স্বাস্থ্য ৰক্ষাত 'হাঁহি'ৰ কি অৱদান আছে জানিবলৈ মন নাযায়নে বাৰু : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, May 11, 2022

স্বাস্থ্য ৰক্ষাত 'হাঁহি'ৰ কি অৱদান আছে জানিবলৈ মন নাযায়নে বাৰু : Assamese Health Tips

 

Assamese Health Tips

আনন্দৰ অভিব্যক্তিয়েই হৈছে হাঁহি। মনটো যেতিয়া প্ৰাপ্তিৰে ভৰি উঠে তেতিয়া আমাৰ ওঁঠৰ ফাকেদি এটি বিমলানন্দৰ হাঁহি বিয়পি পৰে। এই হাঁহিৰ নিশ্চয় এক সন্মোহনী শক্তি আছে যিয়ে কঠুৱা অন্তৰৰ মানুহকো গলাই পেলাব পাৰে। নহলেনো কিয় বাৰু 'মনালিছাৰ সেই বিখ্যাত ভুৱন ভুলোৱা ধুনীয়া হাঁহিটো'ৱে আজিও আমাক ইমানকৈ আকৰ্ষণ কৰে ?Assamese Health Tips ) 



 এটি শিশুৰ নিষ্পাপ হাঁহিয়ে সকলোৰে মনত আনন্দৰ সঞ্চাৰ কৰে। এজনী ৰূপহীৰ মিচিকিয়া হাঁহিয়ে ৰূপহীগৰাকীৰ সৌন্দৰ্য্য দুগুণে বৃদ্ধি কৰে। আৰু হাঁহিমুখীয়া ব্যক্তি সকলোৰে প্ৰিয়পাত্ৰ নহয় জানো? পৃথিৱীৰ বিখ্যাত মনীষী সকলৰ মুখত সদায়ে এটা ঈষত হাঁহি দেখা পোৱা যায়। এনে লাগে সেই হাঁহি যেন তেওঁলোকৰ মুখৰ এক বিশেষ অলংকাৰহে! আমাৰ হাঁহি আকৌ কেইবাপ্ৰকাৰৰ আছে - যেনে মিচিকিয়া হাঁহি, খোলা হাঁহি, লাজকুৰীয়া হাঁহি, কুটিল হাঁহি, বেঁকা হাঁহি  ইত্যাদি ইত্যাদি । কিছুমান মানুহে প্ৰাণ খুলি হাঁহে আৰু কিছুমান লোকে ভালকৈ নাহাঁহে। আমাৰ সমাজত ভালকৈ নহহা লোক গোমোঠা বুলিও অভিহিত কৰা হয়। ঠিক সেইদৰে বেছিকৈ হহা মানুহক আকৌ চেলপু বা পাতল স্বভাৱৰ বুলিও ভবা হয়। গোমোঠা বা চেলেপু দুয়ো ধৰণৰ ব্যক্তিক পিছে বেছিভাগ লোকেই ভাল নাপায়। তাতে আকৌ এষাৰ কথা আছে নহয় ' যি হাঁহিব নাজানে তেওঁ দেৱতা বা চয়তান।' মুঠৰ ওপৰত কবলৈ গ'লে এই হাঁহি নামৰ বস্তুটোৰ মহিমা অপাৰ।  মুখৰ এমোকোৰা হাঁহিয়ে মনটো প্ৰশান্তিৰে ভৰাই তোলাৰ লগতে আমাৰ স্বাস্থ্য ৰক্ষাও কৰে। ইংৰাজীত এষাৰ কথা আছে ' লাফিং ইজ দা বেষ্ট মেডিচিন ইন দা ৱৰ্ল্ড।' অৰ্থাৎ হাঁহিক সুস্বাস্থ্যৰ বাবে উৎকৃষ্ট ঔষধ বুলি আখ্যা দিয়া হৈছে। কেতিয়াবা পেট বিষাই যোৱাকৈ হাঁহি পাইছেনে  বাৰু?  


আপুনি যদি স্বাস্থ্যবান হৈ থাকিব খুজিছে তেন্তে প্ৰাণখুলি  হাঁহক । হাঁহিৰ মাহাত্ম্যৰ বাবেই এতিয়া পৃথিৱীৰ বহু ঠাইত লাফিং ক্লাব গঢ়ি উঠিছে। যান্ত্ৰীকতাৰে ভৰা জীৱনত আমি সকলোবোৰ ইমানেই ব্যস্ত যে প্ৰাণ খুলি হাঁহিবলৈ আমাৰ সময়ৰ অভাৱ। হাঁহিবলৈ পাহৰি যোৱাৰ বাবেই হয়তো আজি বহু লোক হতাশা, মানসিক অৱসাদগ্ৰস্ত। এনেবোৰ বৰ্ধিত সমস্যা লৈ  স্বাস্থ্যসচেতন বহু লোক উদ্বিগ্ন। হাঁহিয়ে আমাক সুস্বাস্থ্য প্ৰদান কৰাৰ লগতে বহু ৰোগৰ পৰাও বচাই ৰাখে। স্বাভাৱিক অথবা কৃত্ৰিম দুবিধ হাঁহিয়েই আমাক সুস্বাস্থ্য প্ৰদান কৰে। সেয়েহে স্বাভাৱিক ভাবে হাঁহিব নোৱাৰিলেও যাতে কৃত্ৰিম ভাবে হ'লেও হাঁহিব পাৰে তাৰ বাবেই এই লাফটাৰ ক্লাব সমূহ গঢ়ি উঠিছে। এই লাফটাৰ ক্লাব বা লাফিং ক্লাৱত কেতবোৰ বিশেষ 'যোগব্যায়াম'ৰ অনুশীলন আৰু হাঁহিৰ অনুশীলন কৰিবলৈ দিয়া হয়। প্ৰথমে কৃত্ৰিম হাঁহি আৰু তাৰ পিছত সেই হাঁহিয়েই স্বাভাৱিক হাঁহিলৈ পৰিৱৰ্তন হয়।হাঁহি নামৰ যাদুকৰী বস্তুটোৱে আমাৰ শাৰীৰিক আৰু মানসিক সুস্বাস্থ্য ৰক্ষাত কিদৰে সহায় কৰে বাৰু জানোচোন আহক:-

 Assamese Health Tips ) 




🍀🍀 হাঁহিয়ে আমাৰ মগজুৰ পৰা কেতবোৰ ৰাসায়নিক পদাৰ্থ নিঃসৰণ কৰাত সহায় কৰে যাক এণ্ডৰফিন বুলি কোৱা হয়। হাঁহিলে আমাৰ মুখৰ মাংসপেশীসমূহৰ সঞ্চালন হয় যিয়ে এই কাৰ্য্যত  অৰিহণা যোগায়। এই এণ্ডৰফিনৰ বাবেই আমাৰ মনবোৰ ভাল লাগে, সুখ অনুভৱ হয় আৰু দুখবোৰ পাতল হৈ পৰে। গতিকে হাঁহিয়ে আমাক মানসিক প্ৰশান্তি দিয়ে।

🍀🍀 হাঁহিৰ ফলত উৎপন্ন হোৱা 'এণ্ডৰফিন'ৰ বাবে শৰীৰত হোৱা বিষ কম হয়। অৰ্থাৎ হাঁহিয়ে 'নেচাৰেল পেইন কিলাৰ' হিচাবে কাম কৰে। সেয়েহে জীৰ্ণ বাতবিষত ভোগা ৰোগীয়ে হাঁহিলে সুফল পায়।

🍀🍀 এণ্ডৰফিনে কৰ্টিজল হৰমনৰ ক্ষৰণ কম কৰাত সহায় কৰে। এই কৰ্টিজল হৰমনক ষ্ট্ৰেছ হৰমন বুলি কোৱা হয় যি উচ্চ ৰক্তচাপ,  ষ্ট্ৰেছ আদিৰ মুখ্য কাৰণ। সেয়েহে হাঁহিয়ে ষ্ট্ৰেছ কম কৰাত মুখ্য ভূমিকা পালন কৰে।

🍀🍀 হাঁহিয়ে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু বিভিন্ন বেমাৰৰ পৰা বচাই ৰাখে। কাৰণ ই ৰোগ প্ৰতিৰোধকাৰী কোষ 'টি চেলৰ'( T cell) উৎপাদন বৃদ্ধি কৰে। হাঁহিয়ে কেঞ্চাৰৰ দৰে ৰোগো প্ৰতিৰোধ কৰিব পাৰে।

🍀 হাঁহিলে শৰীৰৰ বিভিন্ন মাংসপেশী বিশেষকৈ পেটৰ মাংসপেশী সংকুচিত আৰু প্ৰসাৰিত হয় যাৰ বাবে আমাৰ মাংসপেশী সক্ৰিয় হয় আৰু আমাৰ শৰীৰ সবল হয়। ই পেটৰ অতিৰিক্ত চৰ্বী কম কৰাটো ই সহায় কৰে।



🍀  উচ্চ ৰক্তচাপ প্ৰতিৰোধ কৰাতো হাঁহিয়ে সহায় কৰে। গৱেষণাৰ পৰা দেখা পোৱা গৈছে যে যি ব্যক্তিয়ে সদায় হাঁহি থাকে তেনে ব্যক্তিৰ উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা কম হয়। হাঁহিয়ে আমাৰ শৰীৰত ৰক্তসঞ্চালন বৃদ্ধি কৰে, ৰক্তবাহিকাত ৰক্তপ্ৰবাহ সুচল কৰে, ৰক্তচাপ কম কৰে , হাৰ্ট এতেক আদি সমস্যা প্ৰতিৰোধ কৰি হৃদপিণ্ড মজবুত কৰে। 'আমেৰিকান হাৰ্ট এছ'চিয়েচন 'ৰ মতেও হাঁহিয়ে আমাৰ হৃদপিণ্ড সবল কৰে। ই ধমনীৰ প্ৰদাহ ৰোধ কৰে আৰু শৰীৰৰ বাবে উপকাৰী HDL কলেষ্টৰল বৃদ্ধি কৰে। গতিকে দেখা যায় যে হাঁহিলে আমাৰ হৃদপিণ্ডৰ সুস্বাস্থ্য অটুট থাকে।  

🍀 হাঁহিয়ে আমাৰ শৰীৰৰ কোষ আৰু অংগসমূহত অক্সিজেনৰ সৰবৰাহ বৃদ্ধি কৰে যাৰ ফলত আমাৰ শৰীৰৰ অঙ্গসমূহৰ কাৰ্যক্ষমতা বৃদ্ধি হয়। হাঁহিলে আমাৰ মগজুৱেও অক্সিজেন পায় যাৰ বাবে মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি হয়, স্মৃতিশক্তি, বুদ্ধিমত্তা, একাগ্ৰতাও বৃদ্ধি হয়। অৰ্থাৎ হাঁহিয়ে আমাৰ দৈনন্দিন কাৰ্য্যত ধনাত্মক প্ৰভাৱ পেলায়।

🍀 হাঁহিয়ে 'প্ৰাকৃতিক এন্টিডিপ্ৰেছেন্ট' হিচাপে কাম কৰে। ' কাৰণ ই মানুহৰ 'মুদ' ভাল কৰে অৰ্থাৎ মনটো প্ৰফুল্লিত কৰে আৰু টোপনিও  বৃদ্ধি কৰে। সেয়েহে নিদ্ৰাহীনতা, ডিপ্ৰেছন আদিত ভোগা ৰোগীক 'লাফটাৰ থেৰাপি'য়ে বহু সকাহ দিয়ে।



🍀 হাঁহিৰ খং ৰাগ আদি ৰিপু সমূহ দমন কৰি ৰাখিব পৰা ক্ষমতা আছে। খং ৰাগ বেছি থকাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক। সেয়েহে খঙাল মানুহে হাঁহিবলৈ চেষ্টা কৰা উচিত যাতে খঙৰ প্ৰকোপৰ পৰা বাছি থাকিব পাৰে।

🍀 হাঁহিয়ে আমাৰ যৌৱনাৱস্থা অটুট ৰখাতো সহায় কৰে। অৰ্থাৎ হাঁহিয়ে আমাক দেখাত কম বয়সীয়া যেন কৰি ৰাখে। হাঁহিলে আমাৰ মুখৰ পোন্ধৰ বিধমান মাংসপেশীৰ সঞ্চালন হয়, মুখত তেজ চলাচল বৃদ্ধি হয় যাৰ বাবে আমাৰ মুখৰ কমনীয়তা বৃদ্ধি হয়, বয়সৰ চাপ নপৰে।

🍀 বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে হাঁহিয়ে মানুহক দীৰ্ঘায়ু কৰে। যিসকল ব্যক্তিয়ে প্ৰাণখুলি হাঁহে তেওঁলোকৰ আয়ুসকাল সঁচাই বৃদ্ধি হয়। 

🍀🍀🍀 হাঁহিৰ বিষয়ে বিজ্ঞানে এনে বহুতো চমৎকাৰী কথা ( তত্ব) উদ্ভাৱন কৰিছে যিবোৰ শুনি সকলোৱে হয়তো আকৌ হাঁহিৰ প্ৰেমত পৰিব । হাঁহিয়ে সমাজত আমাৰ পাৰস্পৰিক সম্পৰ্কবোৰ মধুৰ কৰি তোলে। এক কথাত কবলৈ গলে হাঁহিয়ে আমাৰ জীৱনটোৱেই সুন্দৰ কৰি তোলে , জটিলতাৰে ভৰা জীৱনটো সৰল সহজ  কৰি তোলে । আমি আমাৰ ভাল লগা কামবোৰ কৰিলে, ভাল লগা ব্যক্তিৰ লগত সময় কটালে , ভাল লগা চিনেমা এখন চালে মনবোৰ এনেয়ে ভাল লাগে। এনে কিছুমান কামৰ মাধ্যমেদি আমি অতি অনায়াসে আমাৰ মুখলৈ হাঁহি আনিব পাৰো। গতিকে নিজক ভালপোৱা প্ৰতিজন স্বাস্থ্যসচেতন মানুহেই ব্যস্ততাৰ মাজতো অকণমান সময় উলিয়াই  হাঁহিবলৈ শিকা উচিত। আহকচোন সকলোৱেই হাঁহিৰূপী এই অমৃত সুধা পান কৰো।

#ডাঃ ৰেইনী দেৱী( আয়ুৰ্বেদিক চিকিৎসক) BAMS( GU) 

গুৱাহাটী, ফোন- 7399114617

🍀লিখনিটো অসমীয়া খবৰ কাকতত ইতিমধ্যে প্ৰকাশিত।

এনেধৰনৰ স্বাস্থ্যজনিত লেখা আৰু পঢ়িবলৈ এই লিংকত ক্লিক কৰক - www.স্বস্থ্যবাৰ্তা.smj24.in



Assamese Health Tips

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আয়োৰ্বেদিক চিকিৎসক ৰেইনী দেৱী ডাঙৰীয়াণীৰ (যোগাযোগ - ৭৩৯৯১১৪৬১৭)আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  Assamese Health Tips ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


No comments:

Post a Comment

Advertisement

Pages