আহাৰ মাহৰ গুপ্ত নৱৰাত্ৰিত মনোকামনা সিদ্ধি : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, July 2, 2022

আহাৰ মাহৰ গুপ্ত নৱৰাত্ৰিত মনোকামনা সিদ্ধি : Religious Studies

Religious Studies


হিন্দু ধৰ্ম মতে বছৰত চাৰি বাৰ নৱৰাত্ৰি হয়। চ'ত মাহৰ আৰু  শাৰদীয় নৱৰাত্ৰিৰ উপৰিও মাঘ মাহ আৰু  আহাঢ় মাহতো নৱৰাত্ৰি হয়। মাঘ আৰু  আহাঢ় মাহৰ নৱৰাত্ৰিক গুপ্ত নৱৰাত্ৰি বুলি কোৱা হয়।( Religious Studies ) 



হিন্দু ধৰ্মত গুপ্ত নৱৰাত্ৰিৰ বিশেষ মহত্ব আছে । এই নৱৰাত্ৰিত দেৱী ৰ সাত্বিক আৰু তান্ত্ৰিক দুয়ো নিয়মৰ পূজা কৰা হয়। আহাঢ় মাহৰ শুক্ল পক্ষৰ প্ৰতিপদ তিথিৰ পৰা ন দিনলৈ এই নৱৰাত্ৰি হয়। এইবছৰ ৩০ জুনত আৰম্ভ হৈ  ৮ জুলাইত শেষ হব। 


 এই নৱৰাত্ৰিত মন্ত্ৰ সিদ্ধি কৰিবলৈ আৰু তন্ত্ৰ সাধনা কৰা সকলৰ বাবে মহাবিদ্যা উপাসনাকে ধৰি দেৱীৰ বিভিন্ন ৰূপৰ সাধনাৰ সিদ্ধি কৰাৰ বাবে অতি উত্তম সময় বুলি ধৰা হয়।( Religious Studies ) 



গুপ্ত নৱৰাত্ৰিৰ নৱমী তিথিৰ গুৰুত্ব বহুত বেছি।  এই তিথিক অক্ষয় তিথি বুলি ধৰা হয় । সেইদিনা যি কোনো শুভ কাম কোনো শুভ মূহুৰ্ত নোচোৱাকৈ কৰিব পাৰি। অৰ্থাৎ তিথিৰ গোটেই সময়খিনিয়েই শুভ। বিবাহ , গৃহ আৰম্ভ,  গৃহ প্ৰবেশ আদি কামৰ উপৰিও সম্পত্তি কিনাৰ বাবেও ভাল। 


 মনোকামনা পূৰণৰ বাবে যি ৰবি যোগৰ প্ৰয়োজন সেইদিনাৰ সেই যোগ অতি মহত্বপূৰ্ণ। দেৱী অনুষ্ঠান,  পূজন, সিদ্ধি সাধনা আদি কামত সূৰ্য্যৰ সমান উৰ্জা অৰ্থাৎ শক্তি আহৰণ হয় বুলি প্ৰাচীন শাস্ত্ৰত আছে। 

 

জুলা শৰ্মা 

নতুন দিল্লী


এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Assamese article

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  ( Religious Studies ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

1 comment:

  1. শাস্ত্ৰ শব্দটোৱেই প্ৰাচীন। ঋষি মুনি ৰচিত। শাস্ত্ৰৰ লগত প্ৰাচীন শব্দটো যোগ নিদিয়াই ভাল।
    ধৰ্মগ্ৰন্থ অথবা ধৰ্মপুথিৰ লগত প্ৰাচীন শব্দ যোগ কৰা দোষণীয় নহয়।
    আন এক, শাস্ত্ৰখনৰ (বা কেইখনৰ) নাম উল্লেখ কৰিব লাগে। Reporter ৰ দৰে পোষ্ট এটা যে দিছে সেয়া প্ৰমাণ পোৱা গ'ল। অধ্যয়ন কৰক।

    ReplyDelete

Advertisement

Pages