হিন্দু ধৰ্মত একাদশী উপবাসক বিশেষ গুৰুত্ব দিয়া হৈছে। একাদশীৰ ব্ৰত পালন কৰিলে মানুহৰ সকলো দুখ-কষ্ট দূৰ হৈ মৃত্যুৰ পাছতেই পৰিত্ৰাণ পোৱা যায় বুলি বিশ্বাস কৰা হয়। ( Religious Studies )
প্ৰতি মাহৰ দুয়োপক্ষৰ একাদশীৰ নিজস্ব গুৰুত্ব আছে। জঠ মাহৰ কৃষ্ণ পক্ষৰ একাদশী অপৰা একাদশী নামেৰে জনাজাত। ইয়াক আচল একাদশী বুলিও কোৱা হয়। এইবাৰ অপৰা একাদশী ২৬ মে অৰ্থাৎ বৃহস্পতিবাৰে পৰিছে। এই একাদশীৰ বিশেষ তাৎপৰ্য্য আছে।
জ্যোতিষ বিজ্ঞান অনুসৰি আজিৰ দিনটোত যদি কোনো ব্যক্তিয়ে পূজা-অৰ্চনা আৰু ব্ৰত ৰখাৰ লগতে কিছুমান জ্যোতিষি নিয়ম কৰে তেন্তে তেওঁৰ সকলো সমস্যা দূৰ হয়। আৰু ব্যক্তিজনৰ সকলো ইচ্ছা পূৰণ হয়। আজিৰ দিনটোতে গংগাত স্নান কৰাৰ সমান্তৰালভাৱে দান আদিকো বিশেষ গুৰুত্ব দিয়া হৈছে। এই দিনটোত কিছু ব্যৱস্থা গ্ৰহণ কৰি ব্যক্তিজনে পৰিত্ৰাণ লাভ কৰে আৰু ব্যক্তিজনে সকলো কৰ্মতে পূৰ্ণতা লাভ কৰে।
অপৰা একাদশীৰ দিনা এইবোৰ নিয়ম কৰক
জ্যোতিষৰ অপৰা একাদশীৰ দিনা আঁহত গছক পানী আগবঢ়াব লাগে আৰু লগতে ঘিউৰ বন্তি জ্বলাব লাগে। এনে কৰিলে দেৱতাসকলৰ আশীৰ্বাদ পোৱা যায় আৰু ব্যক্তিজনে সুখ আৰু সমৃদ্ধি লাভ কৰে। ঋণৰ পৰা মুক্তি পাই।( Religious Studies )
একাদশীৰ দিনা ঘৰৰ প্ৰতিটো চুকত এটাকৈ বন্তি জ্বলাব। এনে কৰিলে ভগৱান বিষ্ণু আৰু মাতৃ লক্ষ্মীৰ আশীৰ্বাদ পায়।
অপৰা একাদশীৰ দিনা পূজা কৰাৰ সমান্তৰালকৈ মন্ত্ৰ জপৰো বিশেষ তাৎপৰ্য্য আছে। আজিৰ দিনটোত কমেও ১০৮ বাৰকৈ ওম নমো ভাগৱতে বাসুদেৱায় মন্ত্ৰ জপ কৰক।
আজিৰ দিনটোতে ভগৱান শ্ৰী হৰিক শংখৰে অভিষেক কৰি পূজা কৰা হয় আৰু তেওঁ ভক্ত সকলক সৌভাগ্যৰে আশীৰ্বাদ কৰে।
আজিৰ দিনটোতে ভগৱান বিষ্ণুক পায়স আগবঢ়াই লগতে তুলসী পাত অৰ্পন কৰক।এনে কৰিলে ঘৰত সুখ আৰু শান্তি ৰৈ যায়।
আজিৰ দিনটোত আৰ্তজনক বস্ত্ৰ, শস্য, মিঠাই আদি দান কৰক।
হালধীয়া ৰং বিষ্ণু দেৱৰ বৰ প্ৰিয়। সেয়ে আজিৰ দিনটোতে ভগৱান বিষ্ণুলৈ হালধীয়া ফুল, গুড় আদি আগবঢ়াব লাগে।
- এইবাৰ অপৰা একাদশী বৃহস্পতিবাৰ হোৱাৰ বাবে ব্যক্তিজনে লাভ কৰিব দুগুণ সুবিধা। আজিৰ দিনটোত ভগৱান বিষ্ণুক হালধীয়া ৰঙৰ বস্ত্ৰ আগবঢ়াওক। ইয়াৰ ফলত ৰাশিফলত বৃহস্পতি গ্ৰহটো শক্তিশালী হয়।
এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com
আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Religious Studies )
No comments:
Post a Comment