আপুনিও শিৱলিংগত ভুলতে এই কেইপদ সামগ্ৰী অৰ্পন কৰিছে নেকি‌ : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, July 30, 2022

আপুনিও শিৱলিংগত ভুলতে এই কেইপদ সামগ্ৰী অৰ্পন কৰিছে নেকি‌ : Religious Studies

Religious Studies


শিৱলিংগত এই কেইপদ সামগ্ৰী অৰ্পণ কৰিব নালাগে! ( Religious Studies )


*কেতেকী ফুল-

শিৱলিংগত কেতেকী ফুল অৰ্পণ কৰিলে-মহাদেৱ অসন্তষ্ট হয়।পৌৰাণিক কথা অনুসাৰে-কেতেকী ফুলে ব্ৰহ্মাই মিছা কথা কোৱাত সহযোগ কৰিছিল।সেইবাবে ক্ৰোধিত হৈ ভগৱান শিৱই কেতেকী ফুলক শাপ দিছিল যে-তেওঁৰ পূজাত কেতিয়াও কেতেকী ফুলৰ ব্যৱহাৰ কৰা নহব।


*শংখ-

মহাদেৱৰ পূজাত শংখ বজোৱা নহয় আৰু শংখৰ দ্বাৰা মহাদেৱৰ জলাভিষেক কৰা নাযায়। পৌৰাণিক কথা অনুসাৰে ভগৱান শংকৰে-শংখচুৰ নামৰ অসুৰৰ বধ কৰিছিল।সেই অসুৰৰ চাই দ্বাৰা শংখৰ উৎপত্তি হৈছিল।


*তুলসী-

ভগৱান শিৱৰ পূজাত তুলসী ব্যৱহাৰ কৰা নহয়।কথা অনুসাৰে ভগৱান শিৱই তুলসীৰ স্বামী জালন্ধৰৰ সংহাৰ কৰিছিল।তেতিয়াই তুলসীয়ে মহাদেৱৰ পূজাৰ সামগ্ৰীৰ পৰা আঁতৰি আহিছিল।   ( Religious Studies )


*কুমকুম বা সেন্দূৰ-

ভগৱান ভোলানাথ বৈৰাগী হয়।যিয়ে নিজৰ শৰীৰত চাই লগায়।কুমকুম বা সেন্দূৰ বিবাহিত মহিলায় লগায়।আৰু পুৰাণৰ অনুসাৰে শিৱ বিনাশক হয়।শাওণ মাহত বা অন্য মাহটো মহাদেৱৰ পূজাত সেন্দূৰ ব্যৱহাৰ কৰিব নালাগে।


*হালধী-

ভগৱান শিৱক বাদ দি-প্ৰায়সকল দেৱী-দেৱতাৰ পূজাত হালধী ব্যৱহাৰ কৰা হয়।হালধীক সৌভাগ্যৰ প্ৰতীক মনা হয়।আৰু শিৱ হৈছে বৈৰাগী।শাস্ত্ৰ অনুসাৰে ভগৱান শিৱক হালধী অৰ্পণ কৰিলে-চন্দ্ৰমা কমজোৰী হয়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।  ( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages