অম্বুবাচী মেলাৰ সময়ত অসমীয়া পৰম্পৰাগত কৃষিজীৱি সমাজে কেতবোৰ বিশেষ নীতি-নিয়ম পালন কৰে।ঠাইভেদে কিছু ভিন্নতা থাকিলেও এনেধৰণৰ লোকবিশ্বাস সকলোতে বিদ্যামান।( Religious Studies )
অম্বুবাচী আৰু অসমীয়া সমাজৰ মাজৰ সম্পৰ্ক অতি নিবিঢ়।অসমীয়া জনসমাজত অম্বুবাচী বা ষাঁঠ লগাৰ এক বিশেষ তাৎপৰ্য আছে।আৰু অসমীয়া কৃষিজীৱি সমাজে অম্বুবাচী বা আমতিৰ সময়ত কেতবোৰ ধৰা বন্ধা নিয়ম পালন কৰি আহিছে।
অসমীয়া সাত লগা বা ষাঁঠ বা অম্বুবাচী কি!
জনবিশ্বাস মতে আহাৰ মাহৰ সাত তাৰিখে পৃথিৱী ঋতুমতী হয়।সেয়ে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত সাত বা অম্বুবাচী বোলা হয়।অম্বুবাচী বা আমতি হল-প্ৰধানকৈ আহাৰ মাহত উদযাপন কৰা অসমৰ এক ঋতুকালীণ কৃষি উৎসৱ। সংস্কৃত অম্বুবাচী শব্দৰ পৰা-অসমৰ কামৰূপ জিলাত প্ৰচলিত আমতী শব্দটো হৈছে। সংস্কৃতত অম্বু'ৰ অৰ্থ পানী আৰূ বাচী'ৰ অৰ্থ প্ৰকাশিত বা পুষ্পিত হোৱা।
অম্বুবাচীত পৃথিৱী পুষ্পিত হোৱা বুলি বিশ্বাস কৰা হয়।কৃষিৰ কাৰণে প্ৰয়োজন উৰ্বৰতাৰ।
আদিম মানৱৰ বিশ্বাসত তিৰোতাৰ জৰায়ু আৰু মাতৃ বসুমতীৰ জৰায়ুৰ মাজত কোনো পাৰ্থক্য নাই।কৃষিজীৱি জনগণৰ কৃষিৰ প্ৰাচুৰ্য কামনা আৰু ণাৰ বাবে ভূমিৰ উৰ্বৰতা বৃদ্ধিৰ বাসনা অম্বুবাচীৰ গৃঢ় উদ্দেশ্য।আমাৰ ৰাজ্যৰ মানুহখিনি অতীজৰেপৰা কৃষিজীৱি লোক।ইয়াৰ সমাজ ব্যৱস্থা পৰম্পৰাগত।পৃথিৱী বছৰত এবাৰকৈ ৰজম্বলা হয় আৰু-অম্বুবাচ বা আমতি বা ষাঁঠ হল এই ৰজম্বলাৰ কাল।আদিম কৃষিজীৱিসকলৰ বিশ্বাসত ৰজম্বলা হোৱাৰ পাছতহে তিৰোতাসকলৰ সন্তান জন্ম দিবলৈ উপযুক্ত হোৱাৰ দৰে পৃথিৱীও অম্বুবাচী হোৱাৰ পাছতহে শস্য উৎপাদনৰ বাবে উপযুক্ত হয়।( Religious Studies )
অম্বুবাচী মূলতে ঋতুকালীণ উৎসৱ হলেও-ই ক্ৰমে ক্ৰমে হিন্দু পঞ্জিকাৰ আশ্ৰয়ী উৎসৱ হৈ পৰিছে।জ্যোতিষ শাস্ত্ৰ মতে-আহাৰ মাহৰ মৃগশিৰা নক্ষত্ৰৰ তিনিপদ গলে চতুৰ্থ পদৰ আদ্ৰা নক্ষত্ৰৰ প্ৰথম পদৰ মধ্যত বিশ্বজননী ঋতুমতী হয়।এই পূৰ্ণ যোগ সাাৰণতে আহাৰ মাহৰ-৬/৭তাৰিখৰপৰা ১০/১১তাৰিখলৈকে।নামনি অসমৰ ঠায়ে ঠায়ে ষাঁঠ আৰম্ভ হয় জেঠৰ সংক্ৰান্তিৰ তিনিদিন পূৰ্বৰে পৰা।ষাঁঠত সধবা তিৰোতাই ব্ৰত কৰে।
ব্ৰত আৰম্ভ হোৱা দিনা আয়তীসকলে গীত-পদ-গাই আৰু উৰুলী দি পানীৰ তলৰ পৰা বোকা মাটি তুলি আনি বৰাত পূজা পাতে।ফুল,সেন্দূৰ,তামোল পাণ,আদিৰে সজোঁৱা পূজাৰ বেদী স্বৰূপ আসন পতা পীৰা এখনত থপা-এই মাটিত বিভিন্ন শস্যৰ বীজ ছতিওৱা হয়।এই মাটিত যিবিধ শস্য বেছিকৈ গজে-সেইবিধৰ খেতি সেই বছৰত বেছিকৈ হয় বুলি লোকবিশ্বাস আছে।স্বামীৰ দীৰ্ঘায়ু কামনা কৰি আয়তীসকলে ব্ৰতৰ কেইদিনত এই মাটিত পূজা সেৱা কৰে।ব্ৰতৰ অন্তত থাপনাৰ সৈতে সলো সামগ্ৰী পানীত উটুৱাই দিয়া নিয়ম।{সংগ্ৰহিত}
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰেখামনি চাৰিঙীয়াৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো গল্প কবিতা ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment