পৰীক্ষাত বেছি নম্বৰ পালেই জানো ভাল হোৱাটো বুজাই : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, June 7, 2022

পৰীক্ষাত বেছি নম্বৰ পালেই জানো ভাল হোৱাটো বুজাই : Assamese Storyboard

Assamese Storyboard


  ঘৰখনত চেপা উত্তেজনা । আজি পৰীক্ষাৰ ৰিজাল্ট দিব । একমাত্ৰ ল'ৰাটোৰ কাৰণে মাক দেউতাকৰ চিন্তাৰ শেষ নাই ।Assamese Storyboard )


 ভালৰ  ভাল খোৱা লোৱা ,টিউচন, পূজা পাৰ্বন ,নামঘৰ ,মন্দিৰত শৰাই , নাম প্ৰসংগ, ভাগৱত পাঠ ইত্যাদি ইত্যাদি একো বাকী ৰখা নাই ।  লক্ষ এটাই, ৰিজাল্ট ভাল হওঁক । বাচনি পৰীক্ষাত আশা কৰা ধৰণে ভাল হৈছিল । গতিকে মাক দেউতাক নিশ্চিত, কমেও পঁচানবৈ শতাংশ পাব । কটনত চিট পালেই সন্মান ৰক্ষা হব । তথাপিও ভয় শংকা ।  পিছে ল'ৰাটো নিৰ্বিকাৰ । পঢ়িব লাগে পঢ়িছে । যি হয় হব।....


   .দুদিনমান আগতে লৰাটোৰ কথাই ঘৰখনত ভুমিকম্পৰ দৰে জোকাৰণি আনিছিল । সি মাক দেউতাকক কৈছিল যে ৰিজাল্ট ভাল হলে সি অভিযন্তা হব, বিদেশলৈ  যাব  , সি হয়তো বিখ্যাত হব । মাক দেউতাকে তাক লৈ গৌৰব কৰিব । হয়তো বিদেশী ছোৱালী এজনী বিয়া পাতি তাতেই স্থানীভাৱে থাকিব । মন গলেও ঘৰলৈ আহিব নোৱাৰিব । তেতিয়া বৃদ্ধ মাক দেউতাকৰ ওচৰত কোনো নাথাকিব । অসহায় অৱস্থাত পৰি মাক দেউতাকে অৱশেষত কোনোবা বৃদ্ধ আশ্ৰমত থাকিব লাগিব । ধন সম্পত্তি সকলো পৰি থাকিব । ..ল'ৰাৰ কথা শুনি   মাকৰ কান্দোন ওলাইছিল । ইমান কস্ত কৰি পঢ়াই শুনাই শেষত এই অৱস্থাহে কৰিব ল'ৰাই । দেউতাকে হুমুনিয়াহ এৰিছিল । Assamese Storyboard )


..সি আকৌ কৈছিল -".আৰু যদি ৰিজাল্ট বেয়া হয়, তোমালোকে লাজ পাবা । যোগ্য বাপেকৰ অযোগ্য সন্তান বুলি ধিক্কাৰ দিবা মোক । তথাপি তোমালোকেও মোক এৰি থাকিব নোৱাৰা । মইও এৰি থাকিব নোৱাৰো । ঘৰৰ একমাত্ৰ সন্তান। মোৰ কেৰিয়াৰ, ঘৰৰ মান সন্মান যে , মোৰ ভবিষ্যত, তোমালোকৰ ভবিষ্যত ........"।


    কথাখিনি কৈ হাঁহি হাঁহি সি ক্ৰিকেট খেলিবলৈ ওলাই গল।..... এই সৰু লৰাটোৰ কথাই মাক দেউতাকক ভবাই তুলিলে । সি বাৰু মনে মনে কি ভাবিছে । সিটো সচা কথাই কৈছে। ....


    ৰিজাল্ট আহিল। কোনোমতে প্ৰথম বিভাগ পালে । স্কুলত হাঁহাকাৰ, ইমান চোকা ল'ৰাটোৰ এই ৰিজাল্ট  বিশ্বাস নহ'ল কাৰো । ... ঘৰত নিমাওমাও পৰিবেশ । অলপ পিছত ল'ৰা স্কুলৰ পৰা ঘৰলৈ আহিল । বীৰদৰ্পে আহি ঘৰত কলে যে  তোমালোকে দুখ নকৰিবা । এদিন ইয়াতেই তোমালোকে মোক লৈ গৌৰব কৰিব পাৰিবা । কাৰণ মই তোমালোকৰ সন্তান । পৰীক্ষাত বেছি নম্বৰ পালেই ভাল হোৱাটো নুবুজাই । 


Assamese Storyboard


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )


Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages