৈ বান্ধি ৰাখিব।
স্বামীয়ে সুখত অকলেই থাকিব পাৰে কিন্তু দুখত স্ত্ৰীক বহুত মনত পেলায় আৰু স্ত্ৰীয়েও দুখ অকলেই সহ্য কৰিব পাৰে কিন্তু সুখত স্বামীক মনত পেলায় ।
পত্নী পতিৰ বোজা নহয় ,বৰং সমগ্ৰ জীৱনৰ বাবে সুখ দুখৰ মাধ্যম ।পত্নী এনে এক লগৰীয়া যিয়ে আমৃত্যু লগ দিব পাৰে ।আৰু সেইদৰে স্বামী অবিহনে বুকুৰ উশাহবোৰো নিজৰ নহয় যেন অনুভৱ হয় । সেয়ে এজনে আনজনৰ দোষবোৰ খুচৰি থকাত কৈ এজনে আনজনক বুজি পাবলৈ চেষ্টা কৰিব লাগে ।
স্বামী ,স্ত্ৰী এনে এক পবিত্ৰ সম্পৰ্ক যি জন্মগত নহয় কিন্তু মৃত্যু নহালৈকে মাথোঁ এই সম্পৰ্ক টোহে একেলগে আজীৱন থাকি যায় ।
**✍️Momi Sorma****
উৎস : ফেচবুক
বি:দ্ৰ: আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা বা বাতৰি ইত্যাদি আমাৰ ৱেবচাইটত প্ৰকাশ কৰিব বিচাৰে তেন্তে আপোনালোকৰ লেখাসমূহ আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালনা সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্স প্রেৰণ কৰিবলৈ আহ্বান জনালো নিবাৰ্চিত লেখাসমূহ লেখকৰ নাম আৰু ছবিসহ আমাৰ ৱেবচাইটত প্ৰকাশ কৰা হব ।
( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment