আজি বিশ্ব পৰিবেশ দিৱস । এইবাৰ বিশ্ব পৰিবেশ দিৱসৰ থিমটো লৈছে 'কেৱল এখন পৃথিৱী' ।
পৰিবেশ লৈ গোটেই বিশ্ব এতিয়া চিন্তিত হৈ পৰিছে। কিন্তু বিশ্বৰ আন আন ঠাইৰ মানুহে পৰিবেশৰ কথা চিন্তা কৰা নালাগে কিছুমান ঠায়ে হয়তো সভ্যতাৰ পোহৰ দেখাৰ আগতেই ভাৰতবৰ্ষৰ প্ৰাচীন ঋষি মুনি সকলে প্ৰকৃতি আৰু পৰিবেশ সুস্থ আৰু সুন্দৰ ৰাখিবৰ বাবে ভাৰতীয় সংস্কৃতি পৰম্পৰাৰ লগত কিছুমান কথা সংলগ্ন কৰি থৈছে। ( Religious Studies )
হাজাৰ হাজাৰ বছৰৰ আগতেই ৰচিত বেদত পৃথিবীক মাতৃ আৰু আকাশক পিতৃ বুলি কৈছে। আমাৰ উপৰি পুৰুষ সকলে, ঋষি মুনি সকলে প্ৰকৃতিৰ সকলো বস্তুকে দেৱী দেৱতা ৰূপত লৈছিল যিদৰে নদীক , কিছুমান গছক মাতৃ হিচাপে আৰু কিছুমান গছক দেৱতা বুলি পূজা কৰাৰ নিয়ম কৰি গৈছে।
পৰিবেশত শান্তি আনিবৰ বাবে,পৃথিৱী আৰু আকাশ শান্তি আনিবৰ বাবে যজুৰ্বেদত (৩৬/১৭) এটা অতি সুন্দৰ আৰু বহুল ভাৱে প্ৰচলিত মন্ত্ৰ আছ --
ॐ द्यौ शांतिरन्तरिक्ष: शांति: पृथ्वी शांतिराप: शान्ति: रोषधय: शान्ति:। वनस्पतय: शान्तिर्विश्वे देवा: शान्तिब्रह्म शान्ति: सर्वं: शान्ति: शान्र्तिरेव शान्ति: सा मा शान्तिरेधि ॐ शान्ति: शान्ति: शान्ति: ॐ।।
এইটো যজুৰ্বেদৰ এটা শক্তিশালী শান্তি মন্ত্ৰ। এই মন্ত্ৰত সৃষ্টিৰ সকলো তত্ব আৰু কাৰকত শান্তি বিৰাজ কৰিবৰ কাৰণে প্ৰাৰ্থনা কৰা হয়। এই মন্ত্ৰত কোৱা হৈছে-- গ্ৰহ জগত শান্তি হওঁক, অন্তৰিক্ষত শান্তি হওঁক , পৃথিৱীত শান্তি হওঁক , ঔষধিত শান্তি হওঁক, উদ্ভিদ আদিত শান্তি হওঁক, বিশ্বত শান্তি হওঁক, সকলো দেৱী দেৱতা গণৰ শান্তি হওঁক, ব্ৰহ্মৰ শান্তি ,হওঁক সকলো ফালে শান্তি হওঁক।
ঋগ্বেদত বৈদিক ঋষিয়ে মধুৰ পৰিবেশৰ কথা কৈছে--
मधु वाता ऋतायते मधु क्षरन्ति सिन्धव:।
माध्वीर्न: सन्त्वोषधी:।। (ঋগ্বেদ ১/৯০/৬)
অৰ্থাৎ-
বায়ু আৰু নদী বিলাকে আমাৰ যজ্ঞ কৰ্তা সকলৰ বাবে মধুৰ ৰসৰ উৎপন্ন আৰু প্ৰবাহিত কৰে ।
मधु नक्तमुतोष सो मधुमत्पार्थिवं रज:।
मधु घौरस्तु न: पिता।। (ঋগ্বেদ ১/৯০/৭)।।
,অৰ্থাৎ--
আকাশ আমাৰ পিতৃৰ দৰে মাধুৰ্যৰস যুক্ত হওঁক , মাতৃৰ সমান ৰক্ষা কৰিব পৰা পৃথিৱী য'ত ধূলিও মধুৰ দৰে আনন্দবৰ্দ্ধক হওঁক । প্ৰাতঃ আৰু ৰাত্ৰিও মাধুৰ্যৰ হয় ।
मधुमान्नो वस्पतिर्म धुमां अस्तु सूर्य:।
माध्यवीर्गावो भवन्तु न:।। (ঋগ্বেদ ১/৯০/৮)।।
অৰ্থাৎ-'
গছ-গছনিয়ে আমাক সুখী কৰে। সূৰ্য্যৰ কিৰণে আমাক মধুৰ ৰস দিয়ে আৰু গাই গৰুৱে আমাক অমৃতৰ দৰে পুষ্টিকৰ দুগ্ধ প্ৰদান কৰে ।( Religious Studies )
অথৰ্বেদৰ ভূমি সুক্তত কৈছে-- মাতৃভূমি, দেৱতাসকলে উপাসনা কৰা ভূমিয়ে আমাক মধু দিয়ক। এই পৃথিৱীৰ হৃদয় সৰ্বোচ্চ আকাশৰ অমৃতৰ সৈতে সম্পৰ্কিত। সেই ভূমিয়ে আমাৰ দেশত গতি লাভ কৰক।
यां रक्षन्त्यस्वप्ना विश्रदानीं देवा भूमि पृथवोमप्रमादम् ।
सा नो मधु प्रियं दुहामथो उक्षतु वर्चसा ।।
(অথৰ্ৱবেদ ১২/১/৭)
অৰ্থাৎ--
দেৱতাই যি ভূমিৰ ৰক্ষা উপাসনা কৰে সেই মাতৃভূমি আমি মধু সম্পন্ন কৰো । সেই মাতৃভূমিক আমি সকলো উত্তম, প্ৰিয় আৰু কল্যানকাৰী পদাৰ্থৰে সুসম্পন্ন কৰো আৰু আমাক জ্ঞান বৰ্ষায় আৰু ঐশ্বয্য প্ৰদান কৰে ।
यार्णवेऽधि सलिलमग्र आसीद् यां मायाभिरन्वचरन् मनीषिणः।
यस्या हृदयं परमे व्योमन्त्सत्येनावृतममृतं पृथिव्या: । सा नो भूमिस्त्विषिं बलं राष्ट्रे दधातूत्तमे ।।
(অথৰ্ৱবেদ ১২/১/৮)
অৰ্থাৎ--
যি ভূমিৰ হৃদয় আকাশৰ সত্য অমৃতেৰে আবৃত হৈ থাকে। মনীষী সকলে নিজৰ কুশলতাৰে যাক অনুসৰণ কৰে , সেই ভূমিয়ে আমাৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰক তেজস্বিতা আৰু বল বঢ়াব ।
#আৰ্যৱৰ্তৰ_শাস্ত্ৰ_জ্ঞান
জুলা শৰ্মা
নতুন দিল্লী
এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প আদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment