মৰমেই কাল হ’ল নেকি কে কেৰ : Assamese Viral Post - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, June 1, 2022

মৰমেই কাল হ’ল নেকি কে কেৰ : Assamese Viral Post

Assamese Viral Post


বলিউদৰ জনপ্ৰিয় শিল্পী কে কে কৃষ্ণকুমাৰ কুন্নাথ আৰু নাই৷কলকাতাত অনুষ্ঠান পৰিৱেশন কৰি থকাৰ মাজতে অসুস্থ হৈ পৰিছিল কে কে ৷( Assamese Viral Post )


জনপ্ৰিয় শিল্পী গৰাকীৰ অনুষ্ঠানত অভাৱনীয় ভিৰ হৈছিল৷বাৰে বাৰে ঘামিছিল আৰু পানী খাইছিল কেকেই৷ অনুষ্ঠান পৰিৱেশনৰ সময়ত যথেষ্ট সজীৱ আৰু সপ্ৰতিভ দেখা গৈছিল কেকেক !কেকেৰ মৃত্যু বলিউদ সংগীতৰ জগতৰ এক অপূৰণীয় ক্ষতি ৷

কেকেৰ মৃত্যুৱে যেন এক সকীয়নি প্ৰদান কৰিলে অসমৰ জনপ্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গলৈ৷জুবিন গাৰ্গৰ অনুষ্ঠানবোৰতো অভাৱনীয় ভিৰ হয় অসমত৷আবালবৃদ্ধবণিতা

সকলোৱেই আকৰ্ষিত হয় জুবিন গাৰ্গৰ গীতৰ প্ৰতি৷শেহতীয়া বিহু অনুষ্ঠানবোৰত যথেষ্ট ভাগৰুৱা দেখা গৈছিল জুবিন গাৰ্গক৷দুই এঠাইত তেওঁক পলমকৈ মঞ্চত উঠিবলৈ দিয়াৰ বাবে আয়োজকৰ সন্মুখতে ৰাজহুৱাকৈ ক্ষোভ ব্যক্ত কৰিছে জুবিন গাৰ্গে৷চলিত বৰ্ষৰ অনুষ্ঠানবোৰলৈ মন কৰিলে এটা কথা স্পষ্ট হয় যে জুবিন গাৰ্গৰ আগৰ সেই উদ্যম নাই৷সেয়া তেওঁৰ জীৱন শৈলীৰ বাবেই হয়তো হ’ব পাৰে৷দিনে -নিশাই ব্যস্ত থকা জুবিনক মানসিক জিৰণিৰ অত্যন্ত প্ৰয়োজন ৷গীতৰ সুৰ কৰা,ৰেকৰ্ডিং

 কৰা,মঞ্চত পৰিৱেশন কৰা,মঞ্চৰ জাকজমকতা তথা দৰ্শকৰ উৎসাহে গায়ক সকলক অনুপ্ৰেৰণা যেনেকৈ দিয়ে তেনেকৈ মানসিক চাপৰো সৃষ্টি কৰে৷তদুপৰি অত্যধিক ভিৰত suffocation ত ভোগা যায়৷সেয়ে জুবিন গাৰ্গৰ গান ভাল পোৱা প্ৰতিগৰাকী অনুৰাগীয়ে তেওঁৰ শাৰীৰিক দিশটোৰ প্ৰতিও গুৰুত্ব দিয়াতো প্ৰয়োজন৷জুবিন গাৰ্গৰ অনুষ্ঠান মানেই যিহেতু অভাৱনীয় ভিৰ সেয়ে এই কথাবোৰলৈ আয়োজকে গুৰুত্ব দিয়াতো প্ৰয়োজন৷( Assamese Viral Post )


শেষ ৰাতি তেওঁক মঞ্চত উঠাই তেওঁৰ গীতৰ আনন্দ লোৱাতো তেওঁৰ প্ৰকৃত শুভাকাংক্ষীৰ কাম্য নহয়৷আয়োজক মণ্ডলীয়ে বহুত সময়ত তেওঁলোকৰ আন অনুষ্ঠানবোৰ চাবলৈ দৰ্শক নহ’ব বুলি ভাবিয়ে জুবিন গাৰ্গৰ অনুষ্ঠান নিশা দুপৰলৈকে ৰখাই থয়৷তাৰ ফলত হানি হয়  জুবিন গাৰ্গ আৰু তেওঁক সংগত কৰা শিল্পীসকলৰ৷কিয়নো তেওঁলোকৰ অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠান থাকে,ঘূৰি ফুৰিবলগীয়া হয়,জিৰণি ল’বলৈ সময় নাপায়৷আনহাতে আয়োজক আৰু অনুষ্ঠানৰ দৰ্শকসকলে জুবিনেই হওক বা আন শিল্পীৰে হওক অনুষ্ঠান চাই জিৰণি ল’বলৈ সুবিধা পায়৷ইয়াত জুবিন গাৰ্গৰ কথা বিশেষভাৱে উল্লেখ কৰা হৈছে কাৰণ তেওঁক এইবাৰ যথেষ্ট ভাগৰুৱা দেখা গৈছিল৷


জুবিনৰ গান ভাল পোৱা অনুগামী আৰু আয়োজকে জুবিন গাৰ্গক যদি প্ৰকৃতাৰ্থত ভাল পায় তেন্তে তেওঁক দুপৰ নিশা গান পৰিৱেশনৰ বাবে মতা পৰম্পৰা বন্ধ কৰা উচিত৷বৰঞ্চ তেওঁক নিমন্ত্ৰণ কৰি দুই -এটা গীত গাবলৈ দিয়েই তেওঁৰ প্ৰতি থকা অনুৰাগ প্ৰদৰ্শন কৰা উচিত৷তেতিয়াহে জুবিনক সুস্থভাৱে তেওঁৰ অনুৰাগীয়ে বহুত দিনলৈ পাব !মুঠতে সদায় মনত ৰখা উচিত যাতে মৰমৰ চুমাই যেন নাকটি নিচিঙে৷ড° ভূপেন হাজৰিকাৰ ক্ষেত্ৰতো সেই একেই হৈছিল৷নুনমাটিৰ বিহু মঞ্চত গীত গাই থাকোতেই অসুস্থ হৈ পৰিছিল তেওঁ !সেইদিনা তেওঁৰ গানৰ অনুষ্ঠানটোৰ সলনি যদি তেওঁৰ মনৰ কথা কোৱাৰ সুযোগ পালেহেঁতেন,তেওঁ হয়তো মানসিক চাপ সিমান অনুভৱ নকৰিলেহেঁতেন !জনপ্ৰিয় মানুহবোৰৰ ক্ষেত্ৰত অনুৰাগীও সজাগ হোৱা উচিত !কোনোবাই হয়তো ক’ব - চৰণেহে জানে মৰণৰ ঠাই -হয় ,সঁচা কথা কিন্তু আমি এনেকুৱা কামো কৰা অনুচিত যাৰ বাবে আমি পিচত অনুতপ্ত হ’বলগীয়া হয় !শেষত পুনৰ বাৰ কেকেৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে জুবিনৰ অনুৰাগীসকলেও  নিজকে সজাগ অনুৰাগী হিচাপে পৰিচয় দি তেওঁৰ সৃষ্টিত যতি নপৰাৰ বিষয়টোত গুৰুত্ব দিয়াৰ সময় যে সমাগত সেই কথা অনুধাৱন কৰা উচিত !

-মনালিছা গগৈ


উৎস : ফেচবুক


( ফেচবুকত উক্ত প'ষ্টটো যথেষ্ট ভাইৰেল হৈছে আৰু ইতিমধ্যে বহু সংখ্যক লোকে আদৰি লোৱা দেখিবলৈ পোৱা গৈছে।বিষয়টোৰ সন্দৰ্ভত আপোনাৰ মতামত নিশ্চয় কমেণ্টবক্সত জনাব,ধন্যবাদ )( Assamese Viral Post )

No comments:

Post a Comment

Advertisement

Pages