১০ শাওণ, বুধবাৰ ইং, ২৭ জুলাই ২০২২। ( Horoscope Today )
১. *মেষ ৰাশি* (অ,ল) : - মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত সামান্য নাটনি হ'ব পাৰে, কৰ্মক্ষেত্ৰত সজাগ নহ'লে সামান্য মনৰ আশা ভংগ হ'ব পাৰে, লগতে আজি আপুনি সজাগ নহ'লে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।
২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ঘৰত আনন্দ বাঢ়িব, শুভ কৰ্মলৈ মনোনিবেশ হ'ব, যদিও আজি আপুনি কৰ্মক্ষেত্ৰত সজাগ নহ'লে সামান্য আনৰ অবিশ্বাসি হোৱাৰ যোগ দেখা যায়।
৩. *মিথুন ৰাশি* ( ক,ছ) : - মিথুন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ'ব, যদিও আজি আপুনি কৰ্মক্ষেত্ৰত সজাগ নহ'লে সামান্য মিচা অপৱাদ পাৰে, লগতে আজি আপুনি পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব।
৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত কৰ্ম কৌশল আয়ত্ব কৰিব পাৰিব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে দেহ মনত সামান্য আঘাত পোৱাৰ যোগ দেখা যায়।
৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত শুভ হ'ব, আৰ্থিক ক্ষেত্ৰত উন্নতি লাভ কৰিব, প্ৰেমত আনন্দ বাঢ়িব, উকীল সকলৰ আজি সুনাম বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য বিৰোধিতাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায় ।
৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত শুভ হ'ব, ধন - ধান বাঢ়িব, প্ৰেমত শুভ হ'ব, যদিও আজি আপুনি ঘৰুৱা কৰ্মত সজাগ নহ'লে সামান্য অশান্তিৰ ভাৱ সৃষ্টি হোৱাৰ যোগ দেখা যায়। ( Horoscope Today )
৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ সুনাম বাঢ়িব, প্ৰেমত শুভ হ'ব লগতে আজি আপোনাৰ স্বাস্থ্যৰ উন্নতি হোৱাৰ যোগ দেখা যায়।
৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত উন্নতি লাভ কৰিব, কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব, ঘৰলৈ আজি আপোনাৰ আলহীৰ আগমন হ'ব যদিও আজি আপুনি আৰ্থিক ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ'ব।
৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, মনত ভক্তি ভাৱ বাঢ়িব লগতে আজি দিনটোত কৰ্মত সফলতা লাভ হোৱাৰ যোগ দেখা যায়।
১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত সন্মান লাভ কৰিব, ধন- ধান বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য চিন্তা আৰু দু:খ বৃদ্ধি পোৱাৰ যোগ দেখা যায়।
১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত কৰ্মক্ষেত্ৰত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, মনত ভাবি থকা কামবোৰ সফল ৰূপায়ন কৰিব পাৰিব, যদিও আজি আপুনি কৰ্মক্ষেত্ৰত সকলো দিশতে সজাগ সচেতন হৈ থকাটো ভাল হ'ব।
১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ সুনাম অৰ্জন কৰিবলৈ সুযোগ লাভ কৰিব, প্ৰেমত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- " মা কামাখ্যা গেট " (নাৰ্চাৰী)
গুৱাহাটী - ৯
Ph no -9101096481
Wp no - 9577136205
🙏🙏🙏🙏🙏🙏🙏
বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Horoscope Today )
No comments:
Post a Comment