শাওণ মাহত কৰক এই কাম-লাভ কৰিব মহাদেৱৰ কৃপা : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, July 27, 2022

শাওণ মাহত কৰক এই কাম-লাভ কৰিব মহাদেৱৰ কৃপা : Religious Studies

Religious Studies


শাওণ মাহ মহাদেৱৰ প্ৰিয় মাহ।সেইবাবে এই মাহত ভক্তসকলে শ্ৰদ্ধা আৰু ভক্তিৰে ভগৱান শিৱক প্ৰসন্ন কৰাৰ বাবে-পূজা-অৰ্চনা কৰাৰ লগতে ব্ৰত পালন কৰে।মহাদেৱৰ বৰদান লাভ কৰিলে-জীৱন সুখ-সমৃদ্ধিৰে ভৰি পৰে আৰু সকলো কষ্টৰ পৰা মুক্তি লাভ কৰিব পাৰি।  ( Religious Studies )


জ্যোতিষ শাস্ত্ৰত কোৱা হয় যে-শাওণ মাহত পূজা-অৰ্চনা আৰু ব্ৰতৰ সৈতে ভোলানাথৰ কৃপা প্ৰাপ্ত কৰাৰ বাবে শিৱভক্তসকলে-এই কেইটা কাম কৰা উচিত।


*শাওণ মাহত কৰিব লাগে ৰুদ্ৰাভিষেক বা জলাভিষেক-



*শিৱলিংগত জলাভিষেক বা ৰুদ্ৰাভিষেক কৰাৰ মহত্ব আছে।কিন্তু শাওণ মাহত ইয়াৰ মহত্ব অধিক হয়।শাওণ মাহত মহাদেৱক প্ৰসন্ন কৰাৰ বাবে-প্ৰতিদিনে ৰুদাভিষেক কৰক।


*শিৱ চালিছা পাঠ-


*শাওণৰ দিনকেইটাত মহাদেৱৰ পূজাত-শিৱ চালিছা পাঠ কৰক।শাওণত শিৱ চালিছা পাঠ কৰিলে-সিদ্ধি-বুদ্ধি,ধন-বল,জ্ঞান আৰু বিবেক প্ৰাপ্তি হয়।  ( Religious Studies )


*ভগৱান শিৱৰ পূজাত আগবঢ়াওক এই সমূহ সামগ্ৰী-


*শাওণ মাহ ভগৱান শিৱৰ প্ৰিয় মাহ।সেইবাবে শাওণ মাহৰ পূজাত-মহাদেৱক তেওঁৰ প্ৰিয় সামগ্ৰী অৰ্পণ কৰা উচিত।মহাদেৱৰ পূজাৰ সামগ্ৰীত-গাখীৰ,বেলপাত,ভাং আৰু ধতুৰা ৰাখক।এই প্ৰিয় মহাদেৱক অৰ্পণ কৰিলে-ভগৱান শিৱ প্ৰসন্ন হয়।


*গৰুক খুৱাওক দানা-


*শাওণ মাহত নিয়মিত গৰুক দানা খুৱাওক আৰু গৰুৰ সেৱা কৰক।শাওণ মাহত গৰুৰ সেৱা কৰিলে আৰু দানা খুৱালে মহাদেৱ সন্তষ্ট হয়।গৰুৰ গাখীৰেৰে শিৱলিংগত অভিষেক কৰিলে-মহাদেৱৰ কৃপা প্ৰাপ্ত হয়।শাওণ মাহত গৰু গাখীৰৰে বনোৱা খীৰৰ ভোগ মহাদেৱক অৰ্পণ কৰিব লাগে।


*শাওণৰ সোমবাৰৰ ব্ৰত-


*শাওণ মাহৰ প্ৰতি সোমবাৰে ব্ৰত ৰাখক।কাৰণ শাওণ পৰা সোমবাৰৰ বিশেষ মহত্ব আছে।আৰু এই দিনত পূজা আৰু ব্ৰতৰ জৰিয়তে মহাদেৱৰ আৰ্শীবাদ প্ৰাপ্ত হয়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages