যোৰহাটৰ এভাগী ঐতিহাসিক নামঘৰৰ আলৌকিককতা : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, May 22, 2022

যোৰহাটৰ এভাগী ঐতিহাসিক নামঘৰৰ আলৌকিককতা : Religious Studies

Religious Studies

  মাছৰহাট  বৰ নামঘৰ অসমৰ এটি উল্লেখযোগ্য নামঘৰৰ | মহামিলনৰ তীৰ্থস্থান এই বৰনামঘৰটি |  এই বৰনামঘৰটিৰ বহু আলৌকিক কাহিনী আমি সৰুৰে পৰা শুনি আহিছো |( Religious Studies ) 


বিশেষকৈ 1950 চনৰ বৰভুইকঁপৰ সময়ৰ সেই আলোকিকতা আজিও এক অবুজ সাথৰ সকলোৰে বাবে | 1950চনৰ সেই বিশেষ দিনটোত আন দিনাৰ দৰে সেই সময়ৰ নামঘৰীয়া স্বৰ্গীয় শিৱৰাম পাঠক ডাঙৰীয়া নাম প্ৰসংগত ব্যস্ত আছিল...হঠাৎ অহা এই বৰভুইকঁপত  নামঘৰটোৰ লগতে সমগ্ৰ অঞ্চলতোৰ বিস্তৰ ক্ষতিসাধন হৈছিল | মনিকুটৰ বাহিৰে সমগ্ৰ নামঘৰটো এক ধ্বংসস্তুপত পৰিণত হৈছিল | "আচৰিত বা আলোকিক ধৰণে নামঘৰটিৰ মনিকুটৰ  কোনো ক্ষতি হোৱা নাছিল |" 


নামঘৰটো এনে ধ্বংসস্তুপত পৰিণত হোৱা দেখি গাৱৰ সকলো মানুহে ধৰি লৈছিল  নামঘৰীয়া শিৱৰাম পাঠক দেৱ চাগে এই সংসাৰত নাই..কিন্তু  নামঘৰীয়া পাঠকদেৱক  যেতিয়া গাত এটা আচোঁৰ নপৰাকৈ সুস্থ শৰীৰে নামঘৰৰ বাটচৰাত দেখা পাইছিল তেতিয়া সমগ্ৰ গঞা আচৰিত হৈ পৰিছিল | ( Religious Studies ) 


এনে ধ্বংসস্তুপৰ মাজৰ পৰা কেনেকৈ গাত এটা আচোঁৰ  নপৰাকৈ নামঘৰৰ পৰা উলায় আহিছিল বুলি সমগ্ৰ গঞাই প্ৰশ্ন কৰাত নামঘৰীয়া পাঠকে সেই সময়ত কৈছিল "মই একো গম পোৱা নাছিলো কি হৈছিল মোৰ চাৰিওপাষে ....মই  যেন এক অনুভৱহে কৰিছিলো,,, মই এনে অনুভৱ কৰিছিলো  যেন এজন বগা সাজ পৰিহিত  পাগুৰি মৰা এজন ঐশ্বৰিক শক্তিৰ ব্যক্তিয়ে মোক বাটচৰালৈ উলিয়াই আনিছিল |


"এই কথা শুনি সমগ্ৰ গঞা ভয় ভক্তিত কপি উঠিছিল,,বাজি উঠিছিল  দবা শঙ্খ ...দবা শঙ্খ আৰু উৰুলিৰ মাতে যেন পাৰাপাৰ ভাঙি দিছিল বিয়পি পৰিছিল নামঘৰৰটিৰ  মহিমা | কৃষ্ণ🙏🙏                         

উৎস : ফেচবুক


এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  ( Religious Studies ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


No comments:

Post a Comment

Advertisement

Pages