জ্যোতিষীৰ মতে শাওণ মাহত কিছুমান বিশেষ সামগ্ৰী ঘৰলৈ আনিলে ঘৰৰ সুখ-সমৃদ্ধি বাঢ়ে : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, July 28, 2022

জ্যোতিষীৰ মতে শাওণ মাহত কিছুমান বিশেষ সামগ্ৰী ঘৰলৈ আনিলে ঘৰৰ সুখ-সমৃদ্ধি বাঢ়ে : Religious Studies

Religious Studies


শাওণ মাহত ভগৱান শিৱৰ পূজা কৰাৰ বিশেষ মহত্ব আছে।শাওণৰ সোমবাৰে ভগৱান শিৱৰ পূজা কৰিলে-মনৰ কামনা পূৰ্ণ হয়।এই শুভ মুহুত্বত শিৱ লিংগত পানী,গাখীৰ,ধতুৰা,ভাং আদি অৰ্পণ কৰিলে সকলো দুখ-কষ্ট দূৰ হয় বুলি কোৱা হয়।জ্যোতিষীৰ মতে-শাওণ মাহত কিছুমান বিশেষ সামগ্ৰী ঘৰলৈ আনিলে ঘৰৰ সুখ-সমৃদ্ধি বাঢ়ে। ( Religious Studies )


শাওণ মাহত এই কেইপদ বস্তু ঘৰলৈ আনিলে-মহাদেৱ হয় প্ৰসন্ন! সেই সামগ্ৰীসমূহ হৈছে-


১)ভষ্ম-

শাস্ত্ৰ অনুসৰি-আন দেৱ-দেৱীৰ সুন্দৰ বস্ত্ৰ আৰু আভূষন প্ৰিয় যদিও-ভগৱান শিৱৰ প্ৰিয়-ভষ্ম।যাক মহাদেৱে শৰীৰত সানি লয়।শাওণৰ মাহত আপুনি ভষ্ম ঘৰলৈ আনিব পাৰে।শিৱলিংগত ভষ্ম লগালে মহাদেৱ প্ৰসন্ন হয়।


২/ৰূপৰ বা তামৰ ত্ৰিশূল-

ত্ৰিশূল ভগৱান শিৱৰ অস্ত্ৰ।কোৱা হয় যে-যি ঘৰত ভগৱান শিৱৰ ত্ৰিশূল থাকে-সেই ঘৰত নেতিবাচক শক্তি নাথাকে।শাওণৰ প্ৰথম সোমবাৰে ৰূপৰ ত্ৰিশূল আনি মন্দিৰত ৰাখিব পাৰে।যদি আপুনি ৰূপৰ ত্ৰিশূল আনিব নোঁৱাৰে-তেতিয়া তামৰ ত্ৰিশূল আনিব পাৰে। ( Religious Studies )


৩/ৰূপৰ বেলপাত-

বেলপাত অবিহনে ভগৱান শিৱৰ পূজা আধৰুৱা।শাওণ মাহত ৰূপৰ বেলপাত ভগৱান শিৱক অৰ্পণ কৰিব পাৰে।ৰূপৰ বেলপাত ঘৰৰ মন্দিৰত ৰাখিলে-জীৱনৰ সকলো সমস্যা দূৰ হয় আৰু আৰ্থিক স্থিতি শক্তিশালী হয়।


৪/নাগ-নাগিনৰ জোৰা-

নাগ-নাগিনক ভগৱান শিৱৰ আভূষণ মনা হয়।শাওণত ৰুপৰ বা তামৰ নাগ-নাগিনৰ জোৰা ঘৰলৈ অনাটো অতি শুভ।ইয়াক ঘৰৰ মুখ্যদ্বাৰৰ দলত ৰাখিলে-ৰৈ থকা কাম সমাধান হয় আৰু ঘৰৰ পৰা নেতিবাচক শক্তি দূৰ হয়।


৫/ৰুদ্ৰাক্ষ-

শাওণ মাহত ৰুদ্ৰাক্ষ ঘৰলৈ আনিব পাৰে।ঘৰত ৰুদ্ৰাক্ষ ৰাখিলে ধন-ধ্যান বৃদ্ধি হয়।জীৱনৰ সকলো সংকট দূৰ হয় আৰু ঘৰলৈ ইতিবাচক শক্তিৰ প্ৰভাৱ হয়।


৬/গংগাজল-

শাওণ মাহত গংগাজল ঘৰলৈ অনাটো অতি শুভ।গংগাজলেৰে মহাদেৱ আৰু শিৱলিংগৰ জলাভিষেক কৰা হয়।শাওণত গংগাজল ভগৱান শিৱক অৰ্পণ কৰি ঘৰত ৰখা হয়।(সংগ্ৰহিত)


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages