গ্ৰীষ্মকালীন সমস‍্যাৰ ঘৰুৱা সামাধান : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, May 10, 2022

গ্ৰীষ্মকালীন সমস‍্যাৰ ঘৰুৱা সামাধান : Assamese Health Tips

 

Assamese Health Tips

গ্ৰীষ্মৰ দিনকেইটা আমি বৰ কষ্টেৰে অতিবাহিত কৰিব লগীয়া হয় নহয়নে বাৰু? প্ৰখৰ ৰ'দত ইতৰ প্ৰাণী, মানুহকে ধৰি সমস্ত জীৱৰে অন্ঠ কণ্ঠ শুকাই যায়।Assamese Health Tips ) 


জলবায়ুৰ লগত নিজকে খাপ খুৱাই চলিবলৈ আমি যিমান পাৰো চেষ্টা কৰো, তথাপি ঋতুজনীত কেতবোৰ সমস্যাই আমাক বাৰুকৈয়ে জ্বলাকলা খুৱায়। বিশেষকৈ ছালৰ কেতবোৰ  সমস্যা যেনে ৰ'দে  পোৰা ছাল ( sun burn) ঘামচি (prickly heat) , শৰীৰৰ দুৰ্গন্ধ ( body odour) আদিয়ে আমাৰ বহুতকে অশান্তি দিয়ে। ইয়াৰ ভিতৰত ঘামচি আৰু শৰীৰৰ দুৰ্গন্ধ এই দুটা   সমস্যা বেছিকৈ হোৱা দেখা যায় কাৰণ গৰমত আমাৰ ঘাম বেছিকৈ ওলায়। সেয়েহে গৰম দিনকেইটাত আমি অলপ সতৰ্কতা অৱলম্বন কৰি নিজৰ যত্ন লোৱা উচিত। কেতবোৰ ঘৰুৱা দিহাৰ প্ৰয়োগে আমাৰ এনেবোৰ সমস্যা উপশম কৰাত যথেষ্ট সহায় কৰে। গ্ৰীষ্মকালত হোৱা এই সাধাৰণ যেন লগা অথচ আমনিদায়ক সমস্যা আৰু সেইবোৰৰ উপশমৰ দিহা  হৈছে-

🍀🍀 ঘামচি:-  গ্ৰীষ্মকালত কেঁচুৱাৰ পৰা ডাঙৰলৈ প্ৰায়বোৰ মানুহে ভোগা এটি প্ৰধান সমস্যা হৈছে ঘামচি বা প্ৰিকলি হিট (prickly heat)। বেছিকৈ গৰম আৰু আৰ্দ্ৰতা থকা অঞ্চলত এনে সমস্যা হোৱা দেখা যায়। কিবা কাৰণত ঘৰ্মগ্ৰন্থিৰ বন্ধ হৈ ভালকৈ ঘাম ওলাব নোৱাৰা হলে ঘামচি ওলায়। যিসকল ব্যক্তি গৰমত বেছিকৈ ঘামি থাকে তেওঁলোক প্ৰধানকৈ এই সমস্যাত ভোগে। ঘামচিৰ চিটচিতনিত, খজুৱতিত ৰাতিও ভালকৈ টোপনি নাহে। শিশুসকল বিশেষকৈ নবজাতক সকলে বৰ আমনি কৰিবলৈ লয়। । নবজাতক সকলৰ ঘৰ্মগ্ৰন্থি ভালকৈ বিকাশ নোহোৱাৰ বাবে তেওঁলোকৰ সততে ঘামচি হোৱা দেখা যায়। নখেৰে খজুৱাই দিলে কেতিয়াবা বেক্টেৰিয়া বা আন বীজাণুৰ সংক্ৰমণ হৈ সমস্যা জটিল হৈও পৰে । এনে অশান্তিদায়ক ঘামচি বা প্ৰিকলি হিট উপশমৰ কেইটিমান সৰু সুৰা ঘৰুৱা দিহা হৈছে:--

🌿 চিন্থেতিক ( synthetic clothes) কাপোৰ পৰিধান নকৰি কটন বা কপাহী কাপোৰ পৰিধান কৰক। বিশেষকৈ শিশুসকলক পৰাপক্ষত কপাহী কাপোৰ পিন্ধোৱা উচিত। 

🌿 নিতৌ পৰিষ্কাৰ পানীৰে স্নান কৰক। গা ধোৱা পানীত কেইটোপালমান নেমুৰ ৰস দিব পাৰে। নাইবা নিমপাত সিজোৱা পানীৰে গা ধুব পাৰে। নেমু,নিম আদিৰ বীজাণু নাশক গুণ আছে বাবে ছালৰ বিভিন্ন সমস্যাত উপকাৰ দিয়ে। গৰম বেছি হোৱাৰ সময়ত বা বাহিৰৰ পৰা আহি তৎক্ষণাত স্নান নকৰাই ভাল। অন্যথা সমস্যা বাঢ়িহে যোৱাৰ সম্ভাৱনা বেছি হয়। স্নানৰ পিছত শুকান পাউদাৰ সানিব পাৰে। শিশুসকলৰ বাবে বেবী পাউদাৰ উপযোগী । প্ৰয়োজন অনুসৰি চিকিৎসকৰ পৰামৰ্শ ল'ব পাৰে।

🌿 গৰমৰ দিনত তেলযুক্ত প্ৰসাধন সামগ্ৰী বা oil based cosmetics ব্যবহাৰ নকৰিব। এইবোৰে ঘৰ্মগ্ৰন্থি বন্ধ কৰি ঘাম ওলোৱাত বাধা প্ৰদান কৰে। 

🌿 প্ৰাকৃতিক উপদানেৰে তৈয়াৰী বিভিন্ন প্ৰকাৰৰ থলুৱা চৰবত যেনে নেমু, থেকেৰা, বেল আদি বতৰৰ ফলৰ চৰবত , ডাবৰ পানী, কুঁহিয়াৰ ৰস আদি সেৱন কৰক। 

🌿 তেলযুক্ত বা চৰ্বিযুক্ত খাদ্য, ভজা, জ্বলা, মচলা দিয়া খাদ্য কমাই খাওক। ইয়াৰ সলনি চালাড, বতৰৰ ফলমূল ,শাক পাচলি,পানী বেছিকৈ খাওক ।

🌿 গোলাপ জল কপাহেৰে আক্ৰান্ত অংশত লগাওঁক। ই ছালৰ PH ভাৰসাম্যতা ৰক্ষা কৰে, শৰীৰৰ অত্যাধিক তেল শোষণ কৰে।

🌿 চন্দনৰ গুৰি গোলাপ জল বা গাখীৰৰ লগত মিহলাই পেক হিচাবে পোন্ধৰ মিনিট সময় লগাই ধুই পেলাওক। চন্দনে শৰীৰৰ ঠাণ্ডা প্ৰভাৱ পেলায়। বেচনৰ গুৰিও একেদৰে ব্যৱহাৰ কৰিব পাৰি।

🌿 মূলতানি মাটি, গোলাপ জল বা গাখীৰ দি পেক হিচাবে আক্ৰান্ত অংশত লগাওঁক। এই পেকৰ লগত পদিনা, তুলসী, নিম পাত পিচি দিবও পাৰে । 

🌿 আক্ৰান্ত অংশত দৈ ব্যৱহাৰ কৰিলেও সুফল পাব। পোন্ধৰ মিনিট সানি ঠাণ্ডা পানীৰে ধুই পেলাওক।

🌿 ছালকুঁৱৰী বা এল'ভেৰা জেল ব্যবহাৰ কৰিলেও সুফল পোৱা যায়।

🌿 চাবোনৰ সলনি মাজে মাজে মাটিমাহ, কেঁচা হালধি পিচি লৈ তাৰ সৈতে দৈ আৰু বেচন মিহলাই কিছু সময় গাত সানি গা ধুই পেলাওক।

 ☘️ইয়াৰ উপৰিও চিকিৎসকৰ পৰামৰ্শ অনুসৰি কেলামাইন লোচন ( calamine lotion) ব্যৱহাৰ কৰিব পাৰে বা অন্য ঔষধি সেৱন কৰিব লগীয়া হব পাৰে।

🍀☘️শৰীৰৰ দুৰ্গন্ধ:- গৰম দিনত বহুসংখ্যক লোকে সন্মুখীন হোৱা অন্য এটা সমস্যা হৈছে গাৰ দুৰ্গন্ধ। এইটো সমস্যাই যে কেৱল ভুক্তভোগীকে অশান্তি দিয়ে তেনে নহয়, বৰঞ্চ অন্য লোককো অস্বস্তিত পেলায়। গাৰ দুৰ্গন্ধ থকা আপোনাৰ প্ৰিয়জনো কেতিয়াবা অপ্ৰিয় যেন লগা হৈ পৰে। শৰীৰৰ দুৰ্গন্ধ থকা লোকজনে হীন্যমান্যতাত ভোগে আৰু একপ্ৰকাৰ মনোকষ্টত থাকে বুলি ক'লেও ভুল নহয়। প্ৰতিজন ব্যক্তিৰ শৰীৰৰ এক বিশেষ প্ৰকাৰৰ গোন্ধ থাকে যিটো স্বাভাৱিক। শৰীৰৰ এপ'ক্ৰাইন নামৰ ঘৰ্মগ্ৰন্থিৰ বাবে এই গোন্ধ পোৱা যায়। কেতবোৰ কাৰণত কিছুমান ব্যক্তিৰ শৰীৰৰ দুৰ্গন্ধ হোৱা দেখা যায়। যিসকল ব্যক্তি অত্যাধিক ঘামি থাকে, যি বৰ বেছি চাফ চিকুণ নহয় তেনে ব্যক্তি, নাইবা পিয়াজ নহৰু ,মচলা জাতীয় খাদ্য বেছি খোৱা ব্যক্তিৰো এই সমস্যা হয়। বয়সন্ধিৰ সময়চোৱাতো বহুতৰে এই সমস্যা হোৱা দেখা যায় হয়। কিন্তু গৰমৰ দিনত সমস্যা হোৱাৰ প্ৰধান কাৰণ হৈছে বেক্টেৰিয়া জনীত সংক্ৰমণ। ঘাম আৰু বীজাণুৰ সংক্ৰমণ দুয়োটা মিলিয়ে এই সমস্যা বৃদ্ধি কৰে। দুৰ্গন্ধ ওলোৱা শৰীৰৰ প্ৰধান অংশ হৈছে প্ৰধানকৈ কাষলতিৰ তল(under arms) আৰু ভৰি । কাষলতিৰ তলৰ দুৰ্গন্ধ বা শৰীৰৰ দুৰ্গন্ধ আঁতৰাবলৈ আজিকালি বহুতে বডী স্প্রে বা দিঅ'ৰ ( deodorant) ব্যৱহাৰ কৰে যদিও এইবোৰ সামগ্ৰী এই সমস্যাৰ স্থায়ী সমাধান নহয়। এই সমস্যাত ভোগা লোকে কেতবোৰ সতৰ্কতা অৱলম্বন কৰিলে আৰু ঘৰুৱা দিহা ব্যৱহাৰ কৰিলে এই সমস্যাৰ বহু পৰিমাণে উপশম হয়।   Assamese Health Tips ) 


তেনে কেইটামান দিহা হৈছে-- 

☘️নিতৌ স্নান কৰি চাফ চিকুণ হৈ থাকিব লাগে। স্নান কৰা পানীত নেমুৰ ৰস, পদিনা, নিম আদি দি লব পাৰে। এইবোৰ বস্তুৰ বেক্টেৰিয়ানাশক গুণ থাকে যিয়ে শৰীৰৰ দুৰ্গন্ধ কম কৰাত সহায় কৰে।

☘️ কাষলতিৰ তলত থকা নোমবোৰ শ্বেভিং কৰি ৰাখিব লাগে। আৰু নিতৌ চাবোনেৰে পৰিষ্কাৰ কৰি ৰাখিব লাগে। গা ধোৱাৰ পাছত টাৱেলেৰে শুকানকৈ মুচি পেলাব লাগে।

☘️ ভুক্তভোগীয়ে কপাহী কাপোৰ পৰিধান কৰা উচিত যাতে বতাহ চলাচল ভালকৈ হয় ঘাম ওলাওঁতে বাধা নাপায়। পিন্ধা কাপোৰ পৰিষ্কাৰকৈ ধুই পিন্ধা উচিত।

☘️ জালুক, পিয়াঁজ, নহৰু, অন্য গৰম মছলাযুক্ত খাদ্য, চ'দাযুক্ত পানীয়, মদ্যপান কমাই সেৱন কৰিব লাগে।

🍀নেমু এটুকুৰা কাটি লৈ কাষলতিৰ তলত কিছু সময় ঘঁহক।  নেমুৱে দুৰ্গন্ধ সৃষ্টি কৰা বেক্টেৰিয়া নাশ কৰে।

🍀নেমুৰ ৰস আৰু গোলাপ জল সমপৰিমাণত লৈ স্প্রে কৰিব পৰা বটল এটাত ভৰাই থওক।  গা ধোৱাৰ পাছত শৰীৰৰ যি অংশৰ পৰা বেছি দুৰ্গন্ধ ওলায় সেই অংশত স্প্রে কৰক।

🍀বেকিং চ'দা আৰু বেচন সমপৰিমানত লৈ অলপ পানী দি লেপ এটা বনাই আক্রান্ত অংশত পাঁচ মিনিট মান লগাই ধুই পেলাওক।

🍀এল'ভেৰাৰ ভিতৰৰ জেল খিনি উলিয়াই কাষলতিৰ তলত ঘঁহি কেইঘণ্টামান ৰাখি তাৰ পিছত ঠাণ্ডা পানীৰে ধুই পৰিষ্কাৰ কৰিব পাৰে। 

☘️☘️ভৰিৰ_দুৰ্গন্ধ:- ভৰিৰ দুৰ্গন্ধ বহু ব্যক্তিৰ এটি প্ৰধান সমস্যা। এই সমস্যা বিশেষকৈ বেছিকৈ ঘামি থকা ব্যক্তি বা অনবৰতে জোতা পিন্ধি থকা ব্যক্তি অৰ্থাৎ যিসকলে অফিচ, স্কুল বা অন্য ব্যৱসায়িক প্ৰতিষ্ঠানত কাম কৰে তেওঁলোকৰ বেছিকৈ হোৱা দেখা যায়। তাতে গৰম দিনতটো কথাই নাই, সমস্যাতো ভূতৰ ওপৰত দানহ পৰাদি বৃদ্ধি হয়। কেতবোৰ সতৰ্কতা অৱলম্বন কৰিলে আৰু দিহা মানি চলিলে এই সমস্যাত ভোগা লোকে নিশ্চয় সুফল পাব।

☘️ একেজোৰ জোতা সঘনাই নিপিন্ধিব। কাৰণ জোতাত লাগি থকা ঘামবোৰ ভালকৈ নুশুকায় যাৰ ফলত জোতাযোৰ গোন্ধাবলৈ ধৰে। মাজে মাজে জোতাযোৰ ভালকৈ ধুই ৰ'দত দিব। মোজাযোৰো ভাল হব লাগে যাতে বতাহ চলাচল কৰাত কোনো অসুবিধা নহয়।

☘️ ভৰিকেইটা সদায় চাফাকৈ ৰাখক। ইয়াৰ বাবে ভাল চাবোনেৰে ভৰিকেইটা পৰিষ্কাৰ কৰিব পাৰে।

☘️ ভৰিত শুকান তেলকাম পাউডাৰ সানি শুকানকৈ ৰাখিব পাৰে। নাইবা অলপ বেকিং চ'ডা জোতাৰ ভিতৰত ছটিয়াই লৈ জোতা পিন্ধক।

☘️ নেমু এটা দুফাল কৰি ভৰিত ঘঁহি দিয়ক কিছু সময়ৰ বাবে।  তাৰ পিছত পানীৰে ধুই পেলাওক। নেমুৰ বেক্টেৰিয়ানাশক গুণ আছে যাৰ বাবে এই সমস্যাত সুফল দিয়ে।

☘️ এভাগ ভিনেগাৰ, দুভাগ পানী  মিহলাই ভৰিকেইটা কিছুসময় ডুবাই ৰাখক। তাৰ পিছত শুকান কাপোৰেৰে মুচি পেলাওক।

🍀 ঋতু অনুযায়ী আমি প্ৰত্যেকেই আহাৰ বিহাৰ , পিন্ধন উৰণ আদি কৰা উচিত। ঋতু পৰিবৰ্তনৰ সময়ত জলবায়ুৰ পৰিবৰ্তন হয় যাৰ বাবে আমাৰ শৰীৰে এনেধৰণৰ ঋতুজনীত সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। ইয়াৰ নিৰাময়ৰ উপায়ো প্ৰকৃতিতে লুকাই আছে। প্ৰকৃতিৰ বুকুত উপলব্ধ বহুতো প্ৰাকৃতিক সামগ্ৰীৰে আমি ঋতুজনীত এনে বহু সমস্যা নিবাৰণ কৰিব পাৰো। প্ৰাচীন কালত প্ৰাকৃতিক সামগ্ৰীৰেহে সৌন্দৰ্য্য চৰ্চা, ঋতুচৰ্যা কৰা হৈছিল । এনেবোৰ প্ৰাকৃতিক দ্ৰব্যৰ পাৰ্শ্বক্ৰিয়াও নাই বুলিয়ে ক'ব পাৰি। তথাপি সংবেদনশীল ছালৰ গৰাকীয়ে ওপৰত উল্লিখিত প্ৰাকৃতিক সামগ্ৰী ব্যৱহাৰ কৰোতে অলপ সতৰ্ক হোৱা উচিত। বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে আমি পাকঘৰত ব্যৱহাৰ কৰা সাধাৰণ সামগ্ৰী কিছুমানেৰেও আমি আমাৰ বহু ৰোগ উপশম কৰিব পাৰো। গৃহিনীৰ আখল শুৱনি কৰাৰ উপৰিও পৰিয়ালৰ সকলোৰে স্বাস্থ্য ৰক্ষা আৰু ৰোগ নিৰাময় কৰাত এইবোৰ সামগ্ৰীৰ অৱদান সঁচাই অতুলনীয়।

#ডাঃ ৰেইনী দেৱী( আয়ুৰ্বেদিক চিকিৎসক)

BAMS ( GU)

গুৱাহাটী, ফোন- 7399114617


এনেধৰনৰ স্বাস্থ্যজনিত লেখা আৰু পঢ়িবলৈ এই লিংকত ক্লিক কৰক - www.স্বস্থ্যবাৰ্তা.smj24.in



Assamese Health Tips

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আয়োৰ্বেদিক চিকিৎসক ৰেইনী দেৱী ডাঙৰীয়াণীৰ (যোগাযোগ - ৭৩৯৯১১৪৬১৭)আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ।  Assamese Health Tips ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages