মুখৰ উজ্বলতা আনিবলৈ-কণী ব্যৱহাৰ কৰাৰ সঠিক পদ্ধতি। ( Assamese beauty Tips )
সকলোৱে নিজৰ মুখখন ধুনীয়া বিচাৰে।কিন্তু পৰিৱৰ্তনশীল জীৱন শৈলী আৰু প্ৰদূষণৰ বাবে মুখত বহু প্ৰকাৰৰ সমস্যা দেখা দিয়ে।বহুতো মানুহৰ মুখত ভিন্ন প্ৰকাৰৰ দাগ পৰে।এনে পৰিস্থিতিত বেছিভাগ লোকে তেওঁলোকৰ মুখখন পুনৰ ধুনীয়া কৰি তুলিবলৈ বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে।
*কেৱল এয়াই নহয়-বেছিভাগ লোকে মুখত উজ্বলতা আনিবলৈ বহুতো কৌশল অৱলম্বন কৰে।ইয়াৰে এক বিশেষ সামগ্ৰী হৈছে-কণী।কণীয়ে মুখ'খন উজ্বল কৰি তুলে।
*মুখত কণী ব্যৱহাৰ কৰাৰ পদ্ধতি-
*প্ৰথমে এটা বাটিত কণী ভাঙি লব।তাৰপাছত চামুচৰে ভালদৰে মিহলি কৰি-বাটিত অলপ সময় ৰখাৰ পাছত-ইয়াক মুখত প্ৰয়োগ কৰক।কিছু সময় মুখত ৰখাৰ পাছত-পানীৰে ধুই দিয়ক। ( Assamese beauty Tips )
*এনে কৰাৰ দ্বাৰা নিজেই অনুভৱ কৰিব পাৰিব যে-মুখ'খন জিলিকি উঠিছে।অৱশ্যে ইয়াক মুখত প্ৰয়োগ কৰাৰ পাছত-কণীৰ গোন্ধ নিশ্চিতভাৱে পাব পাৰে।ইয়াৰ বাবে কণীৰ হালধীয়া অংশ আঁতৰ কৰি লব।
যদি আপোনাৰ ছাল শুকান হয় তেতিয়া কণীৰ লগত মৌজুল অলপ মিহলি কৰি প্ৰয়োগ কৰিব।আকৌ যদি আপোনাৰ ছাল তেলেতীয়া হয় তেতিয়া কণীৰ লগত নেমু ৰস অলপমান মিহলি কৰি প্ৰয়োগ কৰিব । আৰু মিশ্ৰণটো ১৫ মিনিটৰ বাবে মুখত থৈ পানীৰে ধুই দিব । আপুনি মুখ ধোৱা লগে লগে ইয়াৰ ফলাফল নিজৰ মুখত দেখা পাব । মুখখন উজ্জ্বল কৰি তোলাৰ লগতে মিহি হৈ পৰিব আৰু কেইবাৰমান প্ৰয়োগ কৰিলে মুখৰ সকলো দাগ আঁতৰি যাব ।
এই মিশ্ৰণটো প্ৰয়োগ কৰাৰ সময়ত কোনো ব্যক্তি যাতে ওচৰত নাথাকে কাৰণ এই মিশ্ৰণটো প্ৰয়োগ কৰাৰ সময়ত কথা পাতিব নালাগে আৰু বিশেষকৈ হাহিব নালাগে আৰু ১৫ মিনিটৰ বাবে চকু মুদি শুই থাকিব লাগে তেতিয়া ইয়াৰ ভাল ফলাফল লাভ কৰিব ।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese beauty Tips )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment