হিন্দু ধৰ্মত একাদশী তিথিৰ যথেষ্ট গুৰুত্ব আছে।ধৰ্মীয় বিশ্বাস অনুসৰি এই দিনটো ভগৱান বিষ্ণুৰ প্ৰিয়আজিৰ দিনটোতে বিধি-শৃংখলাৰে ভগৱান বিষ্ণুৰ পূজা কৰা হয়।( Religious Studies )
অপৰা একাদশী উপবাসৰ কাহিনী-
ভগৱান বিষ্ণুৰ আশীৰ্বাদ কঢ়িয়াই অনা উপবাস কাহিনী এনেধৰণৰ। মহিধ্ৱাজ নামৰ এজন সত্যবাদী ৰজা আছিল। ৰজাৰ সৰু ভায়েক বজৰাধ্ৱাজে ডাঙৰ ভায়েকক লৈ ঈৰ্ষা কৰিছিল। এদিন সুযোগ লৈ তেওঁ ৰজাক বধ কৰি হাবিত থকা এজোপা আঁহত গছৰ তলত পুতি থলে। অকাল মৃত্যুৰ বাবে ৰজাৰ আত্মা ভূত হৈ আঁহত জোপাত বাস কৰিবলৈ ধৰিলে। সেই পথটোৰে পাৰ হৈ যোৱা প্ৰতিজন ব্যক্তিক ৰজাৰ আত্মাই অশান্তি দিছিল। এদিন এই পথটোৰে এজন ঋষি পাৰ হৈ আছিল।তেওঁ ৰজাৰ আত্মাটো দেখিলে আৰু নিজৰ আলৌকিক শক্তিৰে ৰজা ভূত হোৱাৰ কাৰণটো জানিলে।
ঋষিয়ে আঁহত গছৰ পৰা ৰজাৰ আত্মাক নমাই আনি পৰলোক বিদ্যাৰ উপদেশ দিলে। ৰজাক প্ৰেতাত্মা যোনিৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যে ঋষিয়ে নিজেই অপৰা একাদশীত উপবাস ৰাখিছিল আৰু দ্বাদশিৰ দিনা উপবাস সম্পূৰ্ণ হোৱাৰ লগে লগে উপবাসৰ সম্পূৰ্ণ পূণ্য গুণ ৰজাৰ আত্মাক দিছিল। একাদশীৰ দিনা উপবাসৰ পূণ্য লাভ কৰাৰ পিছত ৰজাই অশুভ আত্মাৰ পৰা মুক্ত হৈ স্বৰ্গলৈ যায়।
এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com
আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Religious Studies )
No comments:
Post a Comment