আমাৰ জীৱনটো তিনি পৃষ্ঠাৰ প্ৰথম আৰু শেষৰ পৃষ্ঠা দুটা ভগৱানে লিখি থৈছে-- জন্ম আৰু মৃত্যু ।।মাজৰ পৃষ্ঠা খন আমি নিজে লিখিব লাগিব --অলপ মৰম, অন্তৰৰ বিশ্বাস আৰু কিছুমান হাঁহি ফূৰ্ত্তিৰে ।। ( Assamese Fact )
বহুত সময়ত ভাবো জীৱনটো গোটেই ভগৱানৰ ওপৰত । এৰি অহা দিন বিলাকত কি পাইছো কি নাই পোৱা সেইবিলাক লৈ কেতিয়াবা হিচাপ লওতে নোপোৱা বিলাকৰ বাবে মনে মনে ভগৱানক সোধো -- কিয় মোৰ ভাগ্য এনেকুৱা কৰিলা ?
প্ৰকৃততে ঈশ্বৰে ভাগ্য লিখা নাই, জীৱনৰ প্ৰতিটো পদক্ষেপত আমাৰ চিন্তাধাৰা, আমাৰ কথা, আমাৰ কাৰ্য্যই আমাৰ ভাগ্য লিখিছে
জীৱনৰ এখন দুৱাৰ বন্ধ হলে ভাবো সকলো শেষ হৈ গ'ল, আৰু যে দুখন মান খোলা দুৱাৰ আছে আমি বিচাৰিবলৈ হয়তো যত্ন নকৰো। কেউদিশে নিৰাশা , হতাশাই হেচা মাৰি ধৰে । নাকাৰাত্মক বাষ্পই আগুৰি দুৰ্বল কৰি দিয়ে । সকলো যেন শেষ হৈ গ'ল ।
শাস্ত্ৰত আছে --
अंतःअस्ति प्रारंभः
অৰ্থাৎ --
শেষ হ'লে এটা আৰম্ভণি হয়
ৰাতিৰ অন্ধকাৰে কেউদিশে আগুৰি ধৰিলেও আকৌ সুৰুজ উঠিবই । মানুহৰ বাবে একো কামেই অসম্ভৱ নহয়, কিন্তু দুখৰ বিষয় যে মানুহে নিজৰ ওপৰত বিশ্বাস নকৰে যে তেওঁৰ ভিতৰত ইমান শক্তি আছে। যদি মানুহে তেওঁৰ মনৰ গভীৰতালৈ যায়, তেন্তে তেওঁ নিজৰ শক্তি চিনাক্ত কৰি আৰু ব্যৱহাৰ কৰি আনকি অসম্ভৱ কামও সম্ভৱ কৰিব পাৰে। নিজে ভাবি থকা পথ টোত হয়তো বাধা থাকিব পাৰে তাৰ বাবে সকলো শেষ বুলি নাভাবি নতুন পথ , নতুন দিশ আৰু নতুন উদ্যমেৰে আগবাঢ়ি জীৱনক আন ধৰণেও জিলিকাব পাৰি ।
জীৱনতকৈ ডাঙৰ বিদ্যালয় একো নাই। আহুকাল, বিপদ আৰু বাধা - বিঘিনিৰ পৰাই শিক্ষা হয় , আকৌ সময়তকৈ ডাঙৰ কোনো শিক্ষক নাই।
শাস্ত্ৰত কৈছে --
सर्वं सम्भाव्यते त्वयि।
অৰ্থাৎ --
তোমাৰ বাবে সকলো সম্ভৱ।
সেয়ে ঋষিয়ে লিখিছে --
अप्राप्यं नाम नेहास्ति धीरस्य व्यवसायिनः
যাৰ সাহস আছে আৰু যি পৰিশ্ৰম কৰিব পাৰে তেওৰ বাবে কোনো বস্তুৱেই অপ্ৰাপ্য নহয় । ( Assamese Fact )
জীৱনত কি পালো কি নাপালো হিচাপ কৰিবলৈ কেতিয়াবাই বাদ দিলো । অনুভৱ কৰিলো পৰমব্ৰহ্মই হয়তো জীৱনক নতুন কৈ বুজি পাবলৈ দিছে । আলিবাটত কেতিয়াবা উজুটি খালেই জীৱনৰ স্মৰণিকাৰ পৰা শাৰী কেইটা আওৰাই লওঁ ----
বহুত চেষ্টা কৰাৰ পিছটো
যদি সপোন পুৰণ নহয়
তেন্তে পথ সলনি কৰিব লাগিব,
কিন্তু সিদ্ধান্তৰ নহয় ।
গছেও সদায় পাত হে সলনি কৰে
শিপা নহয় ।।
গীতাত সুন্দৰ কৈ লিখা আছে
নিৰাশ নহ'বা,
ই তোমাৰ মনৰ ভাব হে ,
তোমাৰ স্থিতি নহয় ।।
গীতাৰ তৃতীয় অধ্যায়ৰ সাত নম্বৰ শ্লোকত শ্ৰী ভগৱানে অৰ্জুনক কৈছে --
যস্ত্বিন্দ্ৰিয়াণি মনসা নিয়ম্যাৰভতেহৰ্জুন ।
কৰ্মেন্দ্ৰিয়ৈঃ কৰ্মযোগমসক্তঃ স বিশিষ্যতে ।।
অৰ্থাৎ --
যি লোকে মনেৰে জ্ঞানেন্দ্ৰিয় বিলাকক সংযম কৰি কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কৰ্ম যোগ আৰম্ভ কৰে, সেই নিষ্কামী জনেই ভাল আৰু প্ৰশংসাৰ যোগ্য।
আকৌ গীতাত ভগৱানে তৃতীয় অধ্যায়ৰ আঠ নম্বৰ শ্লোকত কৈছে --
নিয়তং কুৰু কৰ্ম ত্বং কৰ্ম জ্যায়ো হ্যকৰ্মণঃ ।
শৰীৰয়াত্ৰাপি চ তে ন প্ৰসিধ্যেদকৰ্মণঃ ।
অৰ্থাৎ --
সেই কাৰণে তুমি নিত্য কৰ্ম বিলাক কৰি থাকা । কৰ্ম নকৰাতকৈ কৰ্ম কৰাটো ভাল; সকলো কাম কৰিবলৈ এৰি দিলে তোমাৰ জীৱিকা নিৰ্বাহো নহ'ব ।
জুলা শৰ্মা
নতুন দিল্লী
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। ( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment