সনাতন ধৰ্মত সংযম শব্দটোৰ গুৰুত্ব অতি বেছি ।
সংযম শব্দটো বৰ সৰু শব্দ কিন্তু ইয়াৰ প্ৰভাব সুদূৰ প্ৰসাৰি। ভাৰতবৰ্ষ ঋষি মুনিৰ দেশ। অনাদি অনন্ত কালৰ পৰা এই ঋষি মুনি সকল ত্যাগ আৰু সংযমৰ প্ৰতিক । ( Religious Studies )
শাস্ত্ৰত পোৱা যায় পুৰুষ -নাৰী , ল'ৰা-ডেকা সকলোৰে সৌন্দৰ্য্য বৃদ্ধি কৰা সংযম আমাৰ বাবে এক অলংকাৰ । সেয়ে প্ৰাচীন কালত গুৰুকুলত সংযমৰ ওপৰত গুৰুৱে বিশেষ শিক্ষা দিছিল । ঋষি সকলৰ মতে মনুষ্যৰ প্ৰথম কৰ্তব্য সংযম ধাৰণ কৰা অৰ্থাৎ সংযমী হোৱা ।
শাস্ত্ৰত আছে-- সংযম অবিহনে মানুহ সম্পূৰ্ণ হব নোৱাৰে। জীৱন ৰূপী নদীৰ বাবে সংযম ধৰ্ম পালন কৰা অতি আৱশ্যক। সংযমক বহুত সময়ত বান্ধোন বুলি ভাবিলেও ই সুখদায়ক বান্ধোন। পাৰ বিহীন নদী এখন যিদৰে যেনি তেনি বৈ যায় সেইদৰে সংযম অবিহনে প্ৰকৃত লক্ষ্যত উপনীত হবলৈ যাওতে মাজে মাজে দিশহাৰা কৰি দিয়ে।
সংযম শব্দটো আমাৰ পঞ্চ ইন্দ্ৰিয়ৰ বশৱৰ্তী । আকৌ আমাৰ ইন্দ্ৰিয়ক পৰিচালিত কৰে আমাৰ মনে । কথা বতৰাত সংযম, আচাৰ ব্যৱহাৰত সংযম , খোজ কাটলত সংযম আকৌ খোৱা লোৱাত সংযম এই গোটেই কেইটা বিষয়ক পৰিচালিত কৰে আমাৰ মনটোৱে ।
গীতাৰ ষষ্ঠ অধ্যায়ৰ ষষ্ঠ বাণীত আছে --
বন্ধুৰাত্মাত্মনস্তস্য যেনাত্মৈৱাত্মনা জিতঃ ।
আনত্মনস্তু শত্ৰুত্বে বৰ্ত্তেতাত্মৈৱ শত্ৰুৱৎ ।।
ভাবাৰ্থ--
যি আত্মা দ্বাৰা আত্মা জয় কৰিব পাৰিছে অৰ্থাৎ
যি মানুহে নিজৰ মনটোক বশলৈ আনি লব পাৰে তেওঁৰ বাবে মনটোৱেই পৰম মিত্ৰ হৈ পৰে । কিন্তু যি মানুহে মনটোক বশ বকিব নোৱাৰে তেওৰ বাবে মনটোৱেই চৰম শত্ৰুৰ সমান হয়।
আমি সংস্কৃতি শব্দটো সঘনাই ব্যৱহাৰ কৰো , এই সংস্কৃতিৰ মূল আধাৰ হৈছে সংযম । সংযমৰ আধাৰত প্ৰতিস্থিত সংস্কৃতি সদায় প্ৰভাৱশালী আৰু স্থায়ী হয়।
কুৰুক্ষেত্ৰৰ যুদ্ধৰ পাছত যেতিয়া মহৰ্ষী ব্যাসদেৱে মহাভাৰতৰ কাহিনী ভাগ যুগুতাই লৈছিল তেতিয়া তেওঁৰ মূখৰ পৰা শ্লোক বিলাক নিজে নিজেই ওলাই যাবলৈ ধৰিলে কিন্তু তেওঁ লিখি যাব পৰা নাছিল। সেয়ে ভগৱান ব্ৰহ্মাক ধ্যান কৰি কেনকৈ লিখিব পাৰিব সুধিলে। ভগৱান ব্ৰহ্মাই ব্যাসদেৱক ক'লে যে তেওঁ যদি শ্লোক খিনি গাই যায় তেন্তে একমাত্ৰ গণেশেহে লিখি যাব পাৰিব। ব্যাসদেৱে তেতিয়া গণেশ দেৱতাক ধ্যান কৰি মহাভাৰত লিখাত তেওঁক সহায় কৰিবলৈ অনুৰোধ জনালে ।
মহাভাৰতৰ শেষৰ শ্লোক ফাকি লিখি শেষ হোৱাত গণেশ দেৱতাই অলপ আৰাম কৰি বহিলে, তেতিয়া ব্যাসদেৱে অচৰিত হৈ গণেশ দেৱতাক সুধিলে -- 'প্ৰভূ ইমান সময় মই শ্লোক বিলাক গাই গৈছো মাজে মাজে বহুত সময় ৰব লগীয়াও হৈছে । কিন্তু এই গোটেই সময় খিনিত আপুনি একেবাৰে মৌন হৈ থাকিলে ।ইয়াৰ ৰহস্য কি ? ( Religious Studies )
গণেশ দেৱতাই হাঁহি এটা মাৰি ক'লে -- ব্যাসদেৱ
আপুনি জানেনে যে শক্তিৰ মূল ধাৰা সংযম । মই মৌন হৈ থকাৰ বাবেহে মহাভাৰতৰ দৰে এখন অতি বিশাল গ্ৰন্থ শুনি শুনি লিখাৰ কাম কৰিব পাৰিছো। বাণীৰ সংযম আটাইতকৈ ডাঙৰ সংযম । যি মৌন থাকে বা কথা বতৰাত সংযম ৰাখে তেৱেই জয়ী হব পাৰে ।
আমাৰ অসমীয়াত এটা কথা আছে -- কথাতেই বটা পায় , কথাতেই কটা যায় । ঠিকেই, কথা কওতে সংযম হোৱাতো অতি আৱশ্যক। কিয়নো আমাৰ কথা কোৱাৰ চেও বা ধৰণৰ ওপৰতে কেতিয়াবা শত্ৰুও মিত্ৰ হয় আকৌ কেতিয়াবা মৰমৰ বন্ধু জনো আতৰি যাব পাৰে।
যিমানখিনি কথা কব লাগে সিমান খিনি হে কোৱা উচিত । বহুত লোকে কথা কওঁতে ঠাট্টাৰ সুৰত বা আনক খোচা এটা মাৰি কথা কোৱাৰ অভ্যাস আছে। বহুতৰে আকৌ কও বুলি নকলেও কব নোৱাৰাকৈ এনে কিছুমান কথা মূখৰ পৰা ওলাই যায় যি আনজনক অস্বস্তিকৰ পৰিস্থিতিত পেলাই দিয়ে । সেয়ে আগৰ দিনত বয়োজ্যেষ্ঠ জনে কৈছিল 'কথা কবা জুখি' ।
আমি সংযম হবৰ বাবে প্ৰথম কথা আমাৰ মনটোক বশত আনিব লাগে । সংযম হবৰ বাবে সাধনা লাগে অৰ্থাৎ মনটোক বশত আনিবৰ বাবে সাধনাৰ আৱশ্যক। নিজকে মানসিক ভাবে এনেদৰে প্ৰস্তুত কৰিব লাগে যাতে আমাৰ কথা বতৰা, আচাৰ ব্যৱহাৰে আনৰ অন্তৰত কণ মানো দুখ দিব নোৱাৰে।
আমাৰ মনটো তিনিটা অৱস্থাত থাকে -- চেতন, অৱচেতন আৰু অচেতন। কেতিয়াবা আমাৰ অৱচেতন মনত কিছুমান কথা সোমাই থাকে যি অসংযত ভাবে আনৰ আগত প্ৰকাশ পায় । সেয়ে এনে পৰিস্থিতিৰ পৰা ৰক্ষা পাবৰ বাবেই সংযম সাধনাৰ আৱশ্যক হয় ।
জুলা শৰ্মা
নতুন দিল্লী
এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Religious Studies )
No comments:
Post a Comment