মৰিগাঁৱৰ দেওশাল মন্দিৰ : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, July 28, 2022

মৰিগাঁৱৰ দেওশাল মন্দিৰ : Religious Studies

Religious Studies


মৰিগাঁৱৰ দেওশাল মন্দিৰ।দেওশাল হৈছে মৰিগাঁৱৰ শিৱ মন্দিৰ।  ( Religious Studies )


*এই মন্দিৰটো পৰ্যটনৰ বাবে সুপৰিচিত স্থলী। জাগীৰোড চহৰখন এই ঠাইৰ পৰা মাত্ৰ ৪কিলোমিটাৰ দূৰত আৰু নামনি অসমৰ পৰা উজনি অসমলৈ যোৱা মূল পথত এই মন্দিৰ অৱস্থিত।


*দেওশাল শিৱ মন্দিৰ এটা প্ৰাচীন মন্দিৰ।পুৰণি কলা আৰু স্থাপত্যৰ প্ৰতি আগ্ৰহী লোকসকলক আকৰ্ষিত কৰে এই মন্দিৰে।


*হিন্দু পৌৰাণিক কাহিনী অনুসৰি-এসময়ত ইয়াত মহৰ্ষি বাল্মিকীৰ আশ্ৰম অৱস্থিত আছিল আৰু তেওঁ শিৱক ধ্যান কৰিছিল সেই ঠাইত।


*সীতাই ভগৱান ৰামৰ দ্ধাৰা পৰিত্যাক্ত হোৱাৰ পাছত ইয়াত বাস কৰিছিল বুলি বিশ্বাস কৰা হয় আৰু তেতিয়াৰে পৰা এই মন্দিৰটো পৱিত্ৰ বুলি ধৰা হয়।


*লোক বিশ্বাস অনুসৰি এই মন্দিৰলৈ যোৱা সকলো দৰ্শনাৰ্থীৰ মনোকামনা পূৰ্ণ হয়।  ( Religious Studies )


*শিৱৰাত্ৰীত এই মন্দিৰত হাজাৰ হাজাৰ লোকৰ সমাগম হয়।


*প্ৰাকৃতিক মনোমোহাৰ পৰিৱেশৰ মাজতে আছে এই শালখন।ইয়াত বান্দৰ,ৰাজহাঁহ আৰু বহুতো চৰাই-চিৰিকতি আছে।


*এই মন্দিৰৰ এটা বৈশিষ্ট হৈছে-এই মন্দিৰৰ পুৰোহিত সকল জনজাতী লোক।আৰু ইয়াৰ পূজাৰ আৰ্হি জনজাতীয় ভাষাৰ হয়।


*এই মন্দিৰৰ জাতি-ধৰ্ম-বৰ্ণ-নিৰ্বিশেষে সকলো লোক অহা দেখা যায়।(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages