ফাটি যোৱা পুৰণি পাৰ্চটো-পেলাই দিয়াৰ আগতে এই গুৰুত্বপূৰ্ণ-কথাবোৰ জানি লওক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, July 27, 2022

ফাটি যোৱা পুৰণি পাৰ্চটো-পেলাই দিয়াৰ আগতে এই গুৰুত্বপূৰ্ণ-কথাবোৰ জানি লওক : Assamese Fact

Assamese Fact


আপুনি নিশ্চয় আপোনাৰ বয়োজেষ্ঠসকলৰ প্ৰায়ে শুনিছে যে-ফাটি যোৱা-জোতা,কাপোৰ বা মানিবেগ ব্যৱহাৰ কৰিব নালাগে।কিন্তু কিছুমান মানুহৰ বাবে তেওঁলোকৰ কিছুমান বস্তু অতি গুৰুত্বপূৰ্ণ হয়। যাক তেওঁলোকে নিজৰ বাবে ভাগ্যৱান বুলি গণ্য কৰে।   ( Assamese Fact )


যিটো তেওঁলোকে সদায় নিজৰ লগত ৰাখে।এই বস্তুটো যিকোনো হব পাৰে।হয়তো আপোনাৰ বেল্ট বা আপোনাৰ পুৰণি মানিবেগ।আমাৰ বেছিভাগেই এনেবোৰ বস্তু এটা সময়ৰ বাবেহে ব্যৱহাৰ কৰোঁ।ইয়াৰ পাছত যেতিয়া সিহঁত নষ্ট হয়,তেতিয়া আমি এইবোৰ নতুন বস্তুৰে সলনি কৰি দিওঁ।কিন্তু যেতিয়া লাকী পাৰ্চৰ কথা আহে-তেতিয়া নষ্ট হোৱাৰ পাচত পেলাই দিয়াটো অলপ কঠিন হয় পৰে।


পুৰণি পাৰ্চটো কি কৰিব?


যেতিয়া আপুনি আপোনাৰ পুৰণি পাৰ্চটোৰ সলনি নতুন এটা পাৰ্চ লয়,তেতিয়া আপোনাৰ পুৰণি পাৰ্চৰ পৰা বস্তুবোৰ খালী কৰি বস্তুবোৰ নতুন পাৰ্চত ৰখাৰ পাচত-টকাৰ মুদ্ৰা এখন ৰঙা কাপোৰৰে মেৰিয়াই পুৰণি পাৰ্চত ৰাখিব লাগে।এনে কৰিলে আপোনাৰ পুৰণি পাৰ্চত টকা জমা কৰি ৰখা শক্তি একেই থাকিব।   ( Assamese Fact )


যদি আপোনাৰ পুৰণি পাৰ্চটো আপোনাৰ বাবে ভাগ্যৱান বিবেচিত হৈছে-তেন্তে-কেতিয়াও পেলাই দিয়াৰ ভুল নকৰিব।আৰু পাৰ্চটো কেতিয়াও খালী কৰি নাৰাখিব।পুৰণি পাৰ্চত ধানৰ দানা কিছুমান ৰাখিব পাৰে।পাছত আপুনি সেই ধানৰ শস্যবোৰ আপোনাৰ নতুন পাৰ্চলৈ স্থানান্তৰিত কৰিব পাৰে।এনে কৰিলে আপোনাৰ পুৰণি পাৰ্চৰ ধনাত্মক শক্তি-নতুন পাৰ্চলৈ বৈ যাব।


যদি আপোনাৰ পুৰণি পাৰ্চটো অতি মৰমৰ,আৰু আপুনি সেইটো পেলাই দিব নিবিচাৰে-তেন্তে সেই পাৰ্চটো ৰঙা কাপোৰ এখন মেৰিয়াই আপোনাৰ চেফত ৰাখিব পাৰে।কিন্তু মনত ৰাখিব যে-পাৰ্চটো চেফত ৰাখিলেও খালী হৈ থাকিব নালাগে।ৰুমাল,ধান,টকা,যিকোনো বস্তু তাত ৰাখিব পাৰি।


যদি আপোনাৰ পুৰণি ভাগ্যৱান পাৰ্চটো ফাটি গৈছে-কিন্তু তথাপিও আপুনি লগত ৰাখিব বিচাৰে-তেন্তে সম্পূৰ্ণ মেৰামতি কৰাৰ পাছতহে লগত ৰাখিব।ফাটি যোৱা পাৰ্চ এটা লগত ৰাখিলে-ৰাহুক দুৰ্বল কৰি তুলিব।ইয়াৰ বাবে আপোনাৰ ধন হানি হব।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।  ( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages