অম্বুবাচীৰ উদযাপন সন্দৰ্ভত এনেদৰে কলে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই : Assamese News - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, June 16, 2022

অম্বুবাচীৰ উদযাপন সন্দৰ্ভত এনেদৰে কলে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই : Assamese News

Assamese News

 "অহা ২২ জুনৰ পৰা ২৫ জুনলৈ শক্তিপীঠ মা কামাখ্যা ধামত অনুষ্ঠিত হব অম্বুবাচী।( Assamese News )


কোভিডৰ সাময়িক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ কেৱল ধাৰ্মিক নিয়মাৱলীৰ বাদে বাকী অনুষ্ঠানসমূহ যেনে শুভাৰম্ভণি অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। লগতে আন বছৰৰ দৰে কোনোধৰণৰ প্ৰচাৰ কাৰ্য্যও এইবাৰ কৰা নাযাব।


অম্বুবাচী উপলক্ষে কামাখ্যা ধামলৈ অহা ভক্ত সকলৰ থকা খোৱাৰ ব্যৱস্থা আগৰ দৰেই কৰা হ'ব। মাছখোৱাৰ পুৰণি জেইল কেম্পাচ, কামাখ্যা ষ্টেচন, বড়িপাৰা খেলপথাৰ আৰু পুৰণি মালিগাঁও ষ্টেচন চৌহদত অম্বুবাচী উপলক্ষে মা কামাখ্যালৈ অহা ৩০ সহস্ৰাধিক তীর্থযাত্ৰীক বিগত বছৰবোৰৰ দৰেই আৱাস তথা আপ্যায়ণৰ প্ৰস্তুতি চলি আছে।( Assamese News )


স্বচ্ছতাৰ ওপৰত এইবেলি বিশেষভাবে মনোনিৱেশ কৰা হৈছে। এইবাৰ পাহাৰৰ ওপৰলৈ আৱশ্যকীয় সেৱাৰ বাহিৰে কোনো ব্যক্তিগত যান বাহন উঠিবলৈ দিয়া নহ'ব। লগতে কোনো Car Pass ৰ ব্যৱস্থা এইবাৰ কৰা হোৱা নাই। কামাখ্যাৰ মূল পথ, পাণ্ডুৰ পৰা কামাখ্যালৈ যোৱা পথ আৰু মেখেলা উজোৱা পথেৰে খোজ কাঢ়িয়ে অম্বুবাচীৰ সময়ত কামাখ্যা পাহাৰলৈ উঠিবলৈ সকলো ভক্তলৈ বিনম্ৰ অনুৰোধ। মাথোঁ দিব্যাঙ্গ, জ্যেষ্ঠ নাগৰিক আৰু বিশেষ প্ৰয়োজনৰ তাগিদাতহে যাত্ৰীৰ বাবেহে বিশেষ ফেৰী বাছৰ ব্যৱস্থা কৰা হ'ব। গোটেই কামাখ্যা পাহাৰতেই স্বচ্ছতা, অনাময়, পোহৰ আৰু ধৰ্মীয় সংগীতৰ বিশেষ ব্যৱস্থা থাকিব।


মুখ্যমন্ত্ৰী মহোদয়ৰ আগ্ৰহমৰ্মে নিবৃত্তিৰ দিনাখন মাৰ দুৱাৰ খোলাৰ লগে লগে কোনো VIP ক এইবাৰ দৰ্শনৰ অনুমতি দিয়া নহ'ব। সকলোৱে সাধাৰণ যাত্ৰীৰ দৰেই মাৰ দৰ্শন কৰিব লাগিব। মা কামাখ্যাৰ এই মেলাক সফল কৰিবলৈ সকলোকে চৰকাৰে লোৱা এই সিদ্ধান্ত সমূহৰ লগত সহযোগ কৰিবলৈ আহ্বান জনালোঁ।


আজি ৰাতিপুৱাৰ পৰা প্ৰায় ৫ ঘণ্টা সময় সকলো বিভাগৰ সংশ্লিষ্ট বিষয়া সকলক লগত লৈ আটাইকেইটা স্থানত প্ৰস্তুতিৰ বুজ লোৱাৰ লগতে আগন্তুক কাম কাজৰ নিৰ্দেশনা প্ৰদান কৰোঁ।" - জয়ন্ত মল্ল বৰুৱা।( Assamese News )

No comments:

Post a Comment

Advertisement

Pages