লোক বিশ্বাস আৰু বৈজ্ঞানিক যুক্তি যুক্ততা : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, August 11, 2022

লোক বিশ্বাস আৰু বৈজ্ঞানিক যুক্তি যুক্ততা : Assamese Fact

Assamese Fact


লোক বিশ্বাসসমূহৰ আৰত থকা বৈজ্ঞানিক যুক্তি যুক্ততাৰ বিষয়ে জানি লওক ।  ( Assamese Fact )

=============================


পুৰুষে নাৰীৰ চুলিত হাত দিলে সতীত্ব নষ্ট হয়


১' দৈহিক গঠন অনুসৰি নাৰীৰ চুলিৰ গুৰিত যৌনগ্ৰন্থী থাকে আৰু পুৰুষে নাৰীৰ মূৰত বা চুলিত হাত দিলে কামনাৰ উদ্বেগ হয়। সেয়েহে কোনো পুৰুষে ছোৱালী বা মহিলাৰ মূৰত হাত দিব নাপায় বুলি কয়। অৱশ্যে পিতৃ-মাতৃ, আত্মীয় তথা গুৰু স্থানীয় ব্যক্তিৰ কথাটো বেলেগ।


২ 'মাছ, মাংস আৰু গাখীৰ একেলগে খাব নাপায়


বৈজ্ঞানিকসকলৰ মতে, মাছ, মাংস আৰু গাখীৰত প্ৰচুৰ পৰিমাণে প্ৰটিন আৰু স্নেহ পদাৰ্থ থাকে। এইবোৰ সহজে হজম নহয়। সেয়েহে এই তিনিওবিধ খাদ্য একেলগে খালে বদহজম অথবা পেটৰ নানা অসুখ হ’ব পাৰে বাবে একেলগে খাব নালাগে। ইয়াৰ লগত অৱশ্যে দ্ৰব্যসমূহৰ সুলভতা তথা অৰ্থনৈতিক দিশ এটাও জড়িত হৈ আছে।


৩' চ’ত, বহাগ আৰু কাতি মাহত মাছ খাব নাপায়


চ’ত আৰু কাতি মাহত মাছৰ বসন্ত ৰোগ হয়। সেয়ে এই দুমাহত মাছ খালে, খোৱা সকলৰো তেনে ৰোগ হ’ব পাৰে। সেইদৰে বহাগ মাহত মাছৰ কণী পৰাৰ সময়। তেনে সময়ত কণীযুক্ত মাছ খালে সিহঁতৰ বংশ ৰক্ষাত ব্যাঘ্যাত জন্মিব পাৰে বাবে অতীজৰে পৰা এই তিনিমাহত মাছ খোৱা নিষিদ্ধ হৈ আহিছে। মাছৰ প্ৰজাতি সংৰক্ষণৰ ই এক পৌৰাণিক প্ৰথা মাত্ৰ।


৪' সুচী হ’বলৈ গোবৰ পানীৰে ঘৰ মচিব লাগে


অনাদি কালৰে পৰাই মানুহে শুদ্ধি হ’বৰ বাবে গোবৰ-পানী ব্যৱহাৰ কৰি আহিছে। আগৰ দিনত ফেনাইল, ডেটল আদিৰ প্ৰচলন নাছিল। তেনে ক্ষণত গোবৰকে শুদ্ধিকাৰক হিচাপে ব্যৱহাৰ কৰিছিল। কিয়নো গোবৰ বীজাণুনাশক হিচাপে বিবেচিত হৈ আহিছে।


৪ 'বিয়াত দৰা-কইনাক মাহ-হালধিৰে নোৱাব লাগে


মাহ-হালধিৰ ৰসে ছালৰ উজ্জলতা বৃদ্ধি কৰে। তদুপৰি, প্ৰধানতঃ হালধি বীজাণুনাশক। হালধিয়ে ছালৰ বিভিন্ন ৰোগ নাশ কৰাৰ লগতে ছাল মিহি কৰে আৰু দেহৰ দুৰ্গন্ধ দূৰ কৰাত সহায় কৰে। সেয়েহে বিয়াত দৰা-কইনাক মাহ-হালধিৰে নোৱাই গা-খুওৱাৰ নিয়ম প্ৰচলিত হৈ আহিছে। যাতে সুন্দৰ দেহ-মনেৰে যুগ্ম জীৱনৰ পাতনি মেলিব পাৰে।


৫' ঘৰৰ সমুখত তুলসী গছ ৰুব লাগে


তুলসী গছৰ পাত হিন্দু ধৰ্মাৱলম্বী লোকসকলে পূজাৰ প্ৰধান আহিলা হিচাপে আদিম কালৰে পৰা মান্যতা প্ৰদান কৰি আহিছে। অসমীয়াৰ কাতি বিহুত তুলসী পূজা কৰা হয়। অন্যহাতেদি তুলসী গছৰ পাতৰ ৰস আৰু গুটি বিভিন্ন ৰোগৰ নিৰ্মূলকাৰী। পানীলগা জ্বৰ, কাঁহ, স্বপ্নদোষ আৰু শুক্ৰক্ষয় ৰোগত তুলসী পাতৰ ৰস আৰু গুটি অতি উপকাৰী। সেইদৰেই বিভিন্ন চৰ্মৰোগত তুলসী গছৰ ৰস ব্যৱহাৰ কৰা হয়। সৰ্বতোপৰি তুলসী গছ বায়ু শোধনকাৰী। সেয়েহে গৃহস্থী, মন্দিৰ অথবা ৰজহুৱা স্থানত তুলসী গছ ৰোপণ আৰু প্ৰতিপালন কৰিব লাগে।


৬ 'বৰষুণত তিতিলে ঘামচি ভাল হয়


বৰষুণৰ সময়ত যেতিয়া বিজুলী মাৰে, তেতিয়া বায়ুৰ অক্সিজেন আৰু নাইট্ৰ’জেনৰ মাজত বিক্ৰিয়া ঘটি নাইট্ৰিক এচিডৰ উৎপন্ন হয় আৰু বৰষুণৰ পানীৰ লগত মিহলি হৈ তললৈ নামি আহে। তেনে পানীত তিতিলে গাৰ ঘামচিৰ লগতে অন্যান্য সৰু-সৰা ছালৰ ৰোগো ভাল হয়। তাৰোপৰি বৰষুণৰ পানীৰে কাপোৰ ধুলে সুন্দৰকৈ পৰিষ্কাৰ হয়।


৭ 'পৰিয়ালৰ মানুহৰ মৃত্যু হ’লে ফলাহাৰ আৰু সিজোৱা আহাৰ খাব লাগে  ( Assamese Fact )


পৰিয়ালৰ আপোনজনৰ মৃত্যুত আমি দুখে-বেজাৰে ভাৰাক্ৰান্ত হৈ থাকোঁ। তেনে মানুহৰ ভোক নোহোৱা হয় আৰু হজম শক্তি হ্ৰাস পায়। তেনে পৰিৱেশত সাধাৰণভাৱে জীয়াই থাকিবলৈ দিনত ফলমূল আৰু ৰাতি তেল, হালধি-মচলা বিহীন কেৱল সিজোৱা আহাৰ খোৱাৰ নিয়ম প্ৰচলন হৈ আহিছে। যাতে সহজে হজম হোৱাৰ লগতে ৰন্ধন কাৰ্যতো সহয় হয়।


৮' পুষ্পিতা হোৱা আৰু প্ৰসূতি মাতৃক আনে চুব নাপায়


প্ৰসূতি মাতৃগৰাকীৰ শৰীৰ যথেষ্ট দুৰ্বল আৰু ৰোগ প্ৰতিৰোধকাৰী ক্ষমতা কম হৈ থাকে। তেনে সময়ত অন্য মানুহৰ সংস্পৰ্শলৈ আহিলে মাতৃগৰাকীৰ লগতে সদ্যোজাত কেঁচুৱাটিৰো অপকাৰ হ’ব পাৰে। সেইবাবেই আগৰ দিনত প্ৰসূতি আৰু কেঁচুৱাক বেলেগ কোঠাত আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিছিল। সেইদৰেই প্ৰসূতি মাতৃৰ খোৱা-বোৱাৰ ক্ষেত্ৰতো যথেষ্ট সাৱধানতা অৱলম্বন কৰা হয়। তাৰোপৰি পুষ্পিতা হোৱা বালিকাসকলকো কিছু নিৰাপদভাৱে ৰখা হয়, যাতে তেওঁলোক শাৰীৰিক তথা মানসিকভাৱে সুস্থ হৈ থাকিব পাৰে। এনে সময়ত তেওঁলোকক অসুস্থ লোক বা পৰিবেশৰ পৰা আঁতৰাই ৰখা উচিত।


৯ 'পুৱা বিচনাৰ পৰা নামিয়েই ভূ-মাতৃক প্ৰণাম কৰিব লাগে


সৌৰজগতৰ একমাত্ৰ জীৱৰ বাসোপযোগী গ্ৰহ পৃথিৱীৰ প্ৰতিজন মানুহেই পুৱা বিচনাৰ পৰা নামিয়েই মাতৃ জ্ঞান কৰি প্ৰণাম কৰিব লাগে। অৰ্থাৎ বিছনাৰ পৰা নামি কিছু সময় খালী ভৰিৰে একচিত্তে ধ্যান কৰিব লাগে। তেনে কৰিলে চেঁচা মাটিৰ সংস্পৰ্শত মনৰ মাজত থকা টোপনিৰ আৱেশ দূৰ হ’ব আৰু নতুন উদ্যমেৰে নতুন দিনটোক আদৰি ল’ব পাৰিব। মনলৈ সতেজতা ভাৱৰ উদ্বেগ ঘটিব।


১০ 'পুৱা সূৰ্য প্ৰণাম কৰিব লাগে


অতীজৰ ঋষি-মুনিসকলে সৰ্বশক্তিমান সূৰ্য দেৱতাক পিতৃৱৎ জ্ঞান কৰি পূজা কৰিছিল আৰু শয্যা ত্যাগ কৰি কোনো নদীত স্নানৰ অন্তত সূৰ্য প্ৰণাম কৰাৰ নিয়ম প্ৰচলন কৰিছিল। তাৰ বৈজ্ঞানিক ব্যাখ্যা আমি এনেদৰে ক’ব পাৰোঁ যে, সূৰ্য হৈছে সকলো শক্তিৰে মূল। পুৱা মুকলি স্থানত উদয় হ’ব খোজা সূৰ্যক লক্ষ্য কৰি কিছু সময় ধ্যান কৰিলে, নিৰ্মল বতাহ আৰু নিৰিবিলি পৰিৱেশে মন সতেজ আৰু জীৱনী শক্তি বৃদ্ধি কৰে, কাম কৰাৰ উৎসাহ যোগায় তথা দেহ-মন পবিত্ৰ কৰি তুলিব।


১১' গৃহস্থী ঘৰৰ দুৱাৰমুখ সদায় দক্ষিণ বা পূব ফালে হ’ব লাগে


প্ৰাচীন কালৰে পৰা ঘৰ সাজোঁতে মূল দুৱাৰখন সদায় দক্ষীণমুখী অথবা পূৱফালে কৰাৰ নিয়ম প্ৰচলিত হৈ আহিছে। ভৌগোলিকভাৱে এই দুটা দিশহে ঘৰৰ দুৱাৰ হ’লে সু-ফল পোৱা যায়। কিয়নো আমাৰ দেশৰ উত্তৰফালে হিমালয় পৰ্বতমালা আৰু দক্ষিণফালে আছে সাগৰ-মহাসাগৰ। সেয়েহে গ্ৰীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বতাহে শৰীৰ জুৰ পেলায় আৰু শীতকালত সূৰ্যৰ পোহৰ আৰু তাপ প্ৰচুৰ পৰিমাণে লাভ কৰে। সেইদৰেই পূবফালে দুৱাৰ আৰু মুকলি ঠাই থাকিলে সূৰ্যৰ পোহৰ আৰু তাপ পোৱাৰ বাবে ঘৰখন ফৰকাল আৰু বহুতো ৰোগৰ পৰা হাত সাৰিব পৰা যায়।


১২ 'শিশুৰ গা-ধোৱা পানী ৰ’দত দিওঁতে দুৱৰি বা তুলসীৰ পাত দি থ’ব লাগে


কেঁচুৱাৰ গা-ধোৱা পানীত দুৱৰি এডাল নাইবা তুলসীৰ পাত দি থ’ব লাগে যাতে কেঁচুৱাটোৰ ওপৰত কোনো অপদেৱতাৰ প্ৰভাৱ নপৰে বুলি এটি লোক-বিশ্বাস প্ৰচলন হৈ আহিছে, আচলতে সেয়া নহয়। ইয়াৰ বিজ্ঞানসন্মত যুক্তিটো হৈছে যে সূৰ্যৰ পোহৰত থকা অতি বেঙুনীয়া ৰশ্মি পানীত পৰে আৰু সেই পানীৰে গা ধুৱালে কেঁচুৱাটোৰ কোমল ছালৰ ওপৰত বিশেষ প্ৰভাৱ পৰে। সেয়েহে সেই পানীখিনিত দুৱৰি বা তুলসীৰ পাত থ’লে, পাতখিনিত থকা সেউজীয়া অংশই সূৰ্যৰ সেই বিষাক্ত ৰশ্মি শোষণ কৰি পানীখিনি বিশুদ্ধ কৰি তুলিব। তাৰোপৰি তুলসীৰ পাতৰ ৰসে পানীখিনি সুগন্ধি কৰি তুলিব।


১৩ 'আঁহত, বট গছৰ তলত ৰাতি ৰ’ব নাপায় – ভূতে ধৰিব


আচলতে আঁহত, জৰী, বট গছ জাতীয় উদ্ভিদৰ ঠাল-ঠেঙুলি তথা পাতৰ পৰিমাণ বেছি হয় আৰু জোপোহা হৈ বহু ঠাই আগুৰি থাকে। যিহেতু উদ্ভিদে দিনত সূৰ্যৰ পোহৰত সালোক-সংশ্লেষণ সংঘটিত কৰে আৰু শ্বসন গৌণ হৈ থাকে। আনহাতেদি ৰাতিৰভাগত সালোক-সংশ্লেষণ গৌণ হৈ শ্বসন কাৰ্য মুখ্য হিচাপে ৰূপায়ণ কৰে। সেয়েহে গছজোপাৰ ওচৰৰ বায়ুৰ প্ৰায়খিনি অক্সিজেন ব্যৱহাৰ কৰি পেলোৱাৰ লগতে কাৰ্বন-ডাই-অক্সাইডেৰে ভৰি পৰে। ফলত গছজোপাৰ তল অংশ আন অংশতকৈ তুলনামূলকভাৱে গৰম হয় আৰু তাৰ তলত কিছুসময় থাকিলে অক্সিজেনৰ অভাৱত উশাহ লোৱাত কষ্ট অনুভৱ হয়। আনকি কেতিয়াবা মৃত্যু পৰ্যন্ত হ’ব পাৰে। তাকে দেখি বহু সময়ত ভূতে পোৱা বুলি ভুলকৈ ভবা হয়। এইয়া কাৰ্বন-ডাই-অক্সাইডৰহে ক্ৰিয়া, কোনো ভূতৰ আক্ৰমণ নহয়। 


এনেদৰে  বৈজ্ঞানিক দৃষ্টিভংগীয়েও  চাব পাৰি ।

=== ভাস্কৰ ধিন শইকীয়াৰ সৌজন্যত==


Editor--kamal Lochan pathak.


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।  ( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages