প্ৰসংগঃ পৰীক্ষাৰ ৰিজাল্ট
প্ৰথমতেই মোৰ আন্তৰিক অভিনন্দন থাকিল, হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা উত্তীৰ্ণ আৰু অনুতীৰ্ণ সকলো পৰীক্ষাৰ্থীলৈ ৷ ( Assamese Article )
উত্তীৰ্ণসকলক অভিনন্দন জনোৱাতো চিৰপ্ৰচলিত প্ৰথা ৷ কিন্তু অনুতীৰ্ণসকলক মোৰ অভিনন্দন কিয় ? এই প্ৰশ্ন কাৰোবাৰ মনলৈ অহাতো স্বাভাৱিক ৷ কাৰণ ফেইল কৰাসকলক মানুহে অভিনন্দন নজনায় ৷ সমস্যাও সেইখিনিতেই ৷ যিমানবিলাক সামাজিক বৈষম্যৰ সৃষ্টি হয়, তাৰ কাৰণেই হ’ল মানুহৰ মনৰ ভিতৰৰ ভাববোৰ ৷ মানুহৰ বুকুৰ চোতালখন এপাক ফুৰি অহাৰ হেঁপাহ কাৰোৰেই নাই। সেই বাবেই আজি আমি হতাশগ্ৰস্ত, বেমাৰী, অসুখী, চিন্তাক্লিষ্ট আৰু অকলশৰীয়া ৷
ৰিজাল্ট একান্ত ব্যক্তিগত বিষয় ৷ ৰিজাল্ট পালে নিৰ্দিষ্ট ব্যক্তিজনৰ লগতে, তেওঁৰ পৰিয়ালে আনন্দ পোৱাতো স্বাভাৱিক ৷ আৰু সেই আনন্দৰ ভাগ, ওচৰ পাজৰৰ জনলৈয়ো বিয়পি পৰাতো তেনেই সাধাৰণ কথা ৷ সফল ৰিজাল্টৰ গৰাকী ছাত্ৰ-ছাত্ৰীসকল, আমাৰো মৰমৰ পাত্ৰ ৷ কিন্তু আমাৰ মৰমৰ প্ৰকাশবোৰ, বৰ্ত্তমান সমাজখনৰ স্বাস্থ্যৰ বাবে বহুত ক্ষতিকাৰক হৈ পৰিছে ৷
কি হ’ব ভাল ৰিজাল্টৰ বাবে বলিয়া হৈ ?
আজি ষ্টেণ্ড কৰা ছাত্ৰজন এদিন হয়তো চিকিৎসক বা অভিযন্তা হ’ব ৷
কি লাভ হ’ব সমাজৰ ?
তেওঁ এটা মোটা দৰমহা পাব ৷ বিয়া বাৰু কৰাই সংসাৰ কৰিব। হয়তো কোনোবা চেম্বাৰত বহি ৰোগী চাই, দৰমহাৰ উপৰিও লাখ লাখ টকা ঘটিব ৷ কিন্তু আজি তেওঁক চাবলৈ টিভিৰ সমুখত ভিৰ কৰা, সেই সাধাৰণ মানুহবোৰৰ ভিতৰৰ কোনোবা, এদিন তেওঁৰ ওচৰলৈ বিনা পইছাত চিকিৎসা কৰাবলৈ যাব পাৰিবনে ?
মোৰ স্বামী এজন অভিযন্তা ৷ এদিন তেওঁকো হেনো ওচৰৰ ৰাইজে, সৰুকৈ হ’লেও স্কুলতে মিটিং পাতি সম্বৰ্ধনা জনাই ডিঙিত গামোছা দিছিল। তেতিয়া টিভি নাছিল ৷ অসমীয়া মাধ্যমত পঢ়া মোৰ স্বামী সৰুৰে পৰা অতিশয় মেধাৱী আছিল। এতিয়াৰ এই ইঞ্জিনিয়াৰজনে, অৰ্থাৎ মোৰ স্বামীয়ে, এদিন তেওঁৰ ৰিজাল্টত বলিয়া হৈ পৰা সেই ওচৰ পাজৰৰ মানুহবোৰক কি সহায় কৰি দিব পাৰিলে জীৱনত ? তেওঁতো ওৰেতো জীৱন কেৱল আমাক লৈয়ে ব্যস্ত। তেওঁৰ পৃথিৱীখন কেৱল মই আৰু আমাৰ সন্তানতে সীমাবদ্ধ ৷ গতিকে মেট্ৰিক আৰু হায়াৰচেকেণ্ডেৰীৰ ৰিজাল্টৰ পাছত, মোৰ স্বামীক লৈ কৰা মানুহৰ উল্লাসবোৰ মূল্যহীন নাছিলনে ?
তথাপিও আমি সফল ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা উচিত। এইয়া আমাৰ সামাজিক দায়িত্ব ৷ কিন্তু আজিৰ তাৰিখত সম্বৰ্ধনাৰ প্ৰকোপ দেখি আমি তবধ মানিছো ৷ কি হৈছে এই মানুহবোৰৰ ? কিয় ইমান বলিয়া হৈ পৰিছে মানুহবোৰ ?
সকলোৱে কয়---
“মই ডাক্তৰ হ’ম, অভিযন্তা হ’ম”
কিন্তু অসমত নোমল বৰাৰ দৰে স্নায়ু বিশেষজ্ঞ মোক আন এজন দেখুৱাই দিয়কচোন ৷ এইটো এটা সামান্য উদাহৰণ ৷ অসমত এখন উৰণীয়া দলং বা এটা বহুমহলীয়া বিল্ডিং, ছমাহৰ পিছতে ফাট নেমেলাকৈ বনাই দিব পৰা এজন ইঞ্জিনীয়াৰ উলিয়াই দিয়কচোন ৷
আমি পঢ়ি থকা দিনৰে পৰা প্ৰতিবছৰে কমেও 20 জন মানে ষ্টেণ্ড কৰে ৷ এইবাৰ 54 জন বুলি শুনিছো ৷ কিন্তু সামান্য বেমাৰ এটাৰ চিকিৎসা কৰাবলৈ, অসমৰ মানুহে ৰাইজৰ পৰা সাহায্য বিচাৰি, ঘৰ-মাটি বিক্ৰী কৰি মুম্বাই, দিল্লী, কলকতা, চেন্নাই আদিলৈ যায় ৷ কিয় ? ক’লৈ গ’ল সেই ষ্টেণ্ড কৰা মেধাৱী ল’ৰা-ছোৱালীবোৰ ? সিহঁতৰ বহুতেই দেখোন ডাক্তৰ হোৱাৰ কথা কৈছিল ৷ টিভিবোৰে তিনিদিনমান তাকে ঘূৰাই পকাই আমাক দেখুৱাই আছিল ৷ সিহঁতবোৰ থাকোতে, অসমৰ মানুহবোৰ দৈনিক অসমৰ বাহিৰলৈ চিকিৎসা বিচাৰি যাব লগা হৈছে কিয় ? কিয় CMC ৰ (Chennai Medical College) তামিল চিকিৎসকৰ অবুজ ভাষাৰ ওচৰত অসহায় হৈ ৰয়, বহু অসমীয়া ৰোগীৰ আত্মীয় ? কিয় ? আমাৰ অসমত দেখোন বছৰি বছৰি ষ্টেণ্ড কৰা ল’ৰা-ছোৱালীৰ ভিৰ লাগে টিভিত ৷ সম্বৰ্ধনা পোৱাৰ পাছত সিহঁত ক’লৈ যায় ? সিহঁতৰ মাজৰ কিমানৰ জাতিৰ প্ৰতি অৱদান আৰু দায়িত্ববোধ থাকে ? যদি নাথাকে, তেন্তে টিভিত কিয় এই মূল্যহীন উল্লাস ?
ৰিজাল্টলৈ যেন সকলো ৰৈ থাকে। ৰিজাল্ট আহে ৷ হয়, কষ্ট কৰি পঢ়ি ভাল ৰিজাল্ট পোৱা সকলৰ লগতে, তেওঁলোকৰ ইষ্ট-কুটুম্ব তথা ওচৰ চুবুৰীয়াৰ আনন্দই পাৰ ভাঙি যোৱাতো স্বাভাৱিক ৷ কিন্তু বাকীসকল ? বাকী মানুহবোৰৰ সমাজৰ প্ৰতি সমভাবাপন্ন দায়িত্ববোধ কিয় হেৰাই যায় সেইদিনা ? কিয় বহুসংখ্যক মিডিয়াই পাহৰি যায় যে, এইখন পৃথিৱীতে একে সময়তে উচুপি উঠিছে এগাল অকৃতকাৰ্য্য ছাত্ৰ-ছাত্ৰীয়ে ৷
কাষৰ ঘৰত মানুহ মৰিলে, ওচৰৰ ঘৰৰ বিয়াখন বন্ধ কৰি দিব নোৱাৰি ৷ কিন্তু বিয়াঘৰৰ সংগীতৰ ভলিউমটো তো কমাই দিব পাৰি ৷ ওচৰৰ মানুহজন হস্পিটেলত আছে বুলি, মই মোৰ সন্তানৰ জন্মদিনৰ দিনা, মাংস অকনমান নৰন্ধাকৈ থাকিব নোৱাৰো ৷ কিন্তু মাংস খাই উঠি তেওঁৰ ঘৰত খবৰ ল’বলৈ গৈ, দাঁতত মাংসৰ টুকুৰা লাগিল বুলি কৈ, দাঁত খোচৰাৰ পৰা বিৰত থাকিবওতো পাৰো ৷
এই স্বভাৱবোৰৰ নামেই হ’ল মানৱীয়তা ৷ বহুত অকৃতকাৰ্য ছাত্ৰৰ বুকুবোৰত আজি, দুখ আৰু হতাশাৰ দুৰ্দান্ত দপদপনি ৷ ঘৰৰ মানুহৰ গালি, কাষৰ ঘৰৰ অৱজ্ঞাসূচক চাৱনি, সম্পৰ্কীয় মানুহৰ বিৰক্তিদায়ক ফোন আদিয়ে জৰ্জৰিত কৰা ১৬ বছৰীয়া সৰু সৰু ল’ৰা-ছোৱালীবোৰলৈ, আমাৰ বাৰু অকনমান বেয়া লগাতো উচিত নহয়নে ? ( Assamese Article )
সফলসকলে আনন্দ কৰক ৷ এয়া তেওঁলোকৰ প্ৰাপ্য ৷ আমিও আন্তৰিকতাৰে তেওঁলোকৰ সুখৰ সমভাগী ৷ কিন্তু আমি যিহেতু এনেকুৱা এখন সমাজৰ বাসিন্দা, য’ত বিভিন্ন কাৰণত আন এচাম ছাত্ৰ-ছাত্ৰী সদায়েই অকৃতকাৰ্য্য হয়, সেইবাবেই আমি কিছু সংযত হোৱা দৰকাৰ ৷ সমাজৰ প্ৰতি দায়িত্ব অনুভৱ কৰোঁ বাবেই, মই সেই অসফল ছাত্ৰ-ছাত্ৰীৰ লগত থাকিব বিচাৰো ৷ কাৰণ পৰীক্ষাৰ ৰিজাল্ট ভাল মানেই সফলতা নহয় ৷
সফলতা মানে---
১/ জীৱন জুমি চোৱাৰ দক্ষতা ৷
২/ পুৱা সাৰ পাই, নিজৰ লগতে আনকো হঁহুৱাব পৰা গুণৰ অধিকাৰী হ’ব পৰাটোৱেই সফলতা ৷
৩/ পিতৃ-মাতৃয়ে লাজত পৰিব লগা কাম নকৰাকৈ জীৱন পাৰ কৰাৰ নামেই সফলতা ৷
৪/ আজিৰ তাৰিখত পৰিয়ালটোক এসাঁজ খাবলৈ যোগান ধৰিব পৰাৰ নামেই সফলতা ৷
৫/ দুজন মানুহে ল’ৰাজন বা ছোৱালীজনী ভাল, সমাজ হিতৈষী, পৰোপকাৰী বুলি কোৱাৰ নামেই হ’ল সফলতা ৷
৬/ পিতৃ-মাতৃক ডাক্তৰৰ ওচৰলৈ লৈ গৈ, মাক বা দেউতাকৰ ৰোগীয়া মুখখন মছি দিবলৈ সময় থকাজনেই সফল ব্যক্তি ৷
৭/ সমাজৰ, জাতিৰ আৰু দেশৰ প্ৰয়োজনত নিজৰ সকলো ত্যাগ কৰিব পৰা মানসিকতা থকাজনেই সফল ব্যক্তি ৷
৮/ আৰ্ত্তজনৰ হাঁহিৰ কাৰণ হ’ব পৰাজনেই সফল ব্যক্তি ৷
এই সফলতা চাৰ্টিফিকেটেৰে, মাৰ্কচিটেৰে জুখিব নোৱাৰি ৷ এই সফলতা 6 Digit ৰ দৰমহাৰে জুখিব
নোৱাৰি ৷ এই সফলতা নিউজৰ বুমেৰে জুখিব নোৱাৰি ৷
আজি বহুতৰ ঘৰবোৰত উলাহৰ ঢৌ ৷ আৰু বহুতৰ ঘৰৰ কোঠাবোৰত নিৰৱ হুমুনিয়াহ ৷ আমি সমাজৰ বাসিন্দা ৷ আমাৰ কামবোৰ কিছু সংযমী হোৱা দৰকাৰ। আমাৰ উল্লাসবোৰ কিছু সীমিত হোৱাৰ দৰকাৰ। কাৰণ সমাজৰ আন এচাম ১৬ বছৰীয়া ছাত্ৰ-ছাত্ৰী যি কাৰণতেই নহওক, আজি কিন্তু দুখৰ ধুমুহাত বিধ্বস্ত ৷ টিভিত পাৰ ভাঙি বোৱা উল্লাসৰ বতাহে তছনচ কৰিছে সিহঁতবোৰৰ কুমলীয়া বুকুবোৰ ৷ গতিকে আনন্দবোৰ নিজৰ মাজতে সীমিত থকা দৰকাৰ ৷ হ’ল বুলিয়েই নিউজত একবোৰকে অঁকাই পকাই থাকি, এজাক সৰু সৰু ল’ৰা-ছোৱালীক হীনমন্যতাত ভোগোৱাৰ প্ৰয়োজন কি ? এই উল্লাসক সুস্থ আনন্দ বুলিব পাৰিনে ?
এই কামবোৰৰ পৰা সচেতন লোকসকল আঁতৰি থকা দৰকাৰ ৷ TRP ৰ কাৰণে বলিয়া হোৱা সংবাদ মাধ্যমৰ মালিকক ধনী কৰিবলৈ গৈ, আমাৰ সমাজৰ এচাম কোমলমতীয়া ছাত্ৰ-ছাত্ৰীৰ ফেইল কৰা সময়খিনি আৰু অসহনীয় কৰি পেলোৱাতো বেয়া কথা ৷ এই কামবোৰ বন্ধ কৰিবৰ হ’ল। কেৱল নিজৰ বাবে পঢ়ি, নিজৰ বাবে টকা ঘটি, নিজৰ বাদে দেশ জহন্নামে গ’লেও মাত নমতা মানুহবোৰৰ ভিৰত আমি ইতিমধ্যেই হতাশ ৷ সুন্দৰ ৰিজাল্টেৰে স্বাৰ্থপৰতাৰ বহুমহলীয়া মিনাৰত বাস কৰি, অসমীয়াৰ সুখ দুখৰ পৰা দূৰৈত অৱস্থান কৰা সেইচাম তথাকথিত “চোকা” মানুহক অসমীয়া বুলি ক’বলৈ, আমাৰ ঘিন লাগে। তাতকৈ পথৰ কাষৰ নলাটো চাফা কৰি, ৰাইজৰ স্বাস্থ্যৰ প্ৰতি সহযোগিতা আগবঢ়োৱা চাফাইকৰ্মী ভাইসকল আমাৰ বেছি আপোন ৷
আজিৰ তাৰিখত পৰীক্ষাত অকৃতকাৰ্য্য হোৱা সকলো পৰীক্ষাৰ্থীলৈ মোৰ গভীৰ মৰম আৰু শুভকামনা জনালোঁ ৷ তোমালোক এদিন সফল হ’বাই ৷ জীৱন মানে কেৱল মাৰ্কচিট নহয় ৷ কৃতকাৰ্য্য মানে কেৱল ৰিজাল্ট নহয় ৷ তোমালোকৰ জীৱনৰ বাটবোৰ, দক্ষতাৰ চাকিৰে পোহৰাই তোলা ৷ মনত ৰাখিবা, দক্ষতা সফলতাৰ প্ৰধান মন্ত্ৰ ৷ দক্ষ হ’বলৈ চেষ্টা কৰা ৷ কাৰণ চাকৰি পাবৰ সময়ত, মাৰ্কচিটতকৈ দক্ষতা আৰু অভিজ্ঞতাৰ গুৰুত্ব বেছি হয় ৷
মাৰ্কচিটত ১০০/১০০ নাম্বাৰ পালেতো ভালেই ৷ পাবলৈ চেষ্টাও কৰিব লাগে ৷ তথাপিও যদি নোপোৱা, তেন্তে হতাশ নহৈ আগুৱাই যোৱা ৷ গৈ থাকা, মাথোঁ গৈ থাকা ৷ কোনে জানে, হয়তো এনে এটা সময় আহিব, যিদিনা তোমালোকৰ সমুখত এনেকুৱা হাজাৰ বিজাৰ মেধাৱী মানুহৰ ভিৰ লাগিব এটা চাকৰিৰ বাবে ৷ সেই দিনটো হাতলৈ অনাৰ দায়িত্ব তোমালোকৰ ৷ ধীৰুভাই আম্বানিৰ কোম্পানীত, লাখ লাখ ডাক্তৰ আৰু ইঞ্জিনীয়াৰে চাকৰি কৰে ৷ কথাষাৰ, আজি অকৃতকাৰ্য হোৱা সকলো ছাত্ৰ-ছাত্ৰীৰ চিন্তাৰ বাবে আগবঢ়ালো ৷
ৰাইজলৈ আবেদন---
আজি ফেইল কৰা ১৬ বছৰীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মনৰ কোঠাটোলৈয়ো এবাৰ ভুমুকি এটা মাৰো আহকচোন। কি কৰি আছে বাৰু সিহঁতৰ সৰু সৰু মনবোৰে ? সিহঁতৰ মনবোৰ বাৰু আজি উচুপি উচুপি ৰৈ যোৱা নাইনে ? অকনমান ভাবি চাওঁ আহকচোন। সিহঁতকো অনুপ্ৰেৰণাৰ মাত এষাৰ দিওঁ আহকচোন ৷ ( Assamese Article )
সকলোলৈ ছাত্ৰ-ছাত্ৰীলৈ মৰমেৰে---
শিখা শৰ্মা
গুৱাহাটী
৭/৬/২০২২
সুন্দৰ লিখনি 🙏 বহুত ভাল লাগিল
ReplyDeleteহয়, বহুত ভাল লাগিল লিখনিটো পঢ়ি।
ReplyDeleteবিতৰ্কিত শিখা বা নহয়নে বৰ সুন্দৰ উপস্থাপন
ReplyDeleteসুন্দৰ মনুভাৱ
আপোনাৰ অনুভূতিবোৰ যদি অনুভবৰ এক ধাৰা হলহেঁতেন তেনেহলে আপোনাৰ মানবীয়তাই এক গুৰুত্বপূৰ্ণ ভুমিকা ই পলমকৈ হলেও অসমীয়াই প্ৰকৃত আনন্দ উপভোগ কৰিব পালেহয়। আপোনাৰ অনুভৱ অতুলনীয়
ReplyDeleteআমাৰ মনতো এই ভাৱ আহে আৰু পৰিয়ালৰ মাজতে আলোচনাৰ সামৰণি পৰে ।
ReplyDeleteসুন্দৰ বিশ্লেষণ আৰু সময়োপযোগী হৈছে।
বহুত ধন্যবাদ ।
আপোনাৰ এই লিখনিয়ে সঁচাকৈয়ে মোক আপ্লুত কৰিলে🙏🙏
ReplyDeleteইমান সুন্দৰ উপস্থাপন মন্তব্যৰ ভাষাই নাই অ৷
ReplyDelete