"অসমৰ কেইবাটাও আগশাৰীৰ সংবাদ মাধ্যমত আজি প্ৰকাশিত হৈ থকা এটা বাতৰিয়ে সকলোকে বিভ্ৰান্তিকৰ পৰিস্থিতিত পেলাইছে।( Assamese News )
আমি ইয়াৰ দ্বাৰা সকলো অসমবাসী ৰাইজক জনাই দিব খুজিছোঁ যে, আমাৰ ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্যায়ৰ কোনো নেতৃত্বৰ লগত ৰাইজৰ দলৰ নেতা অখিল গগৈৰ আম আদমি পাৰ্টীত যোগদান সম্পৰ্কীয় কোনো আলোচনা হোৱা নাই। বাতৰিটো সম্পূৰ্ণৰূপে ভিত্তিহীন।( Assamese News )
আচলতে কভিডকালত হিমন্ত বিশ্ব শৰ্মাই PPE KITs সম্পৰ্কীয় যি দুৰ্নীতি সংঘটিত কৰিলে, সেই বিষয়ত আম আদমি পাৰ্টীয়ে সজোৰে প্ৰতিবাদ কৰাৰ লগতে হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ আৰু এক উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰিছে। সেই বিষয়টোৰ সলনি বেলেগ বিষয় এটাত ৰাইজৰ মনোযোগ আকৰ্ষণ কৰিবলৈ এনে ভুৱা বাতৰি বিয়পোৱা হৈছে বুলি আমাৰ ধাৰণা।
এইয়া দিনে দিনে আপৰ বৃদ্ধি হোৱা জনসমৰ্থনৰ প্ৰতি ভয় আৰু শঙ্কাত পৰি একাংশই আপক বদনাম কৰিবলৈ চলোৱা অপপ্ৰচাৰ হে মাথোঁ।" - অখীল গগৈয়ে আপত যোগদান কৰাৰ সন্দৰ্ভত এনেদৰে স্পষ্টীকৰণ আগ বঢ়ই আপ অসমে।
No comments:
Post a Comment