১)বেছিভাগ মানুহে কোষ্ঠকাঠিন্য আৰু গেছৰ সমস্যাত ভোগে।বেঙেনা খোৱাৰ ফলত-গেছ-কোষ্ঠকাঠিন্য আৰু পেটৰ অনান্য সমস্যাৰ পৰা সকাহ পোৱা যায়। ( Assamese Health Tips )
২/বেঙেনাৰ চবজি হৃদয়ৰোগীসকলৰ বাবে স্বাস্থ্যকৰ বুলি গণ্য কৰা হয়।বেঙেনাৰ নিয়মীয়া সেৱনে হৃদযন্ত্ৰ শক্তিশালী কৰে আৰু হৃদৰোগ পৰিহাৰ কৰে।
৩/বায়ু বিকাৰ ধ্বংস কৰাৰ ক্ষেত্ৰটো বেঙেনা এক উপযোগী পাচলি।ইয়াৰ দ্বাৰা তৈয়াৰ কৰা আঞ্জায়ে বায়ু নিষ্কাসন্স কৰাত সহায় কৰে।
৪/যিসকলৰ টোপনি নাহে-তেওঁলোকে বেঙেনা খাব লাগে।বেঙেনা গৰম চাহত ভৰাই ভাজি লওক।ইয়াৰ বাকলি পৃথক কৰি বেঙেনাটোত মৌ মিহলি কৰক আৰু খাওক।তেতিয়া টোপনি ভাল হব।
৫/প্ৰতিদিনে বেঙেনা চবজি খালে কেৱল প্ৰস্ৰাৱ নোহোৱাৰ সমস্যাই নাইকিয়াই নহয়,লগতে পাথৰৰ সমস্যাও প্ৰাৰ্থমিক পৰ্যায়ত ধ্বংস হয়।
৬/যদি ভোক কম লাগে বা পাচন শক্তি দুৰ্বল হয়-তেওঁলোকে বেঙেনা আৰু বিলাহীৰ চুপ খাব লাগে। ( Assamese Health Tips )
৭/২০০গ্ৰাম পানীত বেঙেনা কাটি উতলাওক।তাৰপাছত সেইখিনি চেকি তাত হালধি আৰু মিচিৰি মিহলি কৰি খালে কাঁহত সকাহ পাব।
৮/যদি তলুৱাৰ পৰা অধিক ঘাম ওলাই-তেতিয়া বেঙেনা কাটি লওক আৰু হাতৰ তলুৱা আৰু ভৰিৰ তলুৱাত ঘঁহি দিয়ক।
৯/বেঙেনা আৰু পালেং শাকৰ চুপ বনাই খালে কোষ্ঠকাঠিন্য আতঁৰ হয়।
১০)যদি পেটত কৃমি হৈছে-তেন্তে বেঙেনাৰ ১০গ্ৰাম গুটি মৌৰ লগত মিহলি কৰি খাওক।পেটৰ কৃমি নাইকিয়া হব।
১১)পাক প্ৰণালীৰ বাবে বেঙেনা অতি উপকাৰী।বেঙেনাৰ ডায়েটৰী ফাইবাৰে শৌচ খোলোচা হোৱাত সহায় কৰে।
১২/ওজন হ্ৰাস কৰাত বেঙেনা সহায়ক।কিয়নো বেঙেনা হল কলেষ্টৰলবিহীন কম কেলেৰিযুক্ত ডায়েটৰী ফাইবাৰ থকা খাদ্য।ফাইবাৰে ভোক নিয়ন্ত্ৰণ কৰি মেদবহুলতা কমায়।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Health Tips )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment