পুত্ৰৰ ফলাফল সন্দৰ্ভত কি কলে বিধায়ক অখিল গগৈয়ে : Assamese News - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, June 7, 2022

পুত্ৰৰ ফলাফল সন্দৰ্ভত কি কলে বিধায়ক অখিল গগৈয়ে : Assamese News

Assamese News


"মোৰ বেটাৰ নাম কুটুলু, নচিকেতা। বহু প্ৰত্যাহ্বানৰ অন্তত সি আজি মেট্ৰিক পাছ কৰিলে। ( Assamese News )


বেটালৈ অভিনন্দন জনালো। ২০১৯ চনৰ ১২ ডিচেম্বৰৰ পৰা মই ২০২১ চনৰ ১ জুলাই পৰ্যন্ত “কা”ৰ বিৰোধিতা কৰি প্ৰায় ১ বছৰ ৭ মাহ কাৰাৰুদ্ধ আছিলোঁ। সেই সময়খিনিত মোৰ বেটাই স্কুল যাব পৰা নাছিল। মানসিকভাৱে ভাগি পৰিছিল সি।


মই জেইলৰ পৰা ওলোৱাৰ পাছতো সি চৰম হতাশাত কাল কটাবলগীয়া হৈছিল। পৰীক্ষা দিব নে নিদিয়ে সেয়াই হৈ পৰিছিল মূল কথা। অৱশেষত সি পৰীক্ষাটো দিলে।


নৱম আৰু দশম শ্ৰেণীত এদিনো ক্লাছ নকৰাকৈ সি পৰীক্ষাটো দিলে।


মাকে পঢ়ি দিয়া অংক, বিজ্ঞান আৰু অন্যান্য বিষয়ৰ পাঠ্যক্ৰমত সি অৱশেষত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত এটা বিষয়ত লেটাৰ মাৰ্কসহ উত্তীৰ্ণ হ'ল।   ( Assamese News )



এইয়া মোৰ বাবে এটা সপোনৰ নিচিনা। যোৱাৰাতি মই চকুৰে এটাও টিপ মৰা নাছিলোঁ। উজাগৰে আছিলোঁ সমগ্ৰ ৰাতি। আছিল কেৱল টেনশ্যন , টেনশ্যন আৰু টেনশ্যন। কিন্তু সি পৰীক্ষাটো পাছ কৰিলে। এইয়া আমাৰ বাবে , আমাৰ পৰিয়ালৰ বাবে চৰম প্ৰাপ্তি।


বেটাৰ সমানে সমানে মই মাকলৈও  অভিনন্দন জনালোঁ। গীতাশ্ৰীৰ ত্যাগ অবিহনে এইয়া সম্ভৱ নহ'লহেতেঁন। 


বেটা যিখন বিদ্যালয়ত পঢ়িছিল ,অসম জাতীয় বিদ্যালয়, নুনমাটিৰ সকলো শিক্ষাগুৰু আৰু পৰিচালনা সমিতিলৈ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আমাৰ চৰম দুৰ্যোগৰ সময়ত তেখেতসকলে আমাৰ সৈতে যি সহযোগিতা আগবঢ়ালে, নহ'লে আজি বেটাৰ পৰীক্ষা দিয়া নহ'লগৈহেঁতেন। 


যিসকল শুভাকাংক্ষীয়ে আজি আমাৰ চৰম সুখৰ এই সময়খিনিত খা - খবৰ ল'লে, সমভাগী হ'ল তেখেতসকললৈ আন্তৰিক কৃতজ্ঞতা জনালোঁ।


আমাৰ জীৱনৰ সেই দুৰ্যোগৰ সময়ত দুখৰ সমভাগী হোৱা প্ৰতিজন মহানুভৱলৈ এই মুহূৰ্তত মই গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিলো।


পুনৰ অভিনন্দন, বেটা। ভৱিষ্যতৰ দিনবোৰ এতিয়া তোমাৰ ওপৰত নিৰ্ভৰশীল। শুভেচ্ছা জনালোঁ ভৱিষ্যতলৈ।" - অখীল গগৈ।

Assamese News )


No comments:

Post a Comment

Advertisement

Pages