ভাৰতত মৌৰ্য্য বংশ আৰু শুংগ বংশৰ ৰাজত্বৰ পাছৰ পৰা বৃটিছৰ ৰাজত্ব কালৰ সময়ছোৱা সনাতন ধৰ্ম, সংস্কৃতি আৰু পৰম্পৰাৰ ক্ষেত্ৰত ক'লা অধ্যায় বুলি কব লাগিব।( Religious Studies )
ভাৰতৰ সভ্যতা, সংস্কৃতি আৰু ঐতিহ্যক ম্লান কৰা , ভাৰতৰ প্ৰাচীন ঋষি মুনি সকলে লিখি থৈ যোৱা বিভিন্ন বিজ্ঞান ভিত্তিক শাস্ত্ৰ সমূহ ভাৰতৰ পৰা বাহিৰৰ দেশলৈ লৈ যোৱা, বহুত শাস্ত্ৰ সলনি কৰি দিয়া, কামৰ ভিত্তিত বৰ্ণ ব্যৱস্থা থকা ভাৰতীয় সমাজ খনত জাতিবাদৰ দৰে কথা বিলাকৰ সংযোজন কৰা আদি কথা বিলাক সেই সময় ছোৱাতেই হৈছিল। সেই সময়ছোৱাতেই বৈদিক ঋষিয়ে স্বীকৃতি দিয়া স্ত্ৰী স্বাধীনতাত বাধা , পৰ্দা প্ৰথা , বাল্য বিবাহ আনকি সতী দাহৰ দৰে কঠোৰ নীতিৰো প্ৰচলন হল ।
ভাৰতৰ ঐতিহ্য আৰু ইতিহাস যিদৰে বিদেশী শক্তিৰ লগতে কিছুমান সুবিধাবাদী ভাৰতীয় লোকে নিঃশেষ কৰিবলৈ বিচাৰি ভাৰতীয় ইতিহাসক যিদৰে ভুলকৈ ডাঙি ধৰিছিল, ভাৰতৰ বীৰ পুৰুষ সকলৰ, ৰজা সকলক ইতিহাসৰ পাতৰ পৰাই যিদৰে বিলুপ্ত কৰি দিছিল সেইদৰে বহুত প্ৰাচীন শাস্ত্ৰক অপপ্ৰচাৰৰ দ্বাৰা, ভুল তথ্যৰ জড়িয়তে গৰিমা ম্লান কৰি পেলাইছিল।
সেয়া ১৭৯৪ চনৰ কথা। চাৰ উইলিয়াম জন'ছ বৃটিছ উচ্চতম ন্যায়ালয়ৰ ন্যযায়াধিস হিচাপে কলকতাত আছিল। হিন্দু আইন প্ৰনয়ন কৰিবৰ বাবে ভাৰতৰ প্ৰাচীন বৈদিক শাস্ত্ৰৰ স্মৃতি সমূহ গোটাইছিল। পৰাশৰ স্মৃতি, যজ্ঞবালক্য স্মৃতি, মনুস্মৃতি আদি বিশ খন স্মৃতি শাস্ত্ৰৰ ভিতৰত ওঠৰ খনেই গোটেইছিল । মনুস্মৃতিৰ বাহিৰে বাকী বিলাকৰ অধ্যায় বিলাক সম্পূৰ্ণ নথকাত মনুস্মৃতি খনকে ইংৰাজীলৈ অনুবাদ কৰিবলৈ ল'লে। কিন্তু মনুস্মৃতি বহু কেইখন পালে। সেই সময়ত ভাৰতীয় সমাজত পঞ্চাশৰো অধিক মনুস্মৃতি আছিল। কোন খনৰ মতে অনুবাদ হব চাই সকলোতকৈ সহজ খন আৰু যত আইন হিচাপে দেখুৱাই দিয়া আছিল সেই খনেই অনুবাদ কৰিলে ।
ঋষি মনুৱে মানৱ ধৰ্ম শাস্ত্ৰ 'মনুস্মৃতি' লিখিছিল। আচল মনুস্মৃতি খনত এহেজাৰ অধ্যায় আছিল। সেই মনুস্মৃতি ৰ কথা বিলাক ঋষি মনুক ভগৱান ব্ৰহ্মাই-- মানুহে সমাজত কি কৰা উচিত সেয়া জনাইছিল । ঋষি মনুৱে তেওঁৰ শিষ্য সকলক আৰু লগত ভৃগু মুনিক জনিইছিল। ভৃগু মুনিয়ে তেওঁৰ শিষ্য সকলক জনাইছিল। সেই সময়ত মনুস্মৃতি মৌখিক আছিল। যেতিয়া লিখিত ৰূপ দিলে তেতিয়া বাৰটা অধ্যায় কৰিলে। প্ৰকৃত যিখন মনুৱে ৰচনা কৰা মনুস্মৃতি সেই খন পিছৰ কালত তাৰ কিছু অংশ সলনি কৰি প্ৰচাৰ কৰা হৈছিল।
ভাৰতীয় সমাজৰ আধাৰ 'মনুস্মৃতি' ---
यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।
यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः ।।
(মনুস্মৃতি ৩/৫৬ )
অৰ্থাৎ---
যত স্ত্ৰীক সন্মান দিয়া হয় তাতেই দেৱতা নিবাস কৰে আৰু যত স্ত্ৰীক সন্মান জনোৱা নহয় তাত যিমানেই পুণ্য কাম নকৰক কোনো ফল নাপায়।
যোৱা এহেজাৰ বছৰে ভাৰতৰ সাহিত্য ,সংস্কৃতি , ৰাজনীতি, অৰ্থনীতিৰ ওপৰত যিদৰে বিদেশী শক্তিৰ অবিচাৰ, নিয়ন্ত্ৰণ আৰু দমন নীতি চলি আহিল তাৰ ফলত ভাৰতীয় লোকে শাস্ত্ৰৰ শুদ্ধ অংশ ডাঙি ধৰা দূৰৰে কথা শাস্ত্ৰ পঢ়িবলৈ, ভাৰতৰ সনাতন হিন্দু সংস্কৃতি আমাৰযে অতি চহকী আৰু আমাৰ সভ্যতা যে বিশ্বৰ প্ৰাচীনতম সভ্যতা এই কথা বিলাক মূখ খুলি কবলৈ কাৰো সাহ নাছিল। মনে মনে ঘৰৰ ভিতৰতে সাহিত্য চৰ্চা কৰিলেও জানোছা কাষৰ ঘৰৰ লোকেই বিদেশী শক্তিৰ কানত পেলাই দিয়ে তাৰ ভয়ত সকলোৱে মূখ বন্ধ কৰি থাকিব লগীয়া হৈছিল। কোনো জন জ্ঞানী লোকক হেঁচা প্ৰয়োগ কৰি ভুমল তথ্য লিখাই প্ৰচাৰো কৰা হৈছিল।
কিন্তু সত্য জানো লুকাই থাকিব পাৰে। ৰাতিৰ অন্ধকাৰৰ পাছত আকৌ সূৰুয উদয় হোৱাৰ দৰে ভাৰতৰ সভ্যতা সংস্কৃতিৰ আৰু সাহিত্যৰ ক্ষেত্ৰত যেন এতিয়া নতুন সুৰুয উদয় হৈছে। এতিয়া সংস্কৃত ভাষা কেৱল মুষ্টিমেয় শিক্ষাগুৰু সকলৰ মাজতে থকা নাই-- বিভিন্ন দিশত শিক্ষা লোৱা লোক সকলে, শিক্ষিত বহুত সংখ্যক নতুন প্ৰজন্মই প্ৰাচীন ভাৰতীয় সভ্যতা সংস্কৃতি আৰু সাহিত্যৰ পুনৰুদ্ধাৰৰ কামত লাগিছে। নতুন প্ৰজন্মই দাসত্বই কোঙা কৰি পেলোৱা ভাৰত বাসীক প্ৰাচীন ভাৰতৰ ঐতিহ্যৰ সুবাসেৰে জগাই তুলিবলৈ বিচাৰিছে।
शोचन्ति जामयो यत्र विनश्यत्याशु तत्कुलम् ।
न शोचन्ति तु यत्रैता वर्धते तद्धि सर्वदा।।
( মনুস্মৃতি ৩/৫৭)
অৰ্থাৎ---
যি বংশত স্ত্ৰীৰ কষ্ট হয় সেই বংশ সোনকালে ধ্বংস হয়। আৰু যি বংশত স্ত্ৰী সকল অৰ্থাৎ জী, বোৱাৰী, নতুন কন্যা ( জামি ) আনন্দত থাকে সেই বংশৰ শ্ৰীবিদ্ধি হয়।
জুলা শৰ্মা
নতুন দিল্লী
এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Religious Studies )
No comments:
Post a Comment