৩০ জেঠ, মঙ্গলবাৰ ইং, ১৪ জুন
২০২২ । ( Horoscope Today )
১. *মেষ ৰাশি* (অ,ল) : - মেষ
ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব পাৰে, কৰ্মক্ষেত্ৰত শুভ হ'ব যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য কষ্ট পোৱাৰ ৰোগ দেখা যায়।
২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, খেলুৱৈ সকলৰ শুভ হ'ব, লগতে আজি আপুনি কৰ্মক্ষেত্ৰত শুভ সংবাদ লাভ কৰিব পাৰে।
৩. *মিথুন ৰাশি* ( ক,ছ) : - মিথুন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সাহিত্য সেৱাত মনোনিবেশ কৰিবলৈ সুযোগ লাভ কৰিব পাৰে, কৰ্মক্ষেত্ৰত মনত উৎসাহ বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে কৰ্মবোৰ সামান্য জটিলতা মাজেৰে সমাপ্ত হোৱাৰ যোগ দেখা যায়।
৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত সন্মান বাঢ়িব, পাৰিবাৰিক জীৱনত সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ আৰ্থিক দিশত শুভ হোৱাৰ যোগ দেখা যায়।
৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ঘৰুৱা দিশত সুখ শান্তি বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে কৰ্মত সামান্য জটিলতাৰ সৃষ্টি হ'ব পাৰে লগতে সজাগ নহ'লে সামান্য ক্ষতি হোৱাৰ যোগ দেখা।।
৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আয় ইনকাম বাঢ়িব আৰ্থিক দিশত শুভ হ'ব, সন্তানৰ সুখ শান্তি বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে সামান্য মিচা অপৱাদ পাৱ পাৰে।
৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ছাত্ৰ-ছাত্ৰী সকলৰ বিদ্যা আহৰণৰ সুযোগ লাভ কৰিব, প্ৰতিযোগিতা মুল্যক পৰিক্ষা সমুহত সফলতা লাভ কৰিব পাৰে, যদিও আজি আপুনি কৰ্মক্ষেত্ৰত সজাগ নহ'লে সামান্য বুদ্ধি ভ্ৰষ্ট হোৱাৰ যোগ দেখা যায়।
৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, সামাজিক কৰ্মত সন্মান লাভ কৰিব পাৰে, লগতে আজি আপোনাৰ আৰ্থিক দিশত শুভ হোৱাৰ যোগ দেখা যায়।
৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, আমোদ প্ৰমোদ ভাৱ বাঢ়িব যদিও আজি আপুনি সময়ৰ প্ৰতি গুৰুত্ব দিয়াটো ভাল হ'ব।
১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত উৎসাহ বাঢ়িব, ঘৰলৈ আত্মীয় পৰিয়ালৰ বা বন্ধু বান্ধৰ আগমন হ'ব পাৰে , লগতে আজি আপোনাৰ কৰ্মত সফলতা লাভ হোৱাৰ যোগ দেখা যায়।
১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত প্ৰেমত বিপৰীত লিংগৰ পৰা সহাৰি লাভ কৰিব পাৰে, সঞ্চয় বাঢ়িব, যদিও আজি আপুনি আপোনাৰ মনৰ পৰা বেয়া চিন্তা বোৰ এৰাই চলাটো ভাল হ'ব।
১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত শৰীৰত সামান্য এলাহ ভাৱ বাঢ়িব, কৰ্মত সজাগ নহ'লে সামান্য ৰাজ ভয় ভাৱ বাঢ়িব পাৰে, লগতে আজি আপোনাৰ মনত সামান্য অশান্তিৰ ভাৱ বাঢ়িব পাৰে।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
ৰাশিফল সম্বন্ধীয় আৰু লেখা পঢ়ক এই লিংকত - www.ৰাশিফল.smj24.in
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- " মা কামাখ্যা গেট " (নাৰ্চাৰী)
গুৱাহাটী - ৯
Ph no -9101096481
Wp no - 9577136205
🙏🙏🙏🙏🙏🙏🙏
বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Horoscope Today )
No comments:
Post a Comment