শক্তিশালী, উন্নতিপ্ৰদায়িনী মন্ত্ৰ : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, June 4, 2022

শক্তিশালী, উন্নতিপ্ৰদায়িনী মন্ত্ৰ : Religious Studies

Religious Studies


ॐ जयंती मंगला काली भद्रकाली कपालिनी 

दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तुते ॥


অসমীয়া--

ওঁম জয়ন্তী মঙ্গলা কালী ভদ্রকালী কপালিনী।

দুর্গা শিবা ক্ষমা ধাত্রী স্বাহা স্বধা নমোঽস্তু তে।।( Religious Studies )


ভাবাৰ্থ--

জয়ন্তী, মঙ্গলা, কালী,ভদ্ৰকালী,কপালিনী, দূৰ্গা, ক্ষমা, শিৱাধাত্ৰী ,স্বাহা আৰু স্বধা --এই নাম সমূহৰে  প্ৰসিদ্ধ মা জগদম্বাক মোৰ প্ৰণাম ।


১)  'जयंती सर्वोत्कर्षेण वर्तते इति ‘जयंती’ -

 সকলোতকৈ উৎকৃষ্ট আৰু বিজয়শালিনী দেৱী জয়ন্তী।


২) ' मंगल जननमरणादिरूपं सर्पणं भक्तानां लाति 

       गृहणाति या सा मंगला मोक्षप्रदा'--


অসমীয়া --

মঙ্গল জননমৰণাদিৰূপম্ সৰ্পণং ভক্তানাং লাতি

গৃহণাতি য়া চা মঙ্গলা মোক্ষপ্ৰদা --


ভাবাৰ্থ --

যি নিজৰ ভক্ত সকলক জন্ম মৰণ আদি সংসাৰ বন্ধনৰ পৰা দূৰ কৰে  সেই মোক্ষদায়িনী মঙ্গল দেৱীৰ নাম মঙ্গলা।


৩) 'कलयति भक्षयति प्रलयकाले सर्वभ् इति काली'-- 


অসমীয়া--

কলয়তি ভক্ষয়তি প্ৰলয়কালে সৰ্ৱভ্ ইতি কালী-


ভাবাৰ্থ-

যি প্ৰলয় কালত গোটেই সৃষ্টিক নিজৰ গ্ৰাস কৰি লয় সেয়ে কালী।


৪)  'भद्रं मंगलं सुखं वा कलयति स्वीकरोति 

       भक्तेभ्योदातुम् इति भद्रकाली सुखप्रदा '--


অসমীয়া--

ভদ্ৰং মঙ্গলং সুখং ৱা কলয়তি স্বীকৰোতি 

ভক্ত ভ্যোদাতুম্ ইতি ভদ্ৰকালী সুখপ্ৰদা -


ভাবাৰ্থ--

যি ভক্ত সকলক দিবৰ বাবে ভদ্ৰ সুখ বা মঙ্গল স্বীকাৰ কৰি লয় তেৱেঁই ভদ্ৰকালী ।


৫) যি ডিঙিত মুণ্ডমালা ধাৰণ কৰে তেৱেঁই দেৱী কপালিনী।( Religious Studies )


৬)  'दु:खेनअष्टड्गयोगकर्मोपासनारूपेण 

       क्लेशेन गम्यते प्राप्तते या- सा दुर्गा' --

যাৰ পৰা অষ্টাঙ্গযোগ, কৰ্ম আৰু উপাসনা ৰূপ অতি কষ্টৰে পোৱা যায় সেয়ে দূৰ্গা ।


৭) क्षमते सहते भक्तानाम् अन्येषां वा सर्वानपराघशान् 

      जननीत्वेनातिशय-करुणामयस्वभावदिति क्षमा --


অসমীয়া--

ক্ষমতে সহতে ভক্তানাম্ অন্যেষাং ৱা সৰ্ৱানপৰাধশান্

জননীত্বেনাতিশয় কৰুণাময়স্বভাৱদিতি ক্ষমা 


ভাবাৰ্থ --

গোটেই জগতৰ জননী হৈয়ো অতি কৰুণাময়ী হোৱা বাবে যি ভক্তৰ আৰু আনৰো অপৰাধ ক্ষমা কৰে। সেয়ে দেৱী ক্ষমা ।


৮) যি নাম সেই অনুসৰি ভগৱতীৰ কাম। সেয়ে সকলোৰে কল্যান কৰা মা জগদম্বাৰ নাম শিৱা অৰ্থাৎ শিৱাধাত্ৰী। 


৯) যি সকলো অসাধ্য সাধন কৰে সেয়ে দেৱী ধাত্ৰী।


১০) স্বাহা ৰূপত ভক্তই আগবঢ়োৱা যজ্ঞৰ ভাগ গ্ৰহণ কৰি  দেৱতাক আগবঢ়াই দিয়া দেৱীয়েই হৈছে স্বাহা ।


১১) শ্ৰাদ্ধ আৰু তৰ্পণ স্বীকাৰ কৰি পূৰ্ব্ব পুৰুষক আগবঢ়াই দিয়া দেৱী স্বধা ।


#শাস্ত্ৰ_জ্ঞানম্_অমৃতম্ 

জুলা শৰ্মা 

নতুন দিল্লী


এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Assamese article

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প আদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:

Post a Comment

Advertisement

Pages