মহাভাৰতৰ কথা : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, June 6, 2022

মহাভাৰতৰ কথা : Religious Studies

Religious Studies


কুৰুক্ষেত্ৰ যুদ্ধৰ পাচত ধৰ্ম্মৰাজ যুধিষ্ঠিৰে কেউদিশে নিজৰ লোক সকলৰ ধৰাশয় হোৱা আৰু পিতামহ ভীষ্ম শৰ শয্যাত থকা দেখি একেবাৰে দুখত ভাগি পৰোতে ভগৱান শ্ৰীকৃষ্ণ আৰু ব্যাস দেৱে তেওঁক ভীষ্ম পিতামহৰ পৰা দেশ চলাবলৈ পৰামৰ্শ বিচাৰিবলৈ ক'লে । ( Religious Studies )

    

যুধিষ্ঠিৰে ভীষ্ম পিতামহক বিভিন্ন প্ৰশ্ন সুধিলে আৰু ভীষ্মই সকলোৰে উত্তৰ দিলে । শেষত যুধিষ্ঠিৰে ভীষ্মক সুধিলে যে তেওঁ কেনেকৈ দেশবাসীক শান্তি, সূখ আৰু আনন্দত ৰাখিব পাৰিব । তেতিয়া ভীষ্মই  ' বিষ্ণু সহস্ৰ নাম ' গাই যাবলৈ ধৰিলে । ভীষ্মই ইমান ধুনীয়াকৈ ' বিষ্ণু সহস্ৰ নাম ' উচ্চাৰণ কৰা শুনি উপস্থিত সকলোৰে লগতে স্বয়ং শ্ৰীকৃষ্ণ আৰু বেদ ব্যাসেও ভীষ্ম পিতামহৰ মুখলৈ চাই ৰৈ গ'ল । 


বিষ্ণুৰ ১০০০ নাম কৈ যোৱাৰ পিছত যুধিষ্ঠিৰে ক'লে তেওঁ গোটেই নাম বিলাক মনত ৰাখিব নোৱাৰিলে ।  

এই বিলাক গুৰু শিষ্যৰ মাধ্যমেৰে মূখে মূখে চলি আহিছিল ক'তো লিপিবদ্ধ নাছিল । সেয়ে শ্ৰীকৃষ্ণক  যুধিষ্ঠিৰে সুধিলে-- বাসুদেৱ এই নাম খিনি কেনেকৈ লিখা যাব?


শ্ৰীকৃষ্ণই ক'লে-- এই কাম কেবল সহদেৱে হে পাৰিব । সহদেৱে গাই যাব আৰু ব্যাস দেৱে লিখি যাব । 


সকলোৱে ভাবিলে সহদেৱে কেনেকৈ গাই যাব , তেতিয়া শ্ৰীকৃষ্ণই ক'লে --- ইয়াত সহদেৱে একমাত্ৰ সূথা ষ্ফটিক (  Quartz Crystal ) পিন্ধিছে । গতিকে সহদেৱে মহাদেৱক আৰাধনা কৰিলে ষ্ফটিকক শব্দৰ তৰঙ্গলৈ ৰূপান্তৰিত কৰিব পাৰিব। ( Religious Studies )


 সহদেৱে ব্যাস দেৱক লৈ পিতামহ ভীষ্মৰ ওচৰত বহিল ভীষ্মই আকৌ বিষ্ণু সহস্ৰ নাম গাই গল । সহদেৱে মহাদেৱক ধ্যান কৰি ষ্ফটিকে আহৰণ কৰা শব্দৰ তৰঙ্গ উলিয়াই কৈ গল আৰু ব্যাস দেৱে লিখি গল ।


শুদ্ধ ষ্ফটিকৰ শব্দ ধৰি ৰাখিব পৰা গুণ আছে । মহাদেৱক যথা নিয়মেৰে ধ্যান কৰি সেই শব্দ উলিয়াব পৰা হয় । মহাদেৱ  স্বেতাম্বৰ ষ্ফটিক সেয়ে মহাদেৱক ধ্যান কৰা হয় । 


সেয়ে পৃথিৱীৰ প্ৰাচীনতম টেপ ৰেকৰ্ডাৰ হৈছে ষ্ফটিক । 

জুলা শৰ্মা 

নতুন দিল্লী


এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Assamese article

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প আদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:

Post a Comment

Advertisement

Pages