সাত লগা বুলিলে এইসমূহ নিয়ম পৰম্পৰাগতভাৱে প্ৰচলিত হৈ আহিছে : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, June 22, 2022

সাত লগা বুলিলে এইসমূহ নিয়ম পৰম্পৰাগতভাৱে প্ৰচলিত হৈ আহিছে : Religious Studies

Religious Studies

কৃষক আৰু গঞালোকে অম্বুবাচীৰ সময়ত নিম্ন উল্লেখিত বাধা-নিষেধবোৰ পাৰ্যমানে ৰক্ষা কৰি আহিছে।( Religious Studies )


ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰা সৃষ্টি হবৰ দিনৰে পৰা আমাৰ সাত লগা বুলিলে যিবোৰ নিয়ম পৰম্পৰাগতভাৱে প্ৰচলিত সেইবোৰ হল-


১/পৃথিৱী ৰজম্বলা হোৱা হেতু-সেই ৪দিন কৃষকসকলে হালখেতি নকৰে।বীজ ৰোপন কাৰ্য বন্ধ ৰাখে।


২/মাটি খন্দা,কোৰ মৰা কাম আদি নকৰে।


৩/ভঁৰালঘৰ নুচুৱে বা ভঁৰালঘৰৰ পৰা ধান নানে।


৪/মাটিত পৰা বস্তুও বহু লোকে গ্ৰহণ নকৰে।


৫/ব্ৰহ্মচাৰী আৰু বিধবাসকলে ৰন্ধা আহাৰ গ্ৰহণ নকৰে।সেই কেইদিন কেৱল ফলমূল আৰু গাখীৰহে গ্ৰহণ কৰে।( Religious Studies )


৬/হিন্দু ধৰ্মাম্বলী লোকসকলে মঠ-মন্দিৰলৈ নাযায়।


৭/পূজা-পাতল কৰা,চাকি বন্তি জ্বলোৱা আদি সকলো ধৰ্মীয়  কাম-কাজ বন্ধ ৰাখে।অৱশ্যে সাম্বৎসৰিক বা প্ৰেতকৰ্ম আদি কৰাত বাধা নাই।


৮/অম্বুবাচীৰ সময়ত ব্যৱহাৰ কৰা কাপোৰ কানি শুচি নকৰাকৈ পাছত পিন্ধা উৰা নকৰে।


৯)আমতি ভঙাৰ পাছত আগৰ বাঢ়নী পেলাই দি,নতুন বাঢ়নী আদি ব্যৱহাৰ কৰাৰ নিয়ম।


১০)আমতিৰ সময়ত শিপিনী সকলে শাষলত নবঢ়ে।কাৰণ শালৰ গাৰীৰ খুটি মাটিত পুটোতে মাটি খুন হয়।


১১/আমতি ভঙাৰ পাছত ৰন্ধা-বঢ়া কৰা কেৰাহিবোৰ জুইৰে পুৰি কাজল নাইকিয়া কৰা হয়।আন সকলো বস্তু যেনে-চৰু-হাৰি,ঢাৰি-পিৰা,আনকি গচা,টামোল খুন্দা চুঙা-টাকোন আদিও ধুই দিয়া হয়।


১২)ঘৰ-কাঠী,আলতীয়া মাটিৰে,মুচি-কাচি,তাৰপাছত ঘৰৰ তিৰোতা মানুহে গা-ধুই সকলো ফালে পানী চটিয়াই শুদ্ধ কৰে।এৱাঁ গাখীৰত সোণ-ৰুপ জোবোকা মাৰি দুবৰিৰে চটিয়াই শুদ্ধ কৰে।ঘৰৰ চোতাল গোবৰ পানী চটিয়াই শুদ্ধ কৰে।(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰেখামনি চাৰিঙীয়াৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো গল্প কবিতা ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages