মহাদেৱ কিয় বিশেষ???....
মহাদেৱ কিয় মহাদেৱ??? ( Assamese Viral Post )
বাঘৰ ছাল আৰু ডিঙিত সাপ পৰিধান কৰা শক্তি এটিয়ে সমুদ্ৰ মন্থনৰ পৰা ওলোৱা বিষ পান কৰি সৃষ্টিক ৰক্ষা কৰিছিল আৰু সেই বিষ তেওঁৰ ডিঙিত থাকি গ'ল।তেওঁ মহাদেৱ।দৈনন্দিন জীৱনত আমি হেজাৰটা বিষ গ্ৰহণ কৰো।অফিচৰ বছৰ গালি,চচীয়েল মিডিয়া,ঘৰুৱা অশান্তি।নিগেটিভ বস্তু গ্ৰহণ কৰিও যে জীৱনটো ভালদৰে জীয়াই থাকিব পাৰি সেইয়া মহাদেৱ।
ভালপোৱা: পত্নী সতীৰ মৃত্যুৰ পিছত তেওঁ পত্নীৰ ভস্ম নিজৰ মুখত লগাই প্ৰতিজ্ঞা কৰিছিল। যিমান হেজাৰ বছৰ হলেও তেওঁ অপেক্ষা কৰিব পত্নীৰ পুনৰ জনম লৈ তেওঁৰ ওচৰলৈ অহালৈ।পাৰ্বতী ৰূপত জনম লোৱাৰ পিছতহে তেওঁ দ্বিতীয় বিবাহ কৰিলে।শিৱ আৰু আদিশক্তি বেলেগ নাছিল।তেওঁৰ আধা অংশ নাৰী ৰূপে প্ৰতিফলিত কৰিছিল।প্ৰেমক হয়তো ইয়াতকৈ সন্মান কোনেও দিব নোৱাৰে। আজিৰ It's not workingৰ পৃথিৱীত ভালপোৱাৰ আন এটি নাম তেওঁ....
তেওঁ মহাযোগী।সাধনা আৰু জ্ঞানৰ প্ৰতীক।মহাদেৱৰ পূজা দেৱতাই কৰে, অসুৰেও কৰে, মন্দিৰত তেওঁ, মৰিশালিতো তেওঁ.... তেওঁ উগ্ৰ,তেওঁ শান্ত। ( Assamese Viral Post )
আনফালে তেওঁৰ কাষত পত্নী সন্তান।অলপ চেষ্টা কৰিলে জীৱনত যিমানেই ব্যস্ততা নাথাকক বা সমস্যা নাথাকক ওচৰৰ মানুহখিনিক ভালদৰে ৰাখিব পাৰি।অলপ বুজা মানুহ পালে সকলো বেলেঞ্চ কৰিব পাৰি।
তেওঁ সমস্ত সৃষ্টিৰ অধিকাৰী,পিছে বাস কৰে কৈলাশ পৰ্বতৰ ওপৰত। পাৰ্থিৱ সুখ ক্ষন্তেকীয়া।তেওঁ কৈছে জীৱনত যি বিচৰা সকলো আহৰণ কৰা কিন্তু এইটোও মনত ৰাখা চিৰস্থায়ী একো নহয়।অহংকাৰ কৰিবলৈ একো নাই।চিতাভস্ম গাত লগোৱা তেওঁ শিকাইছে ভৌতিক একো বস্তুৱেই জীৱনক সম্পূৰ্ণতা দিব নোৱাৰে।
আধ্যাত্মিকতা নথকা জীৱনে পূৰ্ণতা নাপাই।
শিৱ সাহস...
শিৱ ত্যাগ...
শিৱ ভালপোৱা...
শিৱ সাধনা।
তেওঁক বেলেগ কোনোবা যেন নালাগেই,একেবাৰে নিজৰে কোনোবা।চিম্লেষ্ট ফৰ্ম অফ গড... একেবাৰে মিডল ক্লাছ মানুহৰ ভগৱান।অলপতেই সন্তুষ্ট... "ভোলানাথ"
সেইবাবেই তেওঁ বিশেষ...
সেইবাবেই তেওঁ শিৱ।
হৰ হৰ মহাদেৱ।
Partha Goswami
উৎস : ফেচবুক
বি:দ্ৰ: আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা বা বাতৰি ইত্যাদি আমাৰ ৱেবচাইটত প্ৰকাশ কৰিব বিচাৰে তেন্তে আপোনালোকৰ লেখাসমূহ আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালনা সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্স প্রেৰণ কৰিবলৈ আহ্বান জনালো নিবাৰ্চিত লেখাসমূহ লেখকৰ নাম আৰু ছবিসহ আমাৰ ৱেবচাইটত প্ৰকাশ কৰা হব ।
( Assamese Viral Post )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment