স্বাস্থ্য ৰক্ষাত কেঁচা আম : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, May 10, 2022

স্বাস্থ্য ৰক্ষাত কেঁচা আম : Assamese Health Tips

Assamese Health Tips

বতৰৰ কিছুমান ফল কেচা আৰু পকা দুয়োধৰণে খোৱা হয়। তেনে ফলৰ ভিতৰত 'ফলৰ ৰজা' আমৰ কথাই প্ৰথমে ক'ব লাগিব।Assamese Health Tips ) 


 আম গছত প্ৰথমে আম মলিয়াওঁতেই ( কলি ধৰোতেই) তাৰ ব্যৱহাৰ আৰম্ভ হয় । ব'হাগৰ বিহুৰ দুমাহীৰ দিনা ব্যৱহাৰ কৰা মাহ হালধি কণত আমৰ কলি এটা হলে সোনত সুৱগা চৰে। ঠিক সেয়াই আৰম্ভণি বুলি কব পাৰি। তাৰ পিছত আমকেইটা অলপ ডাঙৰ হলেই গছৰ পৰা আনি ঘৰৰ গৃহিণী সকলে আচাৰ , চাটনি, চালাড, মিঠা তক বা অম্বল, চৰবত আদি নানা ব্যঞ্জন বনায়। 


এয়া আমাৰ গাঁৱৰ এখন চিনাকি ছবি নহয়নে বাৰু? গৰমৰ দিনত কেঁচা আম চকলিয়াই লৈ বা ৰুকনিৰে ৰুকি নিমখ, তেল  আৰু জলকীয়া খোৱাৰ আমেজেই সুকীয়া। ল'ৰা, ছোৱালী, ডাঙৰ সকলোৰে প্রিয় এইবিধ । গৰম অহাৰ লগে লগে বতৰৰ উপযোগী বিভিন্ন টেঙা তোকোচা খোৱা হয় । পদিনা আৰু কেঁচা আমৰ চাটনিখনৰ সোৱাদৰ কথা ক'বই নালাগে, খাওঁতাজনে তকালি পাৰি খায়। ঠিক তেনেদৰে ক'লা নিমখ ,জীৰা গুৰি দি বনোৱা কেঁচা আমৰ চৰবত ভাৰতৰ বিভিন্ন ঠাইত জনপ্ৰিয় পানীয়। কেঁচা আমৰ পৰা বনোৱা ' আম পান্না' গৰমৰ এবিধ উপযোগী পানীয়। এই পানীয় প্ৰধানকৈ উত্তৰ ভাৰতত বেছি জনপ্রিয় । তীব্ৰ গৰমৰ প্ৰকোপৰ পৰা বাচিবলৈ 'আম পান্না' ঔষধি পানীয় হিচাবে সেৱন কৰা প্ৰথা চলি আহিছে। ইয়াৰ বৈজ্ঞানিক যুক্তিযুক্ততাও আছে। ঠিক তেনেকৈ কেঁচা আম 'আচাৰ' হিচাবে সংৰক্ষণ কৰা পৰম্পৰা অতীতৰে পৰা চলি আহিছে। আৱতৰত আমৰ আচাৰৰ জুতি অকণমান লৈ ভাত দুগৰাহমান বেছিকৈ খাব পাৰি। কেঁচা আমৰ পৰা বিভিন্ন প্ৰকাৰৰ মৰ্টন, কেণ্ডি আদিও বনোৱা হয়। 


মুঠৰ ওপৰত ক'বলৈ গ'লে কেঁচা আম আমাৰ সকলোৰে প্রিয়। জিভাক তৃপ্ত কৰাৰ উপৰিও কেঁচা আমে আমাৰ স্বাস্থ্য ৰক্ষাতো সহায় কৰে। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায় আৰু তাৰ উপৰিও কেলচিয়াম, মেগনেছিয়াম আৰু অন্য বহুতো উপাদান আছে । আমাৰ মনপচন্দৰ কেঁচা আমৰ কি কি গুণাগুণ আছে চাওঁচোন আহক:-



🍀গৰমৰ দিনত শৰীৰত হোৱা দিহাইড্ৰেচন ৰোধ কৰাত সহায় কৰে কেঁচা আমে। ই শৰীৰৰ পৰা অতিৰিক্ত ঘাম ওলাই যোৱাত বাধা দিয়ে । যিসকল ব্যক্তিৰ গৰমৰ দিনত ঘামচি ওলায় তেওঁলোকৰ বাবেও কেঁচা আম উপকাৰী। ইয়াৰ বাবে কেঁচা আমৰ চৰবত বেছি উপকাৰী। কেঁচা আম মিক্সিত পিচি ৰস উলিয়াই চেকনিৰে চেকি পানীত মিহলাই  সোৱাদ অনুসৰি ক'লা নিমখ আৰু চেনি বা মিছিৰি দি সেৱন কৰিব পাৰি। নিমখ , চেনি দি বনোৱা এই চৰবতে প্ৰাকৃতিক ORS ৰ দৰে কাম কৰে।

🍀 পেটৰ বিভিন্ন সমস্যা যেনে বদহজম, কৌষ্ঠকাঠিন্য, আভোক  আদিত কেঁচা আম উপকাৰী। ইয়াত থকা 'পেকটিন' এ পেটৰ বিভিন্ন সমস্যা নিৰাময় কৰে। কেঁচা আমে আমাৰ পাঁচনতন্ত্ৰৰ বিভিন্ন এনজাইম সক্ৰিয় কৰে । তদুপৰি অন্ত্ৰত প্ৰৱেশ কৰা অপকাৰী বেক্টেৰিয়া নাশ কৰাতো সহায় কৰে। ইয়াৰ বাবে কেঁচা আম, পদিনা , আদা দি বনোৱা চাটনিখন বেছি উপকাৰী।Assamese Health Tips ) 

🍀 কেঁচা আমে লিভাৰ কাৰ্য্যক্ষম কৰাতো সহায় কৰে। ই পিত্তৰস ক্ষৰণ বৃদ্ধি কৰে আৰু লিভাৰৰ এনজাইমৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰে। ফেতি লিভাৰৰ সমস্যাতো কেঁচা আম সেৱন কৰিব পাৰি।

🍀প্ৰচুৰ পৰিমাণে ভিটামিন চি থকাৰ বাবে কেঁচা আম দাঁতৰ সুস্বাস্থ্যৰ বাবে উপকাৰী। ই দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা সমস্যাত উপকাৰী। ইয়াৰ উপৰিও ই ভিটামিন চি অভাৱজনীত ৰোগ 'স্কাৰ্ভি' নিৰাময় কৰাত সহায় কৰে। 

🍀 ভিটামিন চি থকাৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ভিটামিন চি থকা বাবে তেজৰ ৰক্তকণিকা গঠনত উপকাৰী। ই ধমনীত ৰক্তপ্ৰবাহ সুচল কৰি তোলে।



☘️ কেঁচা আমে শৰীৰৰ বিপাকীয় ক্ৰিয়া খৰতকীয়া কৰে যাৰ বাবে শৰীৰৰ অতিৰিক্ত চৰ্বিৰ দহন সুকলমে হয়। ওজন নিয়ন্ত্ৰণ কৰে বাবে মেদবহুলতা সমস্যাত ভোগা লোকৰ বাবে কেঁচা আম উপকাৰী।

☘️কলেষ্টৰল সমস্যাতো কেঁচা আম উপকাৰী। ইয়াত থকা আঁহ, পেকটিন আৰু ভিটামিন চিয়ে কলেষ্টৰল কম কৰাত সহায় কৰে। সেয়েহে এই সমস্যাত ভোগা লোকে কেঁচা আম সেৱন কৰিব পাৰে।

🍀 ইয়াত থকা পতাচিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। সেয়েহে উচ্চ ৰক্তচাপ সমস্যা থকা লোকে কেঁচা আম সেৱন কৰিলে উপকৃত হয়।

🍀 ইয়াৰ উপৰিও ডায়েবেটিচ ৰোগীৰ বাবেও কেঁচা আম উপকাৰী। ডায়েবেটিচ ৰোগীয়ে নিয়মীয়াকৈ কেঁচা আম খাব পাৰে।

☘️ ভিটামিন চি থকাৰ বাবে ছাল, চুলিৰ সৌন্দৰ্য্য বৰ্ধনতো সহায় কৰে।

☘️☘️☘️ ইমান গুণ আছে বুলি জনাৰ পিছত কেঁচা আম নোখোৱাকৈ পাৰি জানো?এতিয়া কেঁচা আমৰ বতৰ। গতিকে কেঁচা আমৰ জুতি লওক আৰু সুস্বাস্থ্য অটুট ৰাখক।

#বি:দ্ৰ:- কেঁচা আমত থকা আঠাৰ বাবে কাতচিত কিছুমান ব্যক্তিৰ জিভাত এলাৰ্জি সদৃশ লক্ষণ দেখা দিব পাৰে। কেঁচা আম কাটোতে অলপ নিমখ দি ভালকৈ ধুই ললে তেনে সমস্যা নহয়। কেঁচা আম এবাৰতে অত্যাধিক পৰিমাণে খোৱা উচিত নহয়। ই পেটৰ সমস্যা সৃষ্টি কৰিব পাৰে। সৰু সৰু ল'ৰা ছোৱালীক খুব বেছিকৈ কেঁচা আম খাবলৈ নিদিব। 

#ডাঃ ৰেইনী দেৱী (আয়ুৰ্বেদিক চিকিৎসক)

BAMS ( GU) 

গুৱাহাটী,ফোন - 7399114617


এনেধৰনৰ স্বাস্থ্যজনিত লেখা আৰু পঢ়িবলৈ এই লিংকত ক্লিক কৰক - www.স্বস্থ্যবাৰ্তা.smj24.in



Assamese Health Tips

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আয়োৰ্বেদিক চিকিৎসক ৰেইনী দেৱী ডাঙৰীয়াণীৰ (যোগাযোগ - ৭৩৯৯১১৪৬১৭)আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  Assamese Health Tips ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages