গোপীনাথ বৰদলৈৰ জীৱনৰ বিশেষ কথা : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, May 30, 2022

গোপীনাথ বৰদলৈৰ জীৱনৰ বিশেষ কথা : Assamese Fact

Assamese Fact


১. ১৯১৪ চনৰ কোনোবা এটি দিনত কটন কলেজ(এতিয়াৰ বিশ্ববিদ্যালয়)ত অধ্যক্ষৰ অনুমতি লৈ দুখন নাটক মনস্থ কৰা হৈছিল ,ইয়াৰে এখন আছিল জুলিয়াছ চিজাৰ। এই নাটকখনৰ এটা চৰিত্ৰ" এণ্টনী"ৰ ভাও লৈছিল এজন বিশেষ ছাত্ৰই,এই ছাত্ৰজনেই হৈছে গোপীনাথ বৰদলৈ। ( Assamese Fact )


২. জুলিয়াছ চিজাৰ নাটকখনৰ মাত্ৰ তিনিটা দৃশ্য অতিক্ৰম হৈছে,তেনেতে গোপীনাথ বৰদলৈ সম্পৰ্কে ছৌ ঘৰৰ পৰা বিশেষ বার্তা ভাঁহি আহিল। বার্তাটো আছিল "We are very glad to announce that we have just received information that Gopinath Bordaloi who is playing the role of Antonio has successfully passed M.A examination securing higher second class in History from kolkata university..সকলোৱে এই খবৰত জাওৰিয়ে জাওৰিয়ে হাত চাপৰি বজাইছিল(নাটকখন কৰাৰ কিছুদিন আগত বৰদলৈদেৱে M.A ৰ পৰীক্ষা দি আহিছিল)


৩. ছাত্ৰ গোপীনাথ বৰদলৈয়ে জুলিয়াছ চিজাৰ নাটকখন কৰি থকাৰ সময়ত আন এজন ছাত্ৰই উক্ত উল্লেখিত নাটকখন উপভোগ কৰি আছিল,দৰ্শক হিচাপে বহি থকা ছাত্ৰজন আছিল খ্যাতসম্পন্ন অসমীয়া"কৃষ্ণকান্ত সন্দিকৈ"।


৪. অধিবক্তা,পৰৱৰ্তী সময়ৰ বিধায়ক"গৌৰীশংকৰ ভট্টাচাৰ্যই গোপীনাথ বৰদলৈ সম্পৰ্কে কৈছিল -অসমত কংগ্ৰেছক লৈ অনা বা মহাত্মা গান্ধীক অসম পৰিচয় কৰাই দিয়াত প্রথম শাৰীৰ নেতাৰ তালিকাত গোপীনাথ বৰদলৈ নাথাকে,হয়তো থাকিব নবীন বৰদলৈ, তৰুণৰাম ফুকন,ৰোহিনীকান্ত,চন্দ্ৰনাথ শৰ্মা। কিন্তু ভাৰতত বৃহৎ মহাজাতিক সমাজৰ ভিতৰত অসমক শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰা,মহাত্মা গান্ধীক অসমৰ প্ৰতি বিশেষ উপলব্ধি কৰোৱা ইত্যাদি ক্ষেত্ৰত প্ৰথম স্থানৰ নেতা হিচাপে চিৰদিন থাকিব "গোপীনাথ বৰদলৈ"।


৫. ভয় খুৱাবলৈ ১৯৪৬চনৰ (অসম আৰু অসমীয়াৰ বাবে অসমৰ ৰাজনৈতিক ইতিহাসৰ আটাইতকৈ বৃহৎ পৰীক্ষা) নিৰ্বাচনৰ আগে আগে বিৰোধী দলৰ ছৈয়দ ছাদ্দুলাই কৈছিল - গোপী ,তুমি কেনেকৈ কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি কল্পনা কৰিছা?মোৰ হাতৰ মুঠিত ৩৪জন মুছলমান,৯জন ইউৰোপীয়,৫জন মজদুৰ,৭জন জনজাতীয় নেতা আছে,তাৰোপৰি আছে তোমালোকৰ(গোপীনাথ) বিভীষণবিলাক। গতিকে তোমাৰ সংখ্যাগৰিষ্ঠতা এটা অলীক কল্পনা।

       তেতিয়া গোপীনাথ বৰদলৈ নীৰৱে থাকিল,কোনো প্ৰতিক্ৰিয়া নাছিল। অৱশেষত নিৰ্বাচনৰ ফলাফল আছিল কংগ্ৰেছে লাভ কৰিলে ১০৮খন আসনৰ ভিতৰত ৫৮খন ,এই বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল একমাত্র "গোপীনাথ বৰদলৈ"ৰ নেতৃত্ব আৰু বুদ্ধিমত্তাৰ বাবে।( Assamese Fact )


৬. গোপীনাথ বৰদলৈয়ে যাতে অসমৰ বাবে সাহসেৰে যুঁজিব পাৰে,তাৰ বাবে এজন বিশেষ অসমীয়া ব্যক্তিয়ে সহায় আৰু সহযোগ কৰিছিল,ব্যক্তিজন আছিল ভীমবৰ দেউৰী।


৭. চেয়াৰমেন হিচাপে যেতিয়া The North East Frontier (Assam)Tribal and Excluded various sub-committee কৰ্মৰত আছিল, তেতিয়া ১৯৪৭চনৰ ২৮জুলাইত এক বিশেষ প্ৰতিবেদন দাখিল কৰিছিল,তাতে প্ৰকাশ পাইছিল বৰদলৈদেৱৰ অসমৰ পাহাৰ-ভৈয়াম,জাতি-জনজাতি সকলোৰে প্ৰতি থকা সদভাৱ আৰু আন্তৰিকতা। 

      আৰম্ভণিৰে পৰা গোপীনাথ বৰদলৈদেৱে অসমৰ বাবে সুকীয়া উচ্চ ন্যায়ালয় আৰু বিশ্ববিদ্যালয়ৰ কথা দাবী কৰিছিল।তেওঁৱেই অসমত স্থাপন কৰিছিল প্ৰথম চিকিৎসা মহাবিদ্যালয়।


৮. যোৰহাটৰ কাৰাগাৰত ২বছৰ কাৰাবন্দী হৈ আছিল"গোপীনাথ বৰদলৈ"। তাতে তেওঁ লিখিছিল গ্ৰন্থ- বুদ্ধদেৱ , হজৰত মহম্মদ ইত্যাদি।


৯.  ১৯৪৮ চনৰ ৮এপ্ৰিলত মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈয়ে তেতিয়াৰ গৃহমন্ত্ৰী বল্লভভাই পেটেললৈ

এখন চিঠি লিখিছিল-"I am in a very bad heatth,my heart is possible damaged beyond repaired.Even normal activities bring my heart beat to 100 to 110 per minute..(বৰদলৈদেৱে দিনত ৮/১০ঘন্টাতকৈ বেছি কাম কৰিব পালেহে সন্তুষ্টি পাইছিল)


১০. দুইদিন পিছত গৃহমন্ত্ৰী পেটেলে উত্তৰ দিছিল- দুঃখিত বৰদলৈ ডাঙৰীয়া,আপোনাৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিব নোৱাৰিম,অসমৰ জনতাক আপোনাৰ প্ৰয়োজন আছে আৰু জনতাই আপোনাক বিচাৰে। আপুনি নিজৰ স্বাস্থ্যৰ যতন ল'ব।


১১. মুখ্যমন্ত্ৰী হিচাপে গোপীনাথ বৰদলৈয়ে দৰমহা পাইছিল ২০০০ টকা,ইয়াৰে ৫০০ টকাকৈ চৰকাৰৰ ৰাজকোষত জমা দিছিল।


১২. মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ মৃত্যৰ পিছৰ সকাম আদ্যশ্ৰাদ্ধ পতাৰো অসুবিধা হৈছিল বৰদলৈৰ পৰিয়ালৰ।

   পৰৱৰ্তী সময়ত "গোপীনাথ বৰদলৈ"ৰ পৰিয়ালৰক দিয়া হৈছিল ১০,০০০টকা আৰু সন্তানৰ পঢ়া-শুনাৰ বাবে জলপানিৰ ব্যৱস্থা কৰা হৈছিল।


বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় নৱজ্যোতি কাশ্যপ ডাঙৰীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

1 comment:

Advertisement

Pages